চাৰি
বাহিৰত ক্ৰমাৎ পােহৰ হৈ আহিছে। ঋষিতে ঘড়ীটোলৈ চালে । চাৰি বাজি পাঁচ মিনিট। পুৱা পাঁচ বজাত পতাকা উত্তোলনেৰে চিয়াচেনৰ বৰফভূমিত গণৰাজ্য দিৱসৰ পাতনি মেলা হ’ব। তাৰ পিছত জোৱানসকলৰ মার্চ পাষ্টত সি অভিবাদন গ্রহণ কৰাৰ কথা।
ঋষিতৰ মনত পৰিছে আজিৰ পৰা পাঁচোটা বছৰৰ আগৰ গণৰাজ্য দিৱসৰ পূর্বসন্ধ্যালৈ। সিদিনাই সি বিশেষ বার্তাযােগে গম পাইছিল— সি ৰাষ্ট্ৰপতিৰ পুৰস্কাৰৰ বাবে বিবেচিত হৈছে।
: কি! কথাটো তাৰ বিশ্বাস কৰিবলৈ টান লাগিছিল। হ’ম ছেক্রেটাৰীৰ পৰা যােৱা চিঠিখন সি বাৰে বাৰে লুটিয়াই চাইছিল।
: কংগ্রেচুলেচন মিঃ দত্ত। দাসগুপ্তা ছাৰে তাক অভিনন্দন জনাবলৈ আহিছিল। তাৰ পিছত অভিনন্দন জনােৱা লােকৰ আৰু ভিৰ লাগিছিল। জোৱানসকলে হাতে হাতে ফুলৰ থােপা লৈ অভিনন্দন জনাব আহিছিল।
ঋষিত মানুহৰ জুমৰ পৰা যেনে তেনে ওলাই গৈ এটা পি চি অ’ত সােমাইছিল। প্রথমেই সি ডায়েল কৰিছিল এৰিষালৈ।
: হেল্লো, এৰিষা! উত্তেজনাত তাৰ মাতটো কঁপিছিল, শুনিছানে তুমি ?
: শুনিছোঁ! কোৱা আক’!— তাই কৈছিল।
: হেল্লো, শুনিছা এৰিষা? আকৌ কৈছিল সি।
: কিনাে অকল শুনিছা, শুনিছা কৈ আছা? ক’লেহে শুনিম। ভেকাহি মাৰি উঠিছিল এৰিষাই।
: অ’ শুনা। ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ মই পাইছোঁ। কার্গিল যুদ্ধৰ বাবে।
: ধেৎ ধেমালি কৰিছা কিয়? তােমাকহে পুৰস্কাৰ দিবলৈ পালেগৈ নহয়।
: ধেমালি নহয় ৰিচা, বিদ্যা শপত। —সি কৈছিল।
: সঁচা? —এৰিষাৰ সন্দেহ দূৰ হােৱা নাই।
: কাইলৈৰ পেপাৰ পঢ়িবা আক’। আৰু শুনা, কাইলৈৰ গণৰাজ্য দিৱসৰ পেৰেডত আমাক বিশেষ সন্মান জনােৱা হ'ব বুলি কৈছে। পেৰেডৰ সন্মুখভাগতে আমাক এখন খােলা গাড়ীত উঠি যােৱা দেখিবা। তুমি টিভিত চাবা দেই। ইস্ আগতে গম পােৱা হ’লে তােমাক পেৰেড চাবলৈ ইয়ালৈকে লৈ আহিলোঁহেঁতেন। — উলাহেৰে গােটেই কথাখিনি একেৰাহে কৈ পেলাইছিল ঋষিতে। মাকলৈ ফোন কৰিও সি একেই কথাখিনি কৈছিল। সি পুৰস্কাৰ পােৱাৰ খবৰ শুনি আটাইতকৈ বেছি সুখী হৈছিল ৰহমান খুড়া।
ক্ষীণ হাঁহি এটি ঋষিতৰ ওঁঠেদি ঢৌ খেলি গ’ল। সেই বিশেষ গণৰাজ্য দিৱসত সি যেতিয়া হুড খােলা গাড়ীত থিয় হৈ ৰাষ্ট্ৰপতিৰ কাষেৰে পাৰ হৈ গৈছিল, গর্বত তাৰ বুকু ফুলি উঠিছিল। তাৰ সেই মুহূর্তত এৰিষালৈ মনত পৰিছিল। তাই নিশ্চয় এতিয়া লগৰ বান্ধৱীৰ আগত টিভিৰ পৰ্দাত ওলােৱা তালৈ আঙুলিয়াই চিঞৰিছে চোৱা চোৱা, সেইজন, সেই যে প্রথম লাইনৰ একেবাৰে সোঁফালে,
ৰাষ্ট্ৰপতিৰ কাষেৰে পাৰ হৈ গৈছে, ওখ, হেণ্ডচাম...