পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাইৰ ৰঙা চকুহাল আন্ধাৰতাে জিলিকি আছিল।

 : ধৈৰ্য্য ধৰা।— তাইৰ মাতটো পাষানীৰ যেন লাগিছিল। মাতটো যেন তাইৰ পৰা অহা নাছিল। ঋষিতে ক্রন্দন বন্ধ কৰি তাইলৈ চাই ৰৈছিল।

 : আহাঁ। — আকৌ কৈছিল তাই। ঋষিতে তাইৰ আদেশ অমান্য কৰিব পৰা নাছিল। মন্ত্রমুগ্ধৰ দৰে সি সিদনা মিচুৰ কান্ধত ভৰ দি সেই মৃত্যু উপত্যকাৰ পৰা উভতি আহিছিল।

 চিয়াচেনলৈ গুচি আহিছিল ঋষিত। হৃদয়ত জ্বলি থকা জুইকুৰা নির্বাপিত কৰিবলৈকে সি শান্ত, প্রচণ্ড ঠাণ্ডা ঠাইখন বাছি লৈছিল। মনৰ অশান্তিবােৰ নাইকিয়া কৰিবতো সি নােৱাৰে, অন্ততঃ সি কোলাহলৰ পৰা আঁতৰি থাকিব খােজে।

  ৰিপ... ৰিপ... ৰিপ... ঋষিতৰ ৱায়াৰলেছ ছেটটোৱে সাৰ পাই উঠিছিল। ঋষিতে সেইটো অন কৰি কাণৰ কাষত লগালে।

 : পষ্টনং থাৰটিন ৰিপ’ৰ্টছ ইউ, ছাৰ।— সিমূৰৰ পৰা অফিচাৰজনে কৈছে। খন্তেক পিছতে বৰফৰ ধুমুহা অহাৰ সম্ভাৱনা দেখা গৈছে। প্লিজ বি এলার্ট ছাৰ।

 : কনভেই দি মেছেজ টু অল কেম্পাছ। গুৰ গম্ভীৰ স্বৰত সি অফিচাৰজনক নির্দেশ দিলে।

 : অ কে ছাৰ।

 : অ কে। ৱায়াৰলেছ ছেটটো পকেটত সামৰি থ’লে ঋষিতে। বৰফৰ ধুমুহা আহিব। প্রকৃতিয়েও যেন তাৰ বুকুৰ ধুমুহজাকৰ কথা গম পাই গৈছে। ঋষিতে পকেট কেলেণ্ডাৰখন চালে। ফেব্ৰুৱাৰী ন তাৰিখ। ফেব্ৰুৱাৰী মাহৰ এইসময়খিনিত প্রতি বছৰেই ছুটী ল’ব লাগিব। অন্ততঃ তাৰ অশান্ত মনটোক শান্ত কৰিবলৈকে সি ছুটী ল’ব। ঋষিত কেম্পৰ পৰা বাহিৰলৈ ওলাই আহিল। আকাশখন তিমিৰাচ্ছন্ন হৈ পৰিছে। অদূৰত এটা সো-সোঁৱনিৰ শব্দ শুনা গৈছে। বৰফৰ ধুমুহাজাক তাৰ মানে আৰম্ভ হৈছেই। বৰফৰ ধুমুহাৰ পাছত চিয়াচেনৰ শীতৰ প্রকোপ আৰু বৃদ্ধি পাব। ঋষিতে চৰকাৰলৈ প্রয়ােজনীয় সামগ্রী বিচাৰি ইতিমধ্যে চিঠি লিখিছে। এই কেইদিনতে সেই সামগ্রীবােৰ পালেহে জোৱানসকলৰ কষ্টৰ মাত্রা কমিব।

 বতাহৰ বােকোচাত ওলমি অহা বৰফৰ কণাবােৰ য’তে ত’তে ওফৰি পৰিছে। ঋষিতৰ দেহৰক্ষীকেইজন ব্যস্তভাৱে আহি তাৰ কাষত ৰৈছে। সমগ্ৰ চৌপাশটো বৰফৰ কণাৰে শুকুলা হৈ উঠিছে। বতাহে তাহাঁতৰ কেম্পাছটোৰ অস্তিত্বৰ বিৰুদ্ধে যুজ আৰম্ভ কৰি দিছে।

 : ছাৰ। দেহৰক্ষীজনে তাৰ ওচৰত আহি কিবা ক’ব খুজিলে।

 ঋষিতে একমুহূর্ত দেহৰক্ষীজনৰ ফালে চালে। তাৰ পিছত ধীৰ খােজেৰে আহি কেম্পত সােমাল। আৰমী চকীখনত বহি অলসভাবে চিগাৰেট এটা হুপিলে সি। অশান্ত হৃদয়খন তাৰ তেতিয়াও শাঁত নপৰিল।

 ঋষিতে ছুটী ল’লে। চিয়াচেনৰ পৰা দিল্লীলৈ সামৰিক বাহিনীৰ বিমানেৰে আহিল সি। দিল্লীতে দুদিন থাকি সি আহমেদাবাদলৈ যাব। এৰিষাৰ সমাধি দৰ্শনৰ এক তীব্র বাসনা তাৰ জাগি উঠিছে। সি মাককো কৈছে— ঘৰলৈ যােৱাৰ আগতে এবাৰ এৰিষাৰ ওচৰৰ পৰা আহিব। এনেকুৱা লাগিল যেন এৰিষাই তাৰ বাবে আহমেদাবাদৰ সেই শান্ত সমাধিত তাৰ বাবে অপেক্ষা কৰি আছে। সিবাৰ মাতােতেই

প্রথমে তাক তেৰ ফেব্ৰুৱাৰীত লগ ধৰিবলৈ সময়ৰ অসুবিধা হ’ব বুলি কৈ সিদিনাৰ ৰাতিটো হােটেলত

বিচ্ছুৰিত বর্ণালী >> ৪৩