পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বটল এটা দিবলৈ কৈ পঠালে। লগতে এক প্লেট চিকেন ফ্রাই। হােটেলৰ লগতে ‘বাৰ’ আছে। অন্য দিনা সি বাৰতে খায়। তাৰ ৰুমমেট ছামাদে মদ নাখায় বাবে সি ৰূমলৈ মদ নানে । আজি ৰূমত অন্য কোনাে নথকাত অনুলেখৰ ৰূমতে খােৱাৰ ইচ্ছা জাগিছে। খন্তেক সময়ৰ পিছতে এটা গিলাচৰ সৈতে ৰূম ছাৰ্ভিচৰ ল’ৰাটোৱে হুইস্কিৰ বটলটো দি গ’লহি। চিকেন ফ্রাই এক প্লেটো থৈ গ’ল ল’ৰাটোৱে। অনুলেখে তাক বিছটকীয়া নােট এখন বক্চিচ হিচাপে দি পঠিয়ালে।

 বটলৰ সাঁফৰটো খুলি অনুলেখে টেবুলৰ ড্ৰয়াৰৰ পৰা চ’ডাৰ বটলটো উলিয়ালে। এটা পেগ বনাই সি গিলাচটো দুচকুৰ আগত দাঙি ধৰিলে। ৰঙীন মদেৰে ভৰা গিলাচটোত যেন সি পুনৰ দেখা পালে সেই মুখখন। মদ খােৱাৰ সময়ত সি সেইখন মুখ সদায়েই দেখা পায়৷ তাক কোনােদিন মদ নাখাবলৈ শপত খুওৱা সেই প্রিয়তমা নাৰীৰ মধুৰ শব্দ এতিয়াও তাৰ কাণত বাজি থাকে। তথাপি সি মদ খায়। মদৰ নিচাত ডুব গৈ সি প্রতিদিনে সেই প্রিয়তমা নাৰীৰ মংগলৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা কৰে।

 গিলাচটোৰ মদখিনি কোঁৎ কোঁৎকৈ পি পেলালে অনুলেখে। আগতে অনুলেখহঁতৰ ঘৰৰ কাষৰে চন্দন নামৰ মানুহজনে অতি বেছি মদ খােৱা বাবে অনুলেখহঁতৰ গ্রুপটোৱে তেওঁক পিপা বুলি কৈছিল। অনুলেখৰ কথাটো মনত পৰিলে ভীষণ হাঁহি উঠে। অনুলেখ আজি জানাে কম ডাঙৰ পিপা। অথচ এসময়ত সি মদ হাতেৰেই নুচুইছিল। সেই ছােৱালীজনী তাৰ জীৱনলৈ অহাৰ পিছত সিটো চিগাৰেটো এৰি পেলাইছিল। কেনেকুৱা ভাল লাগিছিল তাৰ। তাইৰ মৰম অনুশাসন মানি সি মনতে অসম্ভৱ আনন্দ লাভ কৰিছিল। তাইৰ মৰমৰ গালি খাবলৈকে সিযে তাই বেয়া পােৱা দুটা এটা সৰু-সুৰা কাম তাই দেখা পােৱাকৈ সদায় কৰিছিল।

 প্লেটৰ পৰা চিকেন এটুকুৰা মুখত ভৰাই চোবাই থাকিল অনুলেখে। পেগ আৰু এটা বনালে সি। তাৰ সেই প্রিয়তমা নাৰী অর্থাৎ শ্বেমিমৰ স্মৃতিৰ দোলনাত সি আক’ এবাৰ দুলিবলৈ আৰম্ভ কৰিলে৷

 আহ্ শ্বেমিম! বুকুখন হেঁচা মাৰি ধৰে অনুলেখৰ। তাইক লগ পােৱাৰে পৰা বিদায় জনােৱাৰ সেই মুহূৰ্তলৈ গােটেই সময়ছােৱাৰ সমগ্র দৃশ্যপট কেনে ফটফটীয়াকৈ তাৰ মনত আছে। যেন এইমাত্র দেখি উঠিছে সি এটা মধুৰ সপােন। ঘটনাবােৰে হৃদয়ত খােপনি পুতি ৰৈ গৈছে।

 এগ্রিকালচাৰ ছায়েন্সত বি এছ চি কৰাৰ পাছত অনুলেখ গুৱাহাটী ইউনিভাৰচিটিত এম বি এ কৰিবলৈ আহিছিল। সেইদৰে ছিলঙৰ ছােৱালী শ্বেমিমাে আহিছিল। তাই ইঞ্জিনিয়াৰিঙৰ ষ্টুডেন্ট আছিল। ইঞ্জিনিয়াৰিং তাই যােৰহাটত পঢ়িছিল। অনুলেখৰ লগত চিনাকি হােৱাৰ পাছত তাৰ ঘৰখন ইঞ্জিনিয়াৰিং কলেজৰ ওচৰতে বুলি জনাৰ পিছত সিহঁতৰ মাজত হঠাতে আত্মীয়তা বাঢ়ি গৈছিল। যেন বহুদিনৰ চিনাকি সিহঁত। সিহঁত দুটা কেনেকৈনাে বন্ধু হৈ পৰিল এটায়াে টলকিব নােৱাৰিলে।

 অনুলেখ আৰু শ্বেমিম ক্ৰমাৎ ঘনিষ্ঠ হৈ উঠিল। ইউনিভাৰচিটি ক্লাছত, সন্ধিয়া মার্কেটত লগ পাই অন্তৰংগভাৱে কথা পতাৰ পাছত লাহে লাহে সিহঁতে বন্ধ বাৰত ৰেষ্টুৰেণ্টত বহাও

আৰম্ভ কৰিছিল। কিয় জানাে অনুলেখে শ্বেমিমক বেছি সময় নেদেখিলে এক ভয়ানক অস্থিৰতাত ভুগিবলৈ আৰম্ভ কৰিছিল, তায়ো যেন তাক লগ পাবলৈ বেছ উদগ্রীব হৈ থাকে।

বিচ্ছুৰিত বর্ণালী » ৫৪