পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ট্রেজেডি।

 মাকৰ কথাত গােটেইজাকে হাঁহি দিছিল। অনুলেখেও।

 ৰিং চেৰিমনিৰ দিনাৰ পৰা জোৰোণৰ দিনালৈকে এই বাৰটা দিন কেনেদৰে পাৰ হ’ল অনুলেখে ক’বই নােৱাৰিলে। জীৱনত সি কেতিয়াও ইমান বেছি কাম কৰি পােৱা নাছিল। ঘৰখনত এইখনেই প্রথম বিয়া, স্বাভাৱিকতেই মাক-দেউতাকহঁতৰাে অভিজ্ঞতা কম। সিয়েই আক-তাক সুধি বিয়াৰ যা-যােগাৰবােৰ কৰি পেলাইছিল। জোৰােণৰ দিনাখন কাম কৰি ঘূৰি পুৰােতেও অনুলেখৰ কাণখন আছিল টেলিফোনৰ ৰিছিভাৰত। ৰিং এটা হলেই দৌৰ মাৰি গৈছিল সি। শ্বেমিম আহি এয়াপৰ্টৰ পৰা ফোন কৰাৰ কথা। ৰৰৈয়ালৈ যিকোনাে মুহূর্তত যাব পৰাকৈ গাড়ী এখন সাজু ৰাখিছিল সি। মাহীয়েকৰ ল’ৰা প্রিয়াংশুক সি এয়াৰপৰ্টৰ পৰা আলহী আনিবলৈ যাব লাগিব বুলি কৈ থৈছে।

 বিয়াঘৰত ফোন ৰিং হােৱাৰ জানাে কিবা সীমা সংখ্যা আছে। ইমানবােৰ ফোনৰ মাজতাে কিন্তু শ্বেমিমৰ সুললিত কণ্ঠটো ওপঙি নাহিল। তাই কিজানি আজিও আহিব নােৱাৰিলে। অলপ দেৰিৰ পাছত ফোন কৰি ক’ব ছৰি অনুলেখ। আজি গুৱাহাটীৰ ফ্লাইট কেনচেল। অথবা বছে ক’লে— আর্জেন্ট কাম এটা নকৰিলেই নহয়....

 : দিম আজি মজাটো৷— অনুলেখে ভােৰভোৰালে।

 ৰভাঘৰত ইতিমধ্যে জোৰােণ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পূবালীমা কইনাৰ সাজেৰে খন্তেক পিছতে আহি নিখাঞ্জৰ মাক-দেউতাকে তাইক নানা অলংকাৰেৰে শােভিতা কৰি তুলিব। নিজকে নিখাঞ্জৰ ঠাইত কল্পনা কৰিলে অনুলেখে। শ্বেমিমৰ অপেক্ষাত যেন বহি ৰৈছে অনুলেখ। আন্দোলিত বুকুৰ সঘন হৃদয়স্পন্দনেৰে অপেক্ষাৰত হৈ ৰৈছে শ্বেমিমৰ পায়লৰ মৃদু ঝংকাৰ শুনিবৰ বাবে। এই শ্বেমিম ওলাই আহিব। লাজ কৰি তাই অনুলেখৰ সন্মুখত বহিব। আৰু অনুলেখৰ মাক-দেউতাকে... (জোৰােণত জানাে অনুলেখ যাব পাৰিব! খেলিমেলি লাগি গ’ল তাৰ। নিখাঞ্জ দেখােন অহা নাই)

 : উ... উ... উ... উ... মংগল উৰুলিৰ শব্দই হঠাতে ৰভাৰ কেউকাষ ৰজনজনাই তুলিলে।

 অনুলেখে দেখিলে নিখাঞ্জৰ মাকে পূবালীমাৰ দুকাণে দুপাট কাণফুলি পিন্ধাইছে। এইবাৰ তেওঁ এডাল শকত নেকলেছ লৈ পূবালীমাৰ ডিঙিত পিন্ধাবলৈ আৰম্ভ কৰিছে।

 : হেই অনুলেখ!— কাৰােবাৰ চিঞৰত সি ঘূৰি চালে। বিস্ময়ত তাৰ দুচকু ডাঙৰ হ’ল। পিঠিত এটা হেভাৰছেক লৈ সেইজনী শ্বেমিম। এযােৰ বেঙুনীয়া চুৰিদাৰেৰে তাইক যে কি অপূর্ব লাগিছে।

 : আহা আহা সি আগুৱাই গ’ল। ৰভাৰ মাজতে চকী এখন টানি বহিবলৈ দিলে তাইক। তাইৰ হাতৰ পৰা বেগটো লৈ খৰ খােজে ভিতৰলৈ গ’ল সি। এগিলাচ চৰবত তাইৰ বাবে সি নিজহাতে লৈ আহিব। কিযে পাগলী এইজনী! এয়াৰপ’ৰ্টৰ পৰা ফোন-চোন নকৰি নিজে অটো ভাড়া কৰি আহি গৈছে।

 : কিয় যে এনেকুৱা কৰা!— শ্বেমিমৰ কাষত এপাকত এবাৰ বহি সি অভিযােগ কৰিলে— তােমাৰ আনিবৰ বাবে গাড়ী পঠাম বুলি কোৱাৰ পিছতাে...

 : কিয় এতিয়ানাে কি হল?— তাই ক’লে।

 : এইবােৰ তােমাৰ অচিনাকি ঠাই৷ কেনেবাকৈ ৰাস্তা ভুল কৰি পেলােৱা হ’লে!—অনুলেখৰ কথাত স্পষ্ট আশংকা।

 : হেৰাই গ’লোঁহেঁতেন। শ্বেমিমে হাঁহিলে। তেতিয়া তুমি মােক বিচাৰি ফুৰিলাহেঁতেন। হাউ নাইচ।

 : পাগলীজনী। কৃত্রিম ধমক দিলে অনুলেখে।

বিচ্ছুৰিত বৰ্ণালী >> ৫৯