মানুহজনীক তাইৰ কথা সােধাত অসুখ বুলি ক’লে। ঋষিতে তাইৰ অসুখৰ খবৰ ল’বলৈ ওলাইছিল, কাম কৰা মানুহজনীয়ে ক’লে যে তাই এতিয়া শুইছে। গতিকে আমনি নকৰাই ভাল। ঋষিতে আৰু একো নক’লে৷
কাইলৈ চাব্বিছ জানুৱাৰী। গণৰাজ্য দিৱস। চিয়াচেনতাে উদ্ যাপন কৰা হ’ব। তলতীয়া অফিচাৰসকলক প্রয়ােজনীয় নির্দেশ দি ঋষিতে পতাকা উত্তোলনৰ ঠাইখিনি পৰিদৰ্শন কৰিলে। এজন বিষয়াক সি গণৰাজ্য দিৱস উদ্ যাপন ব্যৱস্থাপনাৰ ইনচার্জ পাতি দিছে। তেওঁৰ পৰা প্রয়ােজনীয় তথ্যখিনি লৈ সি পুনৰ কেম্পলৈ খােজ ল’লে। হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ পিছতে ঋষিতে ততাতৈয়াকৈ কাঞ্চনজংঘা বগাবলৈ গুচি গৈছিল। তাৰ পিছত আহি নেচনেল ডিফেন্স একাডেমীৰ প্ৰৱেশ পৰীক্ষাত বহিল। নেচনেল ডিফেন্স একাডেমীত ছিট পােৱাটো তাৰ এটা ডাঙৰ সপােন। একাডেমীত ছিট পালে সি তাৰ এডভেন্সাৰ প্রিয় মনটোক প্রকৃত বাট দিব পাৰিব। এন. ডি. এ ৰ এন্ট্ৰেন্স পৰীক্ষা দিয়েই সি পেহী, মাহী, মামা আদিৰ ঘৰত ফুৰিবলৈ ওলাই গৈছিল। মাকহঁতেই পঠাইছিল তাক। হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত সি যদি বাহিৰত পঢ়িবলৈ যায় সম্বন্ধীয় মানুহবােৰৰ ঘৰত ফুৰিবলৈ সময় নাপাব আৰু এনেকৈ আহ-যাহ নকৰোঁতে নকৰোঁতে আত্মীয়ৰ ল’ৰা-ছােৱালীয়ে এসময়ত ইটোৱে সিটোক নিচিনা হ’বগৈ।
ঋষিতৰ ফুৰিবলৈ পাই ভালেই লাগিছিল। পৰীক্ষাৰ ৰিজাল্টৰ সময়ো চমু চাপি আহিছিল। এনেকুৱা টেনচনৰ সময়ত ঘৰত থাকি মনটো থৌকি-বাথৌ লাগি থকাতকৈ ঘূৰি ফুৰি ব্যস্ত থকাই ভাল। মামাকহঁতৰ ঘৰত থাকোতেই তাৰ পৰীক্ষাৰ ৰিজাল্ট ওলাইছিল। মামাকহঁতক ৰােল নম্বৰটো সি দিয়া নাছিল। মনে মনে গৈ চাই আহিছিল সি ৰিজাল্টটো। উভতি আহােতে অৱশ্যে সি স্কুটাৰৰ ডিকি ভৰাই মিঠাইৰ টোপােলা আনিবলৈ পাহৰা নাছিল। ফিজিক্স, কেমিষ্ট্রি আৰু মেথমেটিকছত লেটাৰ পাই পাছ কৰিছিল সি। মামাকৰ ঘৰতে এটা পার্টি হৈছিল। মাকহঁতে তাক ফোন কৰি ঘৰলৈ মাতিছিল। ঘৰলৈ হেনাে মানুহে তাৰ পৰীক্ষাৰ খবৰ কৰিবলৈ আহি আছে অথচ পৰীক্ষার্থী গৈ মামাকৰ ঘৰত ফস্তি মাৰি আছে। মাকৰ কথাত মামাকে তাক ঘৰলৈ পঠাই দিছিল।
: ঐ চোৰ, কলৈ পলাইছিলি? ৰিক্সাৰ পৰা ঘৰৰ গেটৰ সন্মুখত নামিবলৈ লওঁতেই তাৰ লগৰ অমিতাভে বাইকখন তাৰ সন্মুখত ৰাখিছিলহি সি আৰ্টছৰ পৰীক্ষা দিছে। দাদাকে কিনা নতুন বাইকখন লৈ সি ‘চাল’ দি ফুৰিছে।
: তােক কেলেই!– ঋষিতে ৰিক্সাৰ পৰা নামি কৈছিল— ব’ল, বহিবি।
: নাই দোস্ত, নবহোঁ। — অমিতাভে বাইকৰ এক্সিলেটৰডাল এনেয়ে পকাই তাৰ বীৰত্ব ঘােষণা কৰি কৈছিল— সেই বাটতে আমাৰ পিয়নজনক পালোঁ। তােৰ নামত ৰেজিষ্টার্ড লেটাৰ এখন আছিল। ময়েই চহী কৰি লৈ ল’লোঁ। এইখন ল। চিঠিখন দিয়েই অমিতাভ বিজুলী গতিৰে আঁতৰি গৈছিল। ঋষিতে খামটোৰ ওপৰত চকু ফুৰাইছিল তাৰ বুকুৰ উশাহ যেন বন্ধ হৈ গৈছিল— চিঠিখন আহিছে এন. ডি. এ.ৰ পৰা।
গেটতে বেগটো পেলাই সি খামটো খুলিছিল খামৰ ভিতৰত এখন চিঠি আৰু এখন মার্কশ্বিট আছিল। সি এন ডি এত ছিট পাইছে। দহটা দিনৰ ভিতৰতে পুনেৰ খাডাক ভাচলাত অৱস্থিত একাডেমী কেম্পাছত ৰিপ’ৰ্ট কৰিব লাগে।
: মা! বেগটো গেটত তেনেকৈয় এৰি থৈ সি বাৰাণ্ডাত উঠিছিলগৈ। কলিং বেলত একেৰাহে হেঁচি