: কি! চাহৰ প্লেটখন থৈ সি সুধিলে।
: এই পেপাৰখন চোৱাচোন।
: কিনাে দিছে ?-- সি তাইৰ ওচৰ চাপি আহিল।
এই, এইখন পুৰণি পেপাৰ দেখােন। সি ক’লে— কিনাে চাই আছা ইয়াত ?
: চোৱানা। অসমৰ কেপ্টেইনজন যে ঢুকাইছিল, তেওঁৰ মৃতদেহৰ সৈতে তেওঁৰ প্রেমিকাজনীও আহিছিল। চোৱা, ইমান ধুনীয়া ছােৱালীজনী!
ঋষিতে মনােযােগেৰে ফটোখন চালে। সি এই মহীয়সী গৰাকীৰ বিষয়ে আগেয়ে শুনিছে৷ তাৰ মনটো অকণমান সেমেকি উঠিল।।
: ঋষিদা।— এৰিষাই মাতিছে।
: কি!
: তােমাৰো কিবা এটা হােৱা হ’লে মােৰাে দশা যে এই ছােৱালীজনীৰ দৰেই হ’লহেঁতেন নহয়!
হঠাৎ কৈ পেলালে এৰিষাই। পিছ মুহূর্ততে তাই কি ক’লাে বুলি ভাবি কাণ-মূৰ ৰঙা হৈ উঠিল। ঋষিতে তাইৰ ফালে একান্তমনে চাই থাকিল। হঠাৎ একো নােকোৱাকৈ তাই উঠি দৌৰিল৷
: পাগলীজনী!--- তাই যােৱাৰ ফালে চাই ঋষিতে হাঁহিলে।
ঋষিতৰ ছুটী শেষ হােৱাৰ আগতেই এৰিষা হােষ্টেললৈ ঘূৰি যাব লগা হ’ল। তাই গুচি যােৱাৰ পাছত ঋষিতৰ মনটো গধুৰ হৈ পৰিছিল। ইমানদিন তাইৰ সংশ্রৱে তাৰ মনটো সজীৱ কৰি ৰাখিছিল। হঠাৎ তাই গুচি যােৱাৰ পাছত মনটো সেমেকি উঠিছিল, উদাস হৈ উঠিছিল। ঘৰত মন নবহা হৈছিল। কর্মক্ষেত্রলৈকে সােনকালে উভতি যােৱাৰ ইচ্ছা জাগিছিল তাৰ। অথচ এৰিষা যােৱাৰ আগলৈকে তাৰ ঘৰত থাকি কিমান ভাল লাগিছিল।
ৰহমান খুড়া গৈছিল তাইৰ লগত। ষ্টেচনলৈকে ‘ছি অফ’ কৰিব গৈছিল ঋষিত। যাবলৈ উদ্যত হােৱা ট্ৰেইনখনৰ কম্পার্টমেণ্টৰ পৰা নামি অহাৰ পাছত সি ট্রেইনখনৰ কাষতে ৰৈ আছিল। শীততাপ নিয়ন্ত্রিত কম্পার্টমেণ্টৰ বন্ধ খিৰিকীৰ অস্বচ্ছ গ্লাছৰ মাজেৰেও সি যেন এৰিষাৰ বাষ্পকুল দুচকুৰ ভাষা ফটফটীয়াকৈ বুজি পাইছিল। তাৰ এনেকুৱা লাগিছিল সিও যেন তাইৰ সৈতে আহমেদাবাদলৈ গুচি যাব।
দিনবােৰ আগুৱাই গৈছিল। ইতিমধ্যে সি ৰাজস্থানলৈ ট্রান্সফাৰ পাইছিল। তাৰ ট্রান্সফাৰৰ খবৰ পাই এৰিষাই ফোনত কৈছিল— ইস্ ৰাম, তুমি একদম মােৰ ওচৰেই পালাহি। ৰাজস্থানত নহৈ গুজৰাটত হােৱা হ’লে যে আৰু ভাল আছিল। যা হওক, কাশ্মীৰৰ পৰা যে আহিবা !
ৰহমান খুড়া আৰু তাৰ ঘৰখনাে সুখী হৈছিল ঋষিতৰ ৰাজস্থানলৈ ট্রেন্সফাৰ হােৱা বাবে। প্রথম কথা, সি সন্ত্রাস জৰ্জৰিত কাশ্মীৰতকৈ ৰাজনৈতিকভাৱে বহু সুস্থিৰ ৰাজ্য এখনত নিযুক্তি পালে, দ্বিতীয় কথা সি মাজে মাজে এৰিষাৰ খবৰাে লৈ থাকিব পাৰিব।
তেতিয়া ফেব্ৰুৱাৰী মাহ আছিল। এদিন এৰিষালৈ ফোন কৰোঁতে তাই তাক সেই মাহৰ
তেৰ তাৰিখে আহমেদাবাদ পােৱাকৈ মাতি পঠালে। কি কাৰণে মাতিছে সেয়া ঋষিতে জানিব