পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 —তাই তাৰ কোনাে কথাকে ছিৰিয়াছলি নলয়। তাইৰ কিবা অঘটন ঘটে বুলি সিহে সদায় দুৰ্ভাৱনাত ভোগে৷

 : দাদা। অনুলেখে টলকিব পৰাৰ আগতে পূবালীমা তাৰ গাত আহি ঢলি পৰিছিলহি। তাই তাক আঁকোৱালি ধৰি আকৌ কান্দিবলৈ আৰম্ভ কৰিলে। টপ টপ কৰে অনুলেখৰ চকুলাে সৰিবলৈ আৰম্ভ কৰিলে। সি এই মুহূর্তত পূবালীমাক সান্ত্বনা দিবলৈ অলপাে প্রস্তুত নাছিল। শ্বেমিমে অনুলেখ আৰু পূবালীমালৈ চাই থাকিল। তায়াে কিজানি দাদা-ভগ্নীৰ বিচ্ছেদৰ জ্বালা অনুভৱ কৰিব পাৰিছে।

 ৰভাত বহি থকা সকলোৱে অনুলেখ আৰু পূবালীমালৈ চালে৷ অনুলেখে নিজক সংযত কৰাৰ চেষ্টা কৰিলে। চিঞৰি চিঞৰি কান্দি থকা ভনীয়েকজনীক সি প্রবােধ দিয়াৰ কোনাে ভাষাই বিচাৰি পােৱা নাই।। বাকহীন সময়। অন্তৰ ভাষাৰে ভৰি গ’লে মানুহ হেনাে বাকৰুদ্ধ হৈ পৰে। তথাপি সি তাইক সান্ত্বনা দিবই লাগিব৷

 হঠাৎ এটা বুদ্ধি মনত খেলালে অনুলেখ। সি ভনীয়েকৰ মুখখন তাৰ মুখৰ আগত দাঙি ধৰিলে। তাৰ পিছত শ্বেমিমলৈ দেখুৱাই ক’লে—তইনাে ইমানকৈ কিয় দুখ কৰিছা? দেখা নাই মােৰ যত্ন ল’বলৈ মােৰ কাষত তােৰ হ’বলগা নবৌয়েৰ আহি কেতিয়াবাৰে পৰা বহি আছে।

 অনুলেখৰ কথাত পূবালীমা খুউব আচৰিত হৈছিল। কান্দোন বন্ধ কৰি তাই নিষ্পলক দৃষ্টিৰে শ্বেমিমলৈ চালে। তাৰ পিছত উচুপি উচুপি ক’লে — সঁচা দাদা! তুমি ধেমালি কৰা নাইতাে ?

 : ধেমালি কৰিছোঁ যদি তাইকে সােধচোন!—

 শ্বেমিমলৈ ইংগিত কৰি সি কৈছিল—তােক ছাৰপ্রাইজ দিবলৈকে ইমানদিনে কথাটো কোৱা নাছিলোঁ।

 : সঁচা। পূবালীমাৰ মুখমণ্ডলত আনন্দৰ ৰেঙণি এটি ফুটি উঠিছিল।

 : বা!— শ্বেমিমক তাই সম্বােধন কৰিছিল— তােমাৰ নামটো কি কোৱানা।

 : শ্বেমিম।— শ্বেমিমে পূবালীমাৰ মূৰত আলফুলে হাত ফুৰাই কৈছিল। শ্বেমিমে অলপ লাজো কৰিছিল।

 : শ্বেমিম! – শ্বেমিম কি? প্রায় উচাপ খােৱাৰ দৰে পূবালীমাই প্রশ্ন কৰিছিল।

 : শ্বেমিম ৰহমান! শ্বেমিমে কৈছিল।

 : হাঁ!– পূবালীমাৰ কান্দোনত ফুলি থকা দুচকুতাে অনুলেখে এটা অস্বাভাৱিক প্রতিক্রিয়া ধৰিব পাৰিছিল।

 মাকে আহি পূবালীমাক অনুলেখৰ কাষৰ পৰা লৈ গৈছিল। অনুলেখে শ্বেমিমক অকণমান বহিবলৈ কৈ ৰভাৰ বাহিৰলৈ ওলাই গৈছিল। অভ্যাগত দুই-এজন যাবলৈ ওলােৱা তাৰ চকুত পৰিছিল। দৰাঘৰীয়া মানুহবােৰ যােৱাৰ পিছত প্রায় সকলােবােৰ অতিথিয়েই গ’লগৈ। অনুলেখহঁতৰ সম্পৰ্কীয় মানুহখিনি মাথোঁ আড্ডা মাৰি বহি থাকিল।

 অনুলেখে ৰভাঘৰলৈ আহি দেখিলে শ্বেমিম অকলে অকলে বহি আছে। মাকহঁতে বাৰু তাইক ভিতৰলৈ মাতি নিব নােৱাৰেনে! খং উঠি আহিল তাৰ! ক্ষমা প্রার্থীৰ দৰে সি তাইৰ ওচৰলৈ গৈ মৰমেৰে ক’লে— অকলে বহি আছা! খং উঠিছে নেকি!

 : কি যে কোৱা !– শ্বেমিমে কোমলকৈ ক’লে। কইনাৰ একমাত্ৰ দাদা, বিয়া ঘৰত ব্যস্ত নাথাকিলে কেনেকৈ হ’ব।

 : হ’ব হ’ব! ন’ ম’ৰ ইয়ার্কি!– অনুলেখে ক’লে। আহা মা-দেউতাৰ লগত চিনাকি কৰাই দিওঁ।

বিচ্ছুৰিত বর্ণালী >> ৬০