তিনি
ভিনিহিদেউৰ পৰা বৰ্ণালীহঁতৰ ঘৰৰ সবিশেষ অবস্থান জানি লৈ বৰ্ণালীহঁতৰ ঘৰ পাওগৈ মানে তেতিয়া আবেলি চাৰি বাজি গৈছিল। মই ঈষৎ কম্পিত আঙুলিৰে কলিং বে’লত চাপ দিলোঁ।
ঠিক দহ-পােন্ধৰ ছেকেণ্ডমানতে দুৱাৰ খুলি বর্ণালী ওলাই আহিল। নেভি ব্লু জীনচ আৰু হােৱাইট চার্ট পৰিহিতা বর্ণালীৰ গােলাপী মুখত আবেলিৰ বেলিৰ কিৰণে চুমা আঁকি দিছিল তেতিয়া।
: আই জাষ্ট ৱাণ্টেড টু গ’। তাই কৈ উঠিছিল।
: এণ্ড আই এম হিয়াৰ টু কেনচেল ইয়ৰ টুৰ। তাইক কথাখিনি শেষ কৰিবলৈ নিদি মই কৈ পেলাইছিলোঁ।
: ইজ ইট ছ’? বাইদেউৰ কিবা অসুখ নেকি ? তাই এইবাৰ ব্যস্ত হৈ উঠিল।
: বাইদেউৰ খবৰ পিছতাে ল’বা। আগতে মােক ভিতৰলৈ মাতাচোন। মই তাইক অপ্রস্তুত কৰিবলৈকে কৈছিলোঁ।
তাই অপ্রস্তুত হৈছিল। যেতিয়াই তেতিয়াই ফটফটাই থকা ছােৱালীজনী যে কেতিয়াবা অপ্রস্তুত হয় তেতিয়ালৈকে মই জনা নাছিলোঁ। তথাপি তাই মই ভবাতকৈ খুউব কম সময়তে নিজক চম্ভালি ল’লে। মােৰ হাতত ধৰি টানি নি ছােফাত বহুৱাই নিজেও মােৰ কাষত বহি ক’লে— অলৰাইট ?
মই মূৰ দুপিয়ালোঁ।
: বাইদেউৰ কি হৈছে নক’লা যে। তাই যেন বাইদেউৰ অভিভাৱিকাহে।
: একো হােৱা নাই। কি হ’ব ? খন্তেক ৰৈ ক’লোঁ- পার্টি খাব গৈছে শর্মানে বৰুৱাৰ ঘৰত।
: পার্টি। তােমাক নিনিলে।
: মই গৈ কি ডাল কৰিম। মেৰিজ এনিভাৰচেৰী। সংসাৰৰ মাইকী মানুহৰ আড্ডা৷
: আজি তেন্তে ইয়াত আড্ডা মাৰোঁ দিয়া। তাই ক’লে— মােৰাে আৰু কোনাে প্রগ্রেম নাই।
: তােমাৰ মা-দেউতা নাই নেকি? ঘৰটোত আৰু কোনাে দ্বিতীয় ব্যক্তিৰ মাত নুশুনি মই সুধি পেলালোঁ।
: মা-দেউতা শ্বপিং চেণ্টাৰলৈ গৈছে। আহোঁতে দত্ত আংকলৰ ঘৰত সােমাব হেনো।
: তাৰ মানে তুমি এতিয়া ঘৰত অকলে ?
: ক’তনো অকলে দেখিলা? তুমি দেখােন আছাই। আৰু তুমি নহা হ’লেও মই অকলে