এজনী ছােৱালীক অকলশৰে পাই অলপ কথা পাতিয়েই মই তাইৰ প্ৰতি প্ৰেমত গদ গদ্ হৈ গ’লোঁ । তাই জানাে বিশ্বাস কৰিব যে তাইক লগ পােৱাৰ পিছৰে পৰা যোৱা চাৰি ৰাতি মই প্ৰায় অনিদ্ৰাৰে পাৰ কৰিবলগা হৈছে। ওঁহাে, তাইতাে এতিয়ালৈকে মােক বন্ধুৰ দৰে ব্যৱহাৰ কৰি আছে। যদি তাই মােক পাতল মানসিকতাৰ, চঞ্চল মনৰ বজৰুৱা ল’ৰা বুলি ভাবে।
: হেই কি ভাবিছা ?— বর্ণালীৰ মাতত মই সম্বিত ঘূৰাই পালোঁ।
: নাই এনেয়ে। সহজ হ’বৰ চেষ্টা কৰি মই ক’লোঁ।
: বাইদেৱে কৈছে তুমি বােলে এটা মস্ত গল্পকাৰ। তুমি গল্পৰ প্লট চিন্তা কৰি আছা নেকি ?
: নাই। বাইদেৱে সেইবিলাক এনেয়ে কৈছে। মই ক’লোঁ।
: সেই বিলাক মই নাজানো। তাই ক’লে- তুমি মােক লৈ বাৰু এটা গল্প লিখিবানে ?
: তােমাৰ বিষয়ে যে মই বিশেষ একো নাজানাে।
: ক’লোঁৱেই দেখােন ইমানবােৰ কথা। লিখিবা আৰু! .... হঠাৎ ভাবি তাই ক’লে- জানা, মই যদি লিখিব পাৰিলোঁহেঁতেন মই সেই ল’ৰাবােৰৰ কথা লিখিলোঁহেঁতেন, যিবিলাকে মােৰ মাত্র বাহ্যিক ৰূপটো দেখি কাষ চাপি অহাৰ চেষ্টা কৰে, ভালপােৱাৰ অভিনয় কৰিব খােজে অথচ মােৰ ভিতৰৰ মনটো-ভিতৰৰ মানুহজনীক বুজিব নােখােজে। এইবিলাকৰ পৰা কি একো লিখিব নােৱাৰি ?
: পাৰি। কিন্তু গতানুগতিক।
: মানুহৰ জীৱনত ঘটা ঘটনাবােৰ প্ৰায়েই গতানুগতিকেই হয়, চিন্ময়দা। সিবিলাকক অগতানুগতিক ৰূপ দিয়াৰ দায়িত্ব তােমালােক কাহিনীকাৰসকলৰ। দার্শনিকৰ দৰে কথা কেইটা ক’লে তাই।
: অৱশ্যে। মই সন্মতিসূচক ভাৱে মূৰ দুপিয়ালোঁ।
চাৰি
বাইদেউৰ ঘৰৰ পৰা উভতি অহাৰ দিন চমু চাপি আহিল। ইতিমধ্যেই আঠোটা দিন পাৰ কৰিলোঁৱেই। এগ্রিকালচাৰ কলেজৰ নিউ ছিমেষ্টাৰত নামভৰ্ত্তিৰ বাবে আৰু মাত্র দুটা দিন বাকী। ঘৰতাে এপাক সােমাই যাব লাগিব। গতিকে কাইলৈ উভতি যােৱাৰে সিদ্ধান্ত ল’লোঁ। বাইদেউৰ ইমানদিনৰ মৰমৰ ডেউকাৰ মাজত সােমাই থাকি হোষ্টেললৈ উভতি যাবলৈ একেবাৰেই ভাল লগা নাই। বাইদেউৰ মৰমী হাতেৰে সজোৱা ডাইনিং টেবুল আৰু হােষ্টেলৰ ডাইনিং টেবুলৰ মাজত কি যে আকাশ-পাতাল পার্থক্য। তথাপি কৰ্তব্যৰ আহ্বান । যাবইতো লাগিব।
আৰু বৰ্ণালী। তাইকোতাে মই এৰি যাব লাগিব। এই কেইটা দিনতে তাই মােৰ যিমান অন্তৰংগ হৈ গ’ল, সেয়া মই নিশ্চয় পাহৰিব নােৱাৰিম।
তথাপি যেন ক’ৰবাত কিবা এটা কিন্তু থাকি গ’ল।
বর্ণালীক সেই সন্ধিয়াৰ আড্ডাৰ পাছতো বহুবাৰ লগ পাইছোঁ। বাইদেউৰ ঘৰত, বর্ণালীৰ ঘৰত, ইভিনিং ৱাকত। ক’তা, মােৰতাে ক’বলগা কথা কবলগা হৈয়েই থাকিল।