পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 যদি বর্ণালীয়ে মােৰ অনুভূতিৰ তীব্রতা আৰু সততা উপলব্ধি কৰিব নােৱাৰে? যদি বর্ণালীয়ে মােৰ প্রেমপত্র হাঁহি হাঁহি গৈ বাইদেউৰ হাতত তুলি দিয়েগৈ ?

 নাই! মই কোনােপধ্যেই সেই কাম কৰিব নােৱাৰোঁ। মােৰ বাবে, মােৰ চিৰ পুজিতা মৰমী বাইদেউৰ সন্মানত অকণমান আঁচোৰ লগাটোও মই সহ্য কৰিব নােৱাৰিম। লাগিলে তাৰ বাবে মই যিমানেই মূল্য দিব লগা নহওক কিয়।

 সিদ্ধান্তত মই উপনীত হ’লোঁ। ঘড়ীটোলৈ চালোঁ। ফ্লৰ’চেন্ট ডায়েলত তেতিয়া নিশা তিনিবজাৰ সংকেত। এটা দীঘলীয়া উশাহ ল’লোঁ! অজয়ৰ শেষ বাক্যটো মনত পৰিল। ’মই তােৰ আশু আৰােগ্য কামনা কৰোঁ...’ আন্ধাৰতে মই এবাৰ নিশব্দে হাঁহি উঠিলোঁ। দিনটোৰ সমস্ত ভাগৰবােৰ তেতিয়াহে যেন মােৰ চকুৰ পতালৈ নামি আহিল।

 ক্লাছ কৰি আছে। নিত্য নৈমিত্তিক ৰুটিন৷ আঠবজাৰ পৰা চাৰে বাৰ বজালৈ পুৱা বেলাৰ ক্লাছ, তাৰ পিছত আকৌ দুইবজাৰ পৰা চাৰিবজালৈ, কেতিয়াবা পাঁচ বজালৈ ভাটিবেলাৰ ক্লাছ। মাজতে দহবজাৰ পৰা চাৰে দহ বজালৈ কেন্টিন আৰু নিতুলৰ দোকানত চাহ-তামােলৰ আড্ডা, ৰাতি বাৰ বজাত বিছনা, পুৱা চাৰে সাত বজাত ব্রেকফাষ্ট।

 শিৱাশীষৰ লগত আবেলি দত্ত ছাৰৰ ঘৰলৈ ওলাই গ’লোঁ। ছাৰ আৰু বাইদেউৰ সৈতে আধাঘণ্টা সময় ইটো সিটো কথা পাতি কটালোঁ। ছাৰৰ ছােৱালীজনী প্রিয়ম বৰ মৰমলগা। তাইক জোকাই জোকাই অতিষ্ঠ কৰি এটা সময়ত আমি বিদায় ল’লোঁ৷

 শিৱাশীষে এইকেইদিন মােৰ লগত খুউব লাগি আছে। তাক বােলে মােৰ প্ৰেমৰ প্রেজেন্ট কণ্ডিচনটো জনাব লাগে। মই তাক কৈছোঁ যাৰ ‘পাষ্ট’ বুলিয়েই একো নাই, তাৰ আকৌ ‘প্রেজেন্ট কণ্ডিচন’ বুলি কিবা বস্তু থাকে নেকি?

 বহুদিন বাইদেউৰ পৰাও চিঠি পােৱা নাই। হােষ্টেললৈ অহাৰ পিছতেই মই মােৰ কুশলবার্তা জনাই তাইলৈ এখন চিঠি দিছিলোঁ। তাৰ পিছত আৰু নাই। তিনিমাহেই হ’ল কিজানি। যােৱাবাৰৰ পূজাৰ বন্ধতাে তাইৰ ওচৰলৈ যােৱা নহ’ল।

 দুপৰীয়াৰ ভাত সাঁজ খাই টোপনি অনাৰ চেষ্টা কৰি আছিলোঁ। আজি শনিবাৰ। আবেলিৰ ক্লাছৰ লেঠা নাই। গতিকে তিনিমান বজালৈ শুই চাৰি বজাৰ ফাৰ্ষ্ট শ্ব’ চিনেমা চোৱাৰ মতলব। পাভৈ টকীজত ‘অগ্নিসাক্ষী’ দিছে হেনাে। মানুহ বেছি হ’ব বুলি মােৰ ৰূমমেটে এডভান্স টিকেট কাটি আনিছেই। তাৰ অনুগ্রহতেই আজিৰ দৰ্শনীটো৷

 : চিন্ময়দা, আপােনাৰ চিঠি। ৰূমৰ দুৱাৰ ঠেলি জেহিদুল সােমাই আহিল। সি মােৰ সন্মুখৰ ৰূমটোতে থাকে।

 : দুটকা এটা দিয়ক। জেহিদুলৰ ব্লেকমেইলিং।

 : ঘৰৰ চিঠি। চিঠিখনলৈ কেৰাহিকৈ চাই গুৰুত্ব নিদিয়া যেন দেখুৱাই ক’লোঁ- টেবুলতে থৈ যা।

 : মােক ইমান বুৰ্বক পাইছে। ঘৰৰ পৰা কোনােবাই এনেকুৱা ফুল তৰা আঁকা খামত চিঠি দিয়ে? এইবাৰ সি মােৰ বিছনাতে বহিল। ক’লে দুটকা এটা নিদিলে কিন্তু চিঠি দিয়া নহয়।

 ঘৰৰ যে চিঠি নহয়, সেয়া ময়াে বুজিছে। ইমান ধুনীয়া খামত আজিলৈকে মােৰ চিঠি অহা নাই৷ তথাপি বেছি উছাস দেখুৱালে জেহিদুলৰ ডিমাণ্ড বাঢ়ি যাব। সেইবাবে মই তাৰ ফালে পিঠি দি শুই পৰিলোঁ আৰু

বিচ্ছুৰিত বর্ণালী >> ২২