পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আহিল। হাস্পতালত ভৰ্তি হ’বলৈ হ’লে এটেন্টডেন্ট নহ’লে নচলে। এইবাৰ ক্লাচ এইটত যদিও ওখ পাখ আদিত্যক দেখি কোনেও ওঠৰ বছৰৰ অনুৰ্দ্ধৰ বুলি নেভাবে। এনেয়েও অনিৰুদ্ধৰ কোনো ভয় খাবলগীয়া অসুখ নাই, কিন্তু কিছুমান চিকিৎসা সম্পৰ্কীয় পৰীক্ষাৰ বাবেহে কেতিয়াবা চিকিৎসালয়ত ভৰ্তি হ’বলগা হয়। সেইখিনি কাম আদিত্যই সুন্দৰকৈ কৰিব পাৰিব। বয়সতকৈ সি বহু বেছি বুজন আৰু সাহসী।

 এসপ্লানেডত থকা গেষ্ট হাউচৰ ৰূমটোত সোমাইহে যেন ভাগৰটো লাগিল অনিৰুদ্ধৰ। কাঠৰ আৰামী চকীখনত যি আউজি বহিল। আদিত্যই টিভিটো অন কৰি কাৰ্টুন চোৱাত লাগিছে। সি খুউব মনোযোগেৰে কাৰ্টুন চাই থকা দেখিলে তাক চাৰি পাঁচবছৰীয়া আদিত্যতো যেন লাগে। ঘৰত থাকিলে মাকে আজিকালি তাক বেছি সময় টিভি চাবলৈ নিদিয়ে। আজি আৰু তাক পায় কোনে, অনিৰুদ্ধই তালৈ চাই হাঁহিলে।

 অনিৰুদ্ধ পিছদিনাখন হাস্পতাল আহিল। তাৰ ভাগ্য ভাল আছিল কিজানি। তাক বহু বছৰৰ পৰা চিকিৎসা কৰি অহা ডাক্তৰজনে এইবাৰ তাৰ স্বাস্থ্যৰ উন্নতিত বেছ সন্তুষ্ট হ’ল। তেওঁ ক’লে এইবাৰ অনিৰুদ্ধক হাস্পতালত ভৰ্ত্তি কৰি নিৰীক্ষণ কৰাৰ প্ৰয়োজন নহ’ব। ৰুটিন চেক আপ কেইটা কৰিলেই হ’ব। অৱশ্যে এটা পৰীক্ষাৰ ফলাফল যি তিনিদিনৰ পাছতহে পাব। যথেষ্ট দীঘলীয়া পৰীক্ষা সেইটো!

 অনিৰুদ্ধই জানিছিল। আজি প্ৰায় তিনি বছৰে সি এইখন হাস্পতাললৈ আহি আছে। হাস্পতালত ভৰ্ত্তি নহ’লেও পৰীক্ষা নিৰীক্ষাতে কেতিয়াবা বহু সময় লয়। ইমানদূৰ অহাৰ পাছত কৰিবলগা শাৰীৰিক পৰীক্ষা নকৰাকৈও যাব নোৱাৰি। সেইবাবেই অনিৰুদ্ধই চেন্নাইৰ এই হাস্পতাললৈ আহিলে প্ৰতিবাৰেই কেইটামান দিন হাতত লৈ আহে। এইবাৰো সি চেন্নাইত থাকিবৰ বাবে পাঁচোটা দিন লৈ আহিছে।

 আদিত্যই ৰামেশ্বৰম যাব খুজিছিল। অনিৰুদ্ধই তাক পুডুচেৰী যোৱাৰ কথা ক’লে! হওঁতে ৰামেশ্বৰমলৈও যাব পাৰি। কিন্তু তালৈ নৈঋতা আৰু অনুস্কাও হোৱা নাই। সিহঁতক এৰি তালৈ যাবলৈ অনিৰুদ্ধৰ মন যোৱা নাই। পুডুচেৰী লৈ সিহঁত চাৰিটাই আগতে গৈছে। আদিত্য অৱশ্যে তেতিয়া সৰু আছিল, গতিকে তাৰ বিশেষ মনত নাই। পুডুচেৰীৰ কথা শুণি আদিত্যই ক’লে— ঠিক আছে বাৰু! কিন্তু মই পেৰেডাইজ বীচ্ছত সম্পূৰ্ণ এটা আবেলি পাব লাগিব।

 হ’ব দিয়া। অনিৰুদ্ধই ক’লে। আমি যাওঁতে মহাবলীপুৰুম হৈ যাম। তাতে তোমাৰ ফটোগ্ৰাফি কচৰৎ কৰিব পাৰিবা। আদিত্যই ডি. এচ. এল আৰ কেমেৰাটো পিটিকি থকা দেখি অনিৰুদ্ধই ক’লে।

 : অ! বঢ়িয়া হ’ব। আদিত্যই কেমেৰাৰ লেন্সখন কাপোৰ এখনেৰে চাফা কৰি কৰি ক’লে— এইবাৰ স্কুলৰ প্ৰজেক্টত মহাবলীপুৰুমৰ বুৰঞ্জী বিষয় হিচাপে ল’ব পাৰিম ন’, দেউতা?

 বহু দিন হ’ল। অনিৰুদ্ধ হঁত পুডুচেৰীলৈ যেতিয়া আহিছিল। পুডুচেৰীৰৰ নাম তেতিয়া পণ্ডিছেৰী আছিল। পণ্ডিছেৰীক তামিল নাম দি পুডুচেৰী কৰা হ’ল। আদিত্যই গুগলত চাই অনিৰুদ্ধক ক’লে পুডুচেৰীৰ মানে তামিল ভাষাত নতুন নগৰ। পূৰ্বৰ ফৰাচী উপনিৱেশখনক তামিলসকলে নিজৰ নাম দি লৈছে।

 হোটেলৰ পৰা টেক্সীত বহিয়েই আদিত্যই পেৰাডাইজ বীচ্ছ যোৱাৰ কথা ক’লে।

 অনিৰুদ্ধইহে ক’লে--

 : পেৰাডাইজ বীচ্ছ যোৱাৰ আগতে আৰু এখন সুন্দৰ ঠাই চাই আহোঁ বলা।

বিচ্ছুৰিত বৰ্ণালী >> ৮১