: দেখিব পাৰা কিন্তু। কোম্পানীত চাকৰি কৰেতো। গুৱাহাটীত থাকোতে এম এছ এছ কোম্পানীত কৰিছিল। তাইৰ নামটো শ্বেমিম! শ্বেমিম ৰহমান।
অনুলেখৰ দুয়োখন কাণে গোঁ গোঁ শব্দ কৰি ধৰিলে। তাৰ মুখমণ্ডল প্ৰচণ্ডভাৱে ঘামি উঠিল।
ছামাদে তাৰ অৱস্থা দেখি সুধিলে--তুমি খুউব ঘামিছা।
: ওঁ। তামোল এখন খাইছিলোঁ। মূৰত ধৰিছে।—অনুলেখে আৰু এটা ফাকি মাৰিলে।
: আচ্ছা! তোমাৰ কইনা মুম্বাইত এতিয়া ক’ত থাকে বাৰু?
: কিয়? লগ ধৰি মোৰ বদনাম গাবাগৈ নেকি!
ছামাদে ধেমালি কৰিলে যদিও অনুলেখ চক খাই গ’ল। ছামাদে আকৌ ক’লে-- শীতল এপাৰ্টমেন্ট, ফ্লেটনম্বৰ দুশ দুই আন্ধেৰী, ৱেষ্ট।
অনুলেখে মনতে ঠিকনাটো দুবাৰমান আওৰাই ল’লে। তাৰ পিছত সি ছামাদক শ্বেমিমৰ ফটোখন ঘূৰাই দি শুভেন্দুহঁতৰ ওচৰলৈ গৈ এটা গাঁঢ় পেগ বনালে।
অনুলেখে তাতে থিয় হৈ মদ খাবলৈ আৰম্ভ কৰিলে। তাৰ ভিতৰৰ মানুহটো যন্ত্ৰণাত কেঁকাই উঠিল। শ্বেমিমৰ বিয়া তাৰ মানে ছামাদৰ সৈতেই ঠিক হৈছে। সি বাৰু শ্বেমিম চিৰদিনৰ বাবে আনৰ হৈ যোৱাটো সহ্য কৰিব পাৰিবনে!
কিছু দূৰত থিয় হৈ ক’ল্ড ড্ৰিংকছ পি থকা ছামাদলৈ চাই অনুলেখৰ বেয়া লাগিল। সংসাৰৰ জটিলতাৰ কোনো ভু নোপোৱা এই সহজ-সৰল ল’ৰাটোক শ্বেমিমে জানো সুখী কৰিব পাৰিব। তাইতো কেৱল মাক দেউতাকক সন্তুষ্ট কৰিবলৈহে বিয়াত বহিব। মনেৰে তাইৰ বিয়া কেতিয়াবাই অনুলেখৰ সৈতে হৈ গৈছে।
অনুলেখে বাৰু এতিয়া শ্বেমিমক বিয়াৰ প্ৰস্তাৱ দিব পাৰিবনে? সিজানে তাইৰ মাক-দেউতাকেও কোনোপধ্যে তাইক এটা হিন্দু ল’ৰাৰ সৈতে বিয়া নিদিব। অনুলেখৰ বাবে তাই সেইখিনি বাধা অতিক্ৰম কৰিব পাৰিবনে?
সকলোৰে অলক্ষিতে অনুলেখ পাৰ্টিৰ পৰা ওলাই আহিল। ৰাস্তা পায়েই সি টেক্সি এখনত উঠি এয়াৰপৰ্টৰ ফালে যাবলৈ ধৰিলে। আজিয়েই সি যিকোনো প্ৰকাৰে মুম্বাইলৈ উৰা মাৰিব। সি শ্বেমিমক তাইৰ মুম্বাইৰ এপাৰ্টমেন্টত গৈ লগ ধৰিব। তিনি বছৰীয়া অভিনয়ৰ মুখা খুলি সি তাইৰ ওচৰত মুক্ত হৃদয়েৰে ক্ষমা খুজিব। তাইৰ অবিহনে যে সি কেতিয়াও জীয়াই থাকিব নোৱাৰিব, সেই কথা সি অকপটে স্বীকাৰ কৰিব।
শ্বেমিমে জানো তাক ক্ষমা নকৰিব? তাই তাক কেতিয়াও বেছি সময় খং কৰি থাকিব পৰা নাছিল। তাইৰ খং কমোৱাৰ একো উপায় নাপালে অনুলেখে আগতে তাইক ভাকুট কুটাই দিছিল। হাঁহি হাঁহি তাই অতিষ্ঠ নোহোৱালৈকে নেৰিছিল সি৷ তেতিয়াৰে পৰা কিবা কথাত তাই ওফোন্দ পাতিলে সি ভাকুট কুটোৱাৰ কথা কৈছিল৷ সেইটো নাম শুনিলেই তাই অভিমান এৰি তাক মাত-বোল কৰিবলৈ বাধ্য হৈ গৈছিল।
শ্বেমিমে তাইৰ মাক-দেউতাকক বাৰু বুজাব পাৰিব নে? পাৰিব। দৰকাৰ হ’লে অনুলেখেও বুজাব। বুজাব নোৱাৰিলে দুয়োটা পলাই গৈ হলেও বিয়াত বহিব।
শ্বেমিমে বাৰু ক্ষমা কৰি দিবনে...। আকৌ দুশ্চিন্তাত পৰিল অনুলেখ। তিনিটা বছৰে তাইক কৰি অহা অবিচাৰৰ শাস্তি সি নাপাবনে! ক্ষমা! ক্ষমা তাক কৰিবই লাগিব। অতি বেছি শ্বেমিমে তাক নমতাকৈ থাকিব।
কি কৰিব সি? ভাগ্যক্ৰমে টিকট পাই যোৱা প্ৰাইভেট এয়াৰৱেজৰ এয়াৰবাছখনত বহি ৰানৱে’ৰে দৌৰি যাওঁতেও অনুলেখে ভাবি থাকিল।
ভাকুট কুটাই দিব! অৱশেষত সিদ্ধান্ত ল’লে সি।
বিচ্ছুৰিত বৰ্ণালী >> ৭৯