পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰাৰ পিছত অফিচৰ মানুহৰ চালচলন, সাজ-পোছাক সকলো বদলি হৈ গৈছে। চাৰ্গেইৰ কথাত অনিৰুদ্ধ আচৰিত হ’ল। মানুহবোৰ আকৌ সলনি হ’বলৈ কি হ'ল। সি প্ৰশ্নবোধক চাৱনিৰে চাৰ্গেইলৈ চালে।

 : বিশ্বাস হোৱা নাই নেকি? চাৰ্গেই কৈছে।

 : বিশ্বাসনো কিয় হ’ব? নতুন ল’ৰা কেইটা আহিলেই অফিচটো সলনি হ’বলৈ কি হ’ল!

 : অ’ আপুনি তাৰমানে ল’ৰা দুটাহে দেখিছে। তৃতীয়টো দেখিছে?— চাৰ্গেই সুধিলে।

 : নাই! মই আজি কামত যোগ দিছোহে। ছেকেণ্ড ফ্লৰত যোৱাই হোৱা নাই। তৃতীয়জন তাতে আছে ছাগৈ।

 : মোৰ শপত! আপুনি এবাৰ এষ্টা ব্ৰিছমেন্ট বিভাগলৈ গৈ আহক। আপুনিও প্ৰতিযোগিতাত নামি যাব। মই কৈছো! চাব, এশ শতাংশ গেৰাণ্টী।

 চাৰ্গেইৰ কথাত অনিৰুদ্ধই হাঁহে। হওঁতে সি জানে যে অফিচৰ দ্বিতীয় মহলাৰ প্ৰতিষ্ঠা বিভাগত নতুন ছোৱালী এজনীয়ে যোগদান কৰিছে। কিন্তু সি ইমান গুৰুত্ব দিবলগীয়া কথা বুলি ভবা নাই। অফিচৰ কামত কেতিয়াবা দেখা দেখি হ’বই। সেইবুলি ছোৱালীজনীৰ ওচৰলৈ চিনাকি হ’ব যোৱা অথবা চাৰ্গেই কোৱাৰ দৰে প্ৰতিযোগিতাত নামি যোৱাৰ কোনো দৰকাৰ আছে বুলি অনিৰুদ্ধই ভবা নাই। অনিৰুদ্ধ টেবুললৈ আহি কামত ব্যস্ত হৈ পৰিল। চাৰ্গেইৰ কথা কেইটাই তাক কিছু কৌতুহলী কৰি তুলিছে। কম্পিউটাৰৰ স্ক্ৰীনখনত চকু ৰাখি সি ম’বাইলত ছাইটৰ ইঞ্জিনিয়াৰৰ পৰা কিছুমান তথ্য লৈছে। দিল্লীৰ হেড অফিচৰ পৰা নতুন প্ৰজেক্টটো সম্পৰ্কত বহু কিবাকিবি জানিবলৈ বিচাৰিছে।

 : কিহে ডেকা ল’ৰা, খুউব ব্যস্ত নেকি?

অফিচৰ বৰবাবু শ্বেৰপা আংকলৰ মাতত সি পিছফালে চালে।

 : অঃ শ্বেৰপাজী! সি সঁহাৰি জনালে। বৰবাবুৰ পিছফালে ক্ষীণাংগী ছোৱালী এজনী থিয় হৈ আছে।

 : ছুটী ভালদৰেই উপভোগ কৰিলে ছাগৈ। বৰবাবুয়ে হিন্দীতে ক’লে, আৰু কাষত থিয় হৈ থকা ছোৱালীজনীৰ ফালে ইংগিত কৰি কলে এওঁ নিতিশা। যোৱা সোমবাৰে জইন কৰিছে৷ আপোনাৰ সৈতে চিনাকি কৰিবলৈহে বাকী আছিল।

 : অহ! অনিৰুদ্ধ সম্ভ্ৰমেৰে থিয় হ’ল। চাৰ্গেইৰ মুখত শুনা সেই অপৰূপা ছোৱালীজনী এইজনীয়েই।

 : অ! মই ছুটীত গৈছিলো। নতুন চাকৰি কেনে লাগিছে। সি সুধিলে। ছোৱালীজনী সঁচাই অপৰূপা, চাৰ্গেই ঠিকেই কৈছিল। সি মনে মনে ভাবিলে।

 : ভাল লাগিছে। তাই ধুনীয়াকৈ হাঁহিলে। ছাৰৰ ঘৰ অসমত? তাই সুধিছে।

 : হয়! কেতিয়াবা গৈছে নেকি? সি ক’লে।

 : ওঁহো যোৱা নাই। এবাৰ কামাখ্যা মন্দিৰত যোৱাৰ ইচ্ছা আছে। তাই কৈছে।

 : অ’ যাব লাগে আকৌ। অজান কাৰণত অনিৰুদ্ধৰ মনটো ভাল লাগি গ’ল। কামাখ্যা মন্দিৰ নহয় যেন তাৰ ঘৰলৈহে ধুনীয়া ছোৱালীজনীয়ে যাম বুলি কৈছে।

 : অ’কে অনিৰুদ্ধজী! নিতিশাই কিবা কোৱাৰ আগতেই বৰ বাবুয়ে মাত লগালে। আপুনি কাম

বিচ্ছুৰিত বৰ্ণালী >> ৮৫