পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘৰৰ সকলােৰেই আগতে থাকিবলৈ ৰূম নাই বুলি কৈয়েই পেলাইছে! শ্বেমিম বাৰু কলৈ গ’ল। সি মনে মনে ভিতৰলৈ ভুমুকি মাৰি চালে! ড্রয়িং ৰূমত তাই নাই। মাকহঁত থকা ৰূমতে আছে কিজানি। মাকে বা এতিয়া তাইক কি কি নক’বলগীয়া কৈ পেলায়। সি যে লাজত মৰ যাব। শ্বেমিমক সি কোনেও একো বেয়াকৈ কোৱা সহ্য কৰিব নােৱাৰে। মাকে ক’লেও তাৰ ভাল নালাগিব।

 সি মেকুৰিৰ খােজেৰে ভিতৰ সােমাল। ড্রয়িং ৰূম পাৰ হৈয়েই পােৱা ৰূমটোত পূবালীমা বহি আছিল। তাতেই চাগৈ শ্বেমিমাে!

 : ক্রিং... ক্রিং... ক্রিং...। ড্রয়িং ৰূমত থকা ৰিছিভাৰটো বাজি উঠিল। চক খােৱাৰ দৰে অনুলেখে টেলিফোনটোৰ ওচৰলৈ গৈ ৰিছিভাৰটো উঠালে— হেল্লো।

 : হেল্লো! মে আই যক টু শ্বেমিম ৰহমান। ফটফটীয়া ইংৰাজীতে কোনােবা ছােৱালী এজনীয়ে ক’লে৷

 : ইয়েছ। — সি ক’লে, হােৱেৰ ফ্রম ইউ আৰ স্পিকিং ?

 : আই এম ফ্রম মুম্বাই। আৱাৰ কম্পেনী বছ ৱাণ্ট টু টক্ উইথ হাৰ! প্লিজ টেল হাৰ টু ৰিছিভ।

 : অহ ইয়েছ। অনুলেখে ৰিছিভাৰটো হাতেৰে ঢাকি চিঞৰিলে শ্বেমিম। তােমাৰ ফোন!

 ফোনটো ৰিছিভ কৰি শ্বেমিমক যথেষ্ট আনন্দিত যেন দেখা গ’ল। পিছফালে ৰৈ তাইৰ ফালে চাই থকা অনুলেখক তাই ক’লে— দুই বজাৰ ফ্লাইটতে মই যেনে তেনে গুচি যাব লাগিব জানা! বছে কৈছে ফৰেইনৰ পৰা হঠাৎ কেইজনমান ডেলিগেট আহিছে। তেওঁলােকে মােৰ অধীনত থকা প্রজেক্টটোৰ বিষয়ে আলােচনা কৰিব জানা। আই এম মাচ্ছ এক্সাইটেভ এবাউট ইট।

 : পাগল হৈছা নেকি?— অনুলেখে ক’লে। ক’লৈকো যাব নােৱাৰা ।ফৰগেট এবাউট ইয়ৰ কম্পেনী।

 : প্লিজ প্লিজ! শ্বেমিমে আকুতি কৰিলে। প্লিজ অনুলেখ, এইবাৰৰ বাবে মােক মাফ কৰি দিয়া, জানা এই ফৰেইন ডেলিগেট কেইজনৰ কমেণ্টৰ ওপৰত মােৰ প্রজেক্টটোৰ ভাগ্য হান্ড্রেড পাৰচেন্ট নিৰ্ভৰ কৰিছে। তেওঁলােকক মিছ কৰিলে মােৰ অতদিনৰ শ্ৰম অথলে যাব।

 : আচ্ছা যাবাই বাৰু মুম্বাইলৈ ঘূৰি।— অনুলেখে অতিষ্ঠ হৈ কৈ উঠে— যােৰহাটৰ পৰা দুই বজাৰ ফ্লাইটত তুমি টিকট পাবা নেকি! এতিয়া এক বাজিল। মুৰ্খৰ দৰে কথা কোৱা।

 : মােৰ টিকট বছে মুম্বাই পৰা ৰিজাৰ্ভ কৰি দিছে।— শ্বেমিমে ক’লে। এইমাত্র তেওঁ মােক যিকোনাে প্ৰকাৰে যাবলৈ অনুৰােধ কৰিছে। অনুলেখৰ আপত্তি নৰজিল। শ্বেমিমৰ যুক্তিৰ আগত সি বেছি সময় তর্ক কৰিব নােৱাৰিলে। তদুপৰি শ্বেমিমক লৈ ঘৰখনত সৃষ্টি হােৱা অস্বাভাৱিক অৱস্থাটোৰ বাবেও সি শ্বেমিমক থাকি যাবলৈ বেছি অনুৰােধ কৰিব নুখুজিলে।

 ৰৰৈয়া এয়াৰপৰ্টত শ্বেমিমক থৈ উভতি আহোঁতে অনুলেখে কেতিয়াও ভবা নাছিল, শ্বেমিমৰ সৈতে তাৰ এই বিদায় এদিন শেষ বিদায়ৰ নিচিনা হৈ উঠিবগৈ।

 প্রচণ্ড নিচা লাগিছিল অনুলেখৰ। কোনােমতে বিছনাখন ঢুকি পাই সি শুই পৰিল। ৰাতিৰ ভাত সাঁজ তাৰ খােৱা প্রায় নহয়েই। আঠুৱা খুচি লােৱাৰ নিয়ম সি কেতিয়াবাই এৰিছে। টোপনিৰ আবেশত সি

বিৰবিৰাই থাকিল — শ্বেমিম, মােৰ মৰমৰ শ্বেমিম!

বিচ্ছুৰিত বৰ্ণালী » ৬২