পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছোৱালীসকল উঠা বলেৰ’খনত উঠিবৰ বাবে অনিৰুদ্ধক সকলোৱে জোৰ কৰিছিল। অনিৰুদ্ধ পিছে নুঠিল। সি জানে চাৰ্গেইহঁত গছত উঠাই গুৰি কটা মানুহ। তাক ছোৱালীহঁতৰ গাড়ীত উঠাই পাছত কি ফান্দত বন্দী কৰে, বুজা টান।

 হাঁহি খিকিন্দালিৰে সিহঁতে যাত্ৰা আৰম্ভ কৰিছিল। দুপৰীয়া খোৱা বোৱা কৰিবৰ বাবে মংগনত ৰৈছিল। অনিৰুদ্ধহঁতৰ গাড়ীত গাজাখুৰি ভচহু কথাবোৰ আশীষ, চাৰ্গেইহঁতে কৈ গৈছিল। দুৰ্গম ৰাস্তাটোত সিহঁতৰ চিঞৰ বাখৰবোৰ দেখি মাজে মাজে ড্ৰাইভাৰে সিহঁতক অলপ মনে মনে থাকিবলৈ কৈছিল।

 সঁচাই বৰ মনোৰম চিকিমৰ প্ৰাকৃতিক শোভা। অনিৰুদ্ধই হেডফোনত গান শুনি শুনি খিৰিকীৰে বাহিৰলৈ চাই গৈছিল! তাহাঁতৰ পিছে পিছে ছোৱালীহঁতৰ গাড়ীখন আহিছিল। দুৰ্গম ৰাস্তা অথবা ভয়লগা ঠেক কেকুঁৰিবোৰত অনিৰুদ্ধৰ বুকুখন ভয়ত মোচৰ খাই গৈছিল, তাৰ নিজৰ গাড়ীখনৰ বাবে নহয়, পাছে পাছে আহি থকা নিতিশাহঁতৰ গাড়ীখনৰ বাবেহে সি উদ্বিগ্ন হৈ উঠিছিল।

 ভালে ভালে সিহঁত লাচুং পাইছিল গৈ। ক্লান্তিকৰ যাত্ৰাৰ পিছত অনিৰুদ্ধই হোটেলৰ কোঠাৰ বিছনাত ভাগৰুৱা দেহটো এৰি দিছিল। তাৰ ৰুমমেট চাৰ্গেই গা ধুবলৈ সোমাইছে। সি ৱেটাৰক মাতি আধা ঘণ্টাৰ পাছত দুকাপ কফি আনিবলৈ ক’লে। সি নিতিশালৈ ফোন কৰিলে। তাইৰ ফোনটো বাজি বাজি বন্ধ হৈ গৈছে। তায়ো ফ্ৰেছ হৈছে কিজানি। এইখন হোটেলৰ প্ৰথম মহলাত তাইৰ আৰু মিচেচ শৰ্মাৰ কোঠা। অনিৰুদ্ধৰ এবাৰ তাইক লগ ধৰিবৰ মন গ’ল। সি কোঠাৰ খিৰিকীখন খুলি দিলে। গ্ৰীল নথকা খিৰিকীৰে লাচুঙৰ আবেলিৰ শোভা কোঠাটোলৈ সোমাই আহিছে। অনিৰুদ্ধই তন্ময় হৈ চাই ৰ’ল। লাচুঙৰ পৰা পিছদিনা ব্ৰেকফাষ্ট কৰিয়েই সিহঁতে য়ামথাং ভেলীলৈ গৈছিল। নানাৰঙী বনৰীয়া ফুল আৰু সেউজীয়াৰ সমাহাৰ য়ামথাং ভেলীখন খুউব ভাল লাগিছিল অনিৰুদ্ধৰ। নিতিশাৰ সৈতে কেইবাখনো ফটোও উঠিলে সি। জিৰ’ পইণ্টত গৈ সকলোৱে বৰফ বৰফ খেলিলে। কলা জেকেট পৰিহিতা নিতিশাক বৰফৰ শূভ্ৰতাৰ মাজত অনন্যা সুন্দৰ লাগিছিল। অনিৰুদ্ধই সুবিধা পালেই নিতিশাৰ ফটো লৈছিল। তাকে দেখি চাৰ্গেই জোকাইছিল।

 : তোমালোকে হনিমুনত ইয়ালৈকে আহিবা দিয়া। ফটোগ্ৰাফাৰৰ প্ৰয়োজন হ’লে মোক খবৰ দিবা।

 : বেং মাতিম! কাবাব মে হাৰ্ডি! নিতিশাই তালৈ চাই সিঁয়াৰিলে।

 সিহঁতৰ কথা শুনি অনিৰুদ্ধৰ লগতে বাকীবোৰেও উচ্চস্বৰে হাঁহিলে।

 জিৰ’ পইণ্টৰ পৰা লাচুঙৰ হোটেললৈ গৈ বস্তু বেহানি লৈ সিহঁত লাছেনলৈ ওলাই গ’ল। লাছেনৰ পৰা পিছদিনা পুৱাই সিহঁত ভাৰত তিব্বত সীমান্তৰ গুৰুডুংগমাৰ হ্ৰদলৈ যোৱাৰ কথা। লাছেনত সন্ধিয়া লাগি ভগাৰ পিছত অনিৰুদ্ধহঁত আহি পাইছিল। কম ভল্টেজৰ লাইটৰ পোহৰত লাছেনখন কিবা ভৌতিক ঠাই যেন দেখাইছিল। অনিৰুদ্ধহঁতে সিহঁতৰ বাবে আগতীয়াকৈ ঠিক কৰি যোৱা হোটেলখনত উঠিলগৈ। লাছেন এখন তেনেই সৰু ঠাই। ইয়াৰ বিদ্যুৎ যোগান ব্যৱস্থাও যথেষ্ট পুতৌজনক। হোটেলৰ মেনেজাৰজনে অনিৰুদ্ধহঁতক কৈছিল। বেছিভাগ সময়তে লাছেনত কাৰেণ্ট নাথাকে। থাকিলেও ভল্টেজ নাথাকে। গতিকে হোটেল কৰ্তৃপক্ষই সিহঁতক যিমান পাৰি সোনকালে

ৰাতিৰ আহাৰ কৰি শুই যাবলৈ ক’লে। এনেয়েও পাহাৰীয়া মানুহে সন্ধ্যা আঠ বজাতেই নিশাৰ আহাৰ

বিচ্ছুৰিত বৰ্ণালী » ৯২