পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুই


 চিকিমত জইন কৰিব লাগিব বুলি শুনি অনিৰুদ্ধৰ মন কোঁচ খাই গৈছিল। মাজতে চুক্তিৰ অধীনত অস্থায়ী চাকৰি এটাৰ বাবে মেঘালয়ৰ ভিতৰুৱা ঠাই এখনত থাকোতে সি ভাল তিতা কেঁহা পাই থৈছে। পাহাৰত জীয়াই থকাৰ কি যে ভয়ানক যন্ত্ৰণা! বিশুদ্ধ পানীৰ অভাৱ, খাদ্য সামগ্ৰীৰ পৰ্যাপ্ত যোগানৰ অভাৱ, গেছ চিলিণ্ডাৰৰ অভাৱ! উস! মাক দেউতাকে তাক বুজাইছিল। কোম্পানীটো ভাল। তাৰ দৰমহাৰ গাঁথনিও যথেষ্ট লোভনীয়। তদুপৰি সি ইলেকট্ৰনিক ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লৈ বহি থকাও প্ৰায় তিনিটা বছৰেই হ’ল। মাকে তাৰ হৈ ইতিমধ্যে বিভিন্ন মন্দিৰ আৰু নামঘৰত চাকি দিয়া আৰম্ভ কৰিছে। অগত্যা অনিৰুদ্ধ তাৰ নতুন কোম্পানীৰ চিকিমস্থিত অফিচত যোগদান কৰিলেহি। তাৰ ভাগ্যখন অৱশ্যে বেয়া নাছিল। কোম্পানীয়ে তাক প্ৰশাসনীয় কাম চোৱাচিতা কৰিবৰ বাবে গেংটকস্থিত মুখ্য কাৰ্যালয়তে নিযুক্তি দিলে।

 অনিৰুদ্ধৰ সচাঁকৈয়ে খুউব ভাল লাগিছিল। সিহঁতৰ অফিচটো গেংটকৰ প্ৰাণকেন্দ্ৰ এম জি মাৰ্গত আছিল। ইয়াতকৈ আৰু কিমান সুন্দৰ ঠাইত এটা অফিচ থাকিব পাৰে। অফিচৰ পৰা নামিলেই ফুলৰ টাব আৰু শাৰী শাৰী বেঞ্চিৰে সুসজ্জিত, টাইলচ খচিত এম জি মাৰ্গ ৰ’ড। বিভিন্ন সময়ত বিভিন্ন ফুলৰ প্ৰজাতিয়ে জকমকাই থকা যেন এখন নানাৰঙী বাগিছা। কুৱঁলিৰ ওৰণিৰে ঢাকি ৰখা পথত পৰ্যটকৰ চঞ্চল খোজ। অনিৰুদ্ধহঁতৰ অফিচৰ পৰা ওলালেই সিহঁতে পৰ্যটকৰ চেলফি আৰু কেমেৰাৰ ফ্লাছৰ অৰণ্যত সোমাই পৰে যেন! কিযে এক সপোন সপোন পৰিৱেশ।

 অনিৰুদ্ধৰ দিনবোেৰ সুন্দৰকৈ কাটি গৈছিল। কেতিয়াবা সিহঁতৰ অফিচৰ ষ্টাফৰ লগত চিকিমৰ ভিতৰুৱা অঞ্চলত থকা প্ৰজেক্ট চাইটলৈ গৈছিল। এদিন থাকি আকৌ ঘূৰি আহিছিল। চাৰিওফালে কি যে বিতোপনকৈ প্ৰকৃতিয়ে চিকিমখন সজাইছে! প্ৰজেক্ট চাইটলৈ যোৱা দিন কেইটা কামৰ লগতে অৱসৰ বিনোদনৰ বাবেও সিহঁতৰ বাবে খুউব লোভনীয় আছিল।

 ছমাহৰ পিছত প্ৰথম ছুটীত গৈছিল অনিৰুদ্ধ। গেংটকৰ ঠাণ্ডাৰ পৰা ওলাই লৈ ডিব্ৰুগড়ৰ সামান্য গৰমো অসহ্য লাগিছিল। মাকে তাৰ অৱস্থা দেখি হাঁহিছিল। তই দেখোন একেবাৰে চিকিমিজ হৈ গলি। তাতে বিয়া কৰাই ৰৈ নাযাবি আকৌ মাকে জোকাইছিল তাক।

 : নাই দেই! সি মাকক কৈছিল। চিকিমৰ প্ৰেমতহে পৰিছো, চিকিমিজৰ সংস্পৰ্শলৈ অহা নাই এতিয়াও। চিন্তা নকৰিবা।

 ছুটী শেষ কৰি অনিৰুদ্ধ যেতিয়া অফিচত পুনৰ যোগ দিলেহি, সি দেখিলে তাৰ সন্মুখৰ টেবুলত এজন নতুন ল'ৰাই কাম কৰি আছে। সি তাৰ কাষতে বহা শৰ্মাক সোধোতে ক’লে, অফিচত হেনো তিনিজন কোম্পানীৰ স্থানীয় নিযুক্তিৰ আঁচনিত যোগদান কৰিছে। কোম্পানীৰ দিয়াৰ ইচ্ছা নাছিল। যদিও ৰাজ্য চৰকাৰৰ হেঁচাত কম সময়ৰ ভিতৰতে বাচনি কৰি দিব লগা হ'ল। অনিৰুদ্ধ পোন্ধৰ দিনৰ ছুটীত যোৱাৰ সময়ছোৱাৰ ভিতৰতে সিহঁতৰ বাছনি আৰু নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হৈছিল। টিফিনৰ

সময়তহে চাৰ্গেই ভূটিয়াই আকৌ কথাটো ওলালে। অফিচত বোলে কোম্পানীৰ নতুন ষ্টাফে জইন

বিচ্ছুৰিত বৰ্ণালী >> ৮৪