পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 : মইনাযাওঁ দিয়া। নিৰ্বিকাৰচিত্তে অনুলেখে ক’লে-- তোমালোক যোৱা, দহ বাজেই প্ৰায়।

 : তুমি ওলোৱা আকৌ। কি ভাওনাখন কৰিবলৈ লৈছা। শুভেন্দুৱে কৈছে। সিহঁত দুটাই কথাৰ লগতে অনুলেখক বিছনাৰ পৰাও টানি নমাই দিলে।

 সিহঁত দুটাৰ টনা-আজোৰাত অনুলেখে অৱশেষত কাপোৰযোৰ সলাই ওলাই আহিল। চাকৰি কৰক নকৰক অফিচলৈ গ'লে অন্ততঃ সময়খিনি কাটি যাব।

 সিহঁতে অফিচ পাওঁতে পুৰা দহ বাজিছিল। পোনে পোনে সিহঁত পৰীক্ষা হললৈ গ’ল। ছামাদ আগৰে পৰা তাত বহি আছিল। অনুলেখক দেখি সি মিচিকিয়ালে। অনুলেখে যে কি পৰীক্ষা দিব। এনেয়ে গৈ শুভেন্দু আৰু মনজিতৰ মাজতে বহিলগৈ। অবজেক্টটিভ টাইপৰ প্ৰশ্নহে, দুই-এটা সহায় ল’ব পৰা যাব।

 প্ৰশ্নবোৰ বিশেষ টান নাছিল। অনুলেখে একো নপঢ়াকৈয়ে উত্তৰ কেইটা কৰিব পাৰিলে। প্ৰশ্নবোৰ আচলতে ধাৰণাৰ ওপৰত কৰা হৈছিল, গতিকে ভাবি-চিন্তি উত্তৰ এটা দিব পৰা গ’ল।

 এঘণ্টাৰ টেষ্টটো হৈ যোৱাৰ পাছতে কোম্পানীৰ চীফ এক্সিকিউটিভ আহি ওলাল। তেওঁ অহাৰ লগে লগে ফেকাল্টি মেম্বাৰৰে সৈতে সিহঁত চাৰিটা ল’ৰাক দামী বাৰ এখনলৈ লৈ যোৱা হ’ল। তাতেই চীফ এক্সিকিউটিভে সিহঁত কেইটাৰ লগত কৰমৰ্দন কৰি শুভ কামনা জনালে। চীফ এক্সিকিউটিভকে ধৰি সকলোৱে ড্ৰিংকছ লোৱা আৰম্ভ কৰিলে। মনজিৎ শুভেন্দুক আৰু পায় কোনে! ছামাদে মদ নাখায় বাবে কল্ড ড্ৰিংকছ লৈছিল। অনুলেখৰ মদ খোৱাৰ ইচ্ছা নাছিল। তাতে দিনতে মদৰ পাৰ্টি। আজৱ লাগিছিল তাৰ। কোম্পানীৰ চীফ এদিন থকাকৈ অহাৰ কথা আছিল যদিও তেওঁৰ অন্য দৰকাৰী কাম ওলোৱাত একে দিনাই ঘূৰি যোৱাৰ কাৰ্যসূচী হ’ল। সেইবাবেই পাৰ্টিটোও ৰাতিৰ পৰিৱৰ্তে দিনতে অনুষ্ঠিত হ’ল।

 : হেই। হোৱাই আৰ ইউ হেজিটেটিং?— সি তেতিয়ালৈ এটা পেগো নোলোৱা দেখি স্বয়ং চীফে আহি তাৰ মদ ভৰ্তি গিলাচ এটা আগুৱাই দিলে।

 : থেংক ইউ! —অনুলেখে গিলাচটো লৈ মদ খোৱাৰ অভিনয় কৰি অলপ আঁতৰি গ’ল। শুভেন্দু আৰু মনজিতে ইতিমধ্যে সংগীতৰ তালে তালে নৃত্য কৰা আৰম্ভ কৰি দিছে। তাকো টানি নিলে সিহঁতে। কোম্পানীত কাম কৰা ধুনীয়া ছোৱালী এজনী সিহঁতৰ কাষলৈ অহাত শুভেন্দুৱে তাইক নৃত্যৰ প্ৰস্তাৱ দিলে। তাই একে আষাৰে ৰাজী হ’ল। সিহঁতে নৃত্য কৰালৈ চাই মনজিতে দূৰৰ পৰা জপিয়াই থাকিল। তাৰ কাণ্ড দেখি অনুলেখৰ দুখৰ মাজতো হাঁহি উঠি গ'ল। বেচেৰাই মুখতে খুউব ইটো-সিটো কৰিম বুলি কৈ থাকে, ধুনীয়া ছোৱালী এজনীৰ সন্মুখত পৰিলে গাধা ছাত্ৰ এটা কাঢ়া অংক মাষ্টৰৰ আগত কঁপাদি কঁপি উঠে।

 : তোমাৰ দ্বাৰা আৰু নহ'ব। বেলেগক দূৰৰ পৰা চাই থাকোতেই যাব!— অনুলেখে মনজিতক ক’লে।

 : ধেৎ কি কোৱা! চাবাচোন অলপ পিছত তাইক পতাই লৈ মই ৰেষ্টুৰেণ্টত বহিমগৈ। সি মুখস্থ মতাদি মাতিলে— শুভেন্দুৱে ডান্সহে কৰিছে। অলপ পিছতে সি অডিয়েন্স হ’ব, চাবা।

 : ধুৎ। অনুলেখ আঁতৰি আহিল। দুমহলীয়া বাৰখনৰ গ্লাছৰ বেৰেদি সি জনাকীৰ্ণ মহানগৰলৈ চাই

পঠিয়ালে। ক'ত হেৰাই গ'ল শ্বেমিম! তাই চাগৈ অসমত আৰু থকা নাই। কোটি কোটি মানুহৰ দেশ

বিচ্ছুৰিত বৰ্ণালী >> ৭৭