দুৱাৰ খুলি দিছিল। সন্মুখত ঋষিত।
: উৱা ওলালাই! মই যে সাৰেই পােৱা নাছিলোঁ। কথাটো কৈ তাইৰ অকণমান লাজ লাগিল। ঋষিদাই বাৰু কি ভাবিব! এৰিষাৰ মৃত্যুভূমিত তাইৰ সুখৰ টোপনি!
: সোনকাল কৰা’—সি আহি তাইৰ কোঠাৰ বিছনাখনতে বহিছিল। মিচু লৰালৰিকৈ বাথৰূমত সােমাইছিল। বাথৰূমৰ পৰা ওলায়েই তাই দেখিলে, ঋষিতে তাইৰ কাপােৰ-কানিবােৰ সামৰি বেগত ভৰাই আছে৷
: ঋষিদা! বস্তুবােৰ! তাইৰ খােকোজা লাগিছিল।
: আমি একেবাৰে হােটেল এৰি যামগৈ।—সি কৈছিল। ময়াে বেগ লৈয়েই লৈছোঁ। তুমি সােনকালে ওলােৱা।
একো নকৈ মিচুৱে যাবৰ বাবে সাজু হৈছিল। ঋষিতক আজি বেছি আমনি কৰিবলৈ তাইৰ ভয় লাগিছে।
: হ’ল তােমাৰ ?— তাইলৈ চাই ঋষিতে সােধে।
: ওঁ ব’লা। -কোঠাৰ দুৱাৰখন লক্ কৰি সিহঁত দুটা ওলাই আহিল।
: ঋষিদা, এতিয়া বেগবােৰ ক’ত থ’বা? বেগ কঢ়িয়াবলৈ আমনি পাইছে মিচুৱে। তাৰ উপৰি বেগ দুটা অনর্থক কঢ়িয়াই লৈ ফুৰাতকৈ ক’ৰবাত থৈ লােৱাই ভাল।
: বেগবােৰ আৰু কিয় থ’ব লাগে?—ঋষিতে ক’লে—আমিতাে এতিয়া এয়াৰপৰ্টলৈ গৈ আছোঁ। আজিৰ ফাৰ্ষ্ট ফ্লাইটখনতে পাৰিলে ইয়াৰ পৰা উভতি যাম।
: কি?— মিচুৰ মূৰত যেন সৰগহে ভাগি পৰিল।
: ওঁ। ঘূৰি যাম।—ঋষিতে গম্ভীৰ স্বৰত ক’লে।
: কিন্তু ঋষিদা। মইতাে এৰিষা-অর্পণাৰ...
: সমাধিলৈ যাব খুজিছিলা...। তাইৰ ওঁঠৰ পৰা বাক্যটো কাঢ়ি লৈ ঋষিতেই কৈ পেলালে। ময়াে সেইবাবেই আহিছিলোঁ মিচু৷ হৃদয়ত জ্বলি থকা দগমগীয়া ঘা টুকুৰাৰ জ্বালা অলপ কমক বুলিয়েই মই তাহাঁতৰ ওচৰলৈ আহিছিলোঁ। কিন্তু প্রতিবাৰেই একেই যন্ত্রণা লৈ মই উভতি যাওঁ। ঋষিতে একেৰাহে কৈ গৈছে।
: ঋষিদা! মিচুৱে আর্তনাদ কৰি উঠিল।
: মই ভাবিছো কি জানা, মিচু ! ঋষিতে ক’লে, মােৰ বুকুৰ যন্ত্ৰণাখিনি তােমালৈ সংক্রমিত নহওক। মােৰ দৰে তুমি এই জুইকুৰা চিৰদিন জ্বলাই ৰাখিব নালাগে।
টেক্সীখন তীব্র গতিত এয়াৰপৰ্টৰ ফালে গৈ আছে। ঋষিতৰ কথাবােৰ মিচুৱে মাথাে শুনি গৈছে। খিৰিকীৰে বাহিৰলৈ চাই আহিছে তাই। ঋষিদাক ক’বলৈ তাই একো ভাষা বিচাৰি পােৱা নাই।
: ঋষিদা। মাত্র এবাৰৰ বাবে এৰিষা আৰু অৰ্পণাক... তাই কাকুতি কৰি উঠিল।
: ওহে! ঋষিতে গম্ভীৰ স্বৰেৰে ক’লে।
টেক্সীখন এয়াৰপৰ্টৰ ওচৰত ৰৈছিল৷ ঋষিতে খৰখােজে কাউণ্টাৰৰ ওচৰলৈ আগুৱাই গৈছিল। মিচু কিছুদূৰত থিয় হৈ থাকিল।
: মিচু! পাই গ’লাে টিকট! ঋষিতে চিঞৰি চিঞৰি উভতি চালে। সি দেখিলে, থিয় হৈ থকা ঠাইত