পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 জ্বৰ হােৱাৰ বাবে অনুলেখ এবাৰ দুদিন ধৰি ক্লাছলৈ যাব পৰা নাছিল। তাৰ ৰূমমেট কৌস্তভক হেনাে শ্বেমিমে প্রথম দিনাই অনুলেখৰ খবৰ সুধি ব্যতিব্যস্ত কৰি তুলিছিল। দ্বিতীয় দিনাও সি ক্লাছলৈ নােযােৱাত শ্বেমিম আহি তাৰ হােষ্টেলৰ ৰূম ওলাইছিলহি। তাৰ প্রবল আপত্তি সত্বেও দুপৰীয়াৰ পৰা সন্ধিয়ালৈ তাই তাৰ বিছনাৰ কাষত বহি তাক শুশ্ৰূষা কৰিছিল৷ তাইৰ ৰূমালখন পানীত তিয়াই অনুলেখৰ কপালত পটী বান্ধি দিছিল। তাৰ হাত এখন তাইৰ দুহাতৰ মাজত চেপি ধৰি একে চিত্তে তাৰ মুখৰ ফালে চাই ৰৈছিল। তাইৰ সেই মমতা ভৰা চাৱনিত অনুলেখে লাজ পাই চকু মুদি দিছিল৷ কেনেকুৱা মাক মাক লাগিছিল তাইক৷ সি যেন তাইৰ ফুলকুমলীয়া কেঁচুৱাহে!

 অনুলেখৰ জ্বৰ ভাল হৈছিল। হয়তােবা শ্বেমিমৰ যাদুকৰী স্পর্শই তাৰ শৰীৰ মন জীপাল কৰি তুলিছিল৷ কিন্তু তাৰ জ্বৰতকৈ বিপজ্জনক সমস্যা এটাৰ সৃষ্টি হৈছিল৷ হোষ্টেলৰ সকলোৱেই অনুলেখক শ্বেমিমৰ সৈতে জোকাবলৈ আৰম্ভ কৰিছিল। অমৰ, সুনীল, মহিবুলহঁতে পার্টি খুৱাবলৈ কৈ কৈ তাৰ কাণ ঘােলা কৰিছিল। পিছদিনা ক্লাছলৈও কথাটো বিয়পি পৰিছিল। শ্বেমিম আৰু অনুলেখ দুয়ােটা থাকোঁতেই ক্লাছত মৃদুস্মিতাই কথাটো সূত্রধাৰে ঘােষণা কৰাৰ দৰে ঘােষণা কৰি দিছিল। সকলােৰে হাত তালিৰ শব্দত অনুলেখ আৰু শ্বেমিম দুয়ােটাই তলমূৰ কৰি থাকিব লগা হৈছিল। আচৰিতভাৱে অনুলেখে লগৰ ল’ৰা-ছােৱালীজাকক তাক শ্বেমিমৰ সৈতে জোকোৱা বাবে একো টান কথা শুনাব পৰা নাছিল। প্রতিবাদ কৰিলেও সেয়া তেনেই দুর্বল শুনাইছিল। সি হৃদয়েৰে অনুভৱ কৰিছিল আচলতে শ্বেমিমৰ সৈতে তাক জোকালে সি মনে মনে প্রচুৰ আনন্দ লাভ কৰে। ইয়েই প্রেম নেকি, অনুলেখে ভাবিবলৈ আৰম্ভ কৰি দিছিল। লগৰ ল’ৰা-ছােৱালীজাকৰ জোকোৱাৰ অত্যাচাৰত কেইবাদিন ধৰি অনুলেখ আৰু শ্বেমিমে কথা পাতিব পৰা নাছিল। সেইবাবে এদিন দেওবাৰে সিহঁত দুটা মালিগাঁৱৰ ৰেষ্টুৰেণ্ট এখনত গৈ বহিছিল। এই প্রথমবাৰৰ বাবে অনুলেখে শ্বেমিমৰ দুচকুলৈ চাই কথা পাতিবলৈ অলপ লাজ লাজ অনুভৱ কৰিছিল।

 : অনুলেখ! তাই কৈছিল— লগৰবােৰে তােমাক খুউব জোকাইছে নহয় ?

 : ওঁ। তােমাক ?

 : মােকো।

 তাৰ পিছত কিছু সময়ৰ মৌনতা।

 : শ্বেমিম। অনুলেখে মাতিছিল।

 : হোঁ!

 :কথাটো মিছা জানাে ?

 : কি কথা? শ্বেমিমে সুধিছিল।

 : এই যে লগৰবােৰে জোকাইছে।

 : লগৰবােৰে কি বুলি জোকাইছে? শ্বেমিমে এইবাৰ অনুলেখক জোকাবলৈ আৰম্ব কৰিছে। অনুলেখ নিমাত।

 : কি বুলি জোকাইছে, কোৱা না ? শ্বেমিমে তাক আকৌ জোকালে।

বিচ্ছুৰিত বৰ্ণালী >> ৫৫