পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰা একেলগে পঢ়া। ডাক্তৰী পঢ়াৰ পিছত ভাস্কৰ সিহঁতৰ ঘৰখনৰ ফেমিলি ডাক্তৰেই হৈ পৰিছে।

 সিদিনাৰ ৰাতিটো অনুলেখৰ বাবে বৰ ভয়ংকৰ ৰাতি আছিল। ভনীয়েকে আত্মহত্যাৰ চেষ্টা কৰা দৃশ্যটো নিজ চকুৰে দেখাৰ পাছত, বিষ ক্রিয়াত চেল খাই যােৱা তাইৰ চকু দুটি দেখাৰ পাছত, আতংকত শুকাই যােৱা মাকৰ মুখখন আৰু খং আৰু অভিমানত ওন্দোলা হৈ থকা দেউতাকৰ মুখখন সকলােৱে যেন তাক একেলগে খেদি আহিছিল। মাকে কৰা অনুৰােধ আৰু দেউতাকৰ গালি, মাহী-মহা-পেহা-পেহীহঁতৰ বুজনি সকলােৰে ওছৰত সি সেও মনা নাছিল। কিন্তু ভনীয়েকৰ সেই ভয়ংকৰ দৃশ্যটো দেখাৰ পাছত তাৰ বুকুখন ভয়ানকভাৱে কঁপি উঠিল। আজি যদি কিবা এটা অঘটন হ’লহেতেন, সকলােৱে তাকে দুষিলেহেঁতেন! সিও জানাে নিজকে ক্ষমা কৰিব পাৰিলেহেঁতেন! নাই। সি ইমান স্বার্থপৰ হ’ব নােৱাৰে। নিজৰ সুখৰ বাবে সি মাক-দেউতাক, ভনীয়েক সকলােৰে সুখ কাঢ়ি ল’ব নােৱাৰে। সেই বাবেই সি মাজৰাতি বিছনাৰ পৰা উঠি পূবালীমাকো শােৱাৰ পৰা উঠাই তাইৰ ওচৰত প্রতিজ্ঞা কৰিছিল, সি শ্বেমিমক তাৰ জীৱনৰ পৰা আঁতৰাই পঠাব । ঘৰৰ সকলােৱে বেয়া পােৱা কাম এটা কৰি সি মাক-দেউতাক-ভনীয়েকৰ লগতে সম্পৰ্কীয় মানুহখিনিক দুখ দিব নােখােজে।

 তাৰ সিদ্ধান্তৰ কথা শুনি সেইদুপৰ ৰাতিও ঘৰখন উৰুলীকৃত হৈ উঠিছিল। ভনীয়েকে আবেগত তাক সাবটি ধৰিছিল। কিন্তু ঘৰৰ মানুহখিনিয়ে জানাে জানিছিল কিমান মূল্যৰ বিনিময়ত সি তেনেকুৱা এটা কঠোৰ সিদ্ধান্ত লৈ পেলালে!

 গাৰুৰ কাষতে থকা ঘড়ীটো আনি চালে সি। পুৱা দহ বাজিছে। লাহে লাহে সি বিছনাৰ পৰা উঠিল। দাঁত ব্রাছ কৰি সি বেলকনিৰ পৰা মহানগৰীৰ ব্যস্ত ৰাজপথলৈ চাই পঠিয়ালে৷ ৰেচৰ গাড়ীৰ দৰে গাড়ীবােৰে ইখনে সিখনক পিছ পেলাই থৈ গৈছে। সকলােৰেই সময় নাই। ইজনে সিজনক অতিক্রম কৰি যােৱাটোৱেই যেন এতিয়া জীৱনৰ একমাত্র উদ্দেশ্য।

 কেইবাদিনাে নুখুৰােৱা ডাঢ়িখিনি খুৰাই অলপ চাপ-চিকুণ হ’বলৈ মন গল অনুলেখৰ। শ্বেভ কৰি পুৱাৰ কৰণীয়খিনি কৰি ৰূমৰ পৰা ওলাওঁতে প্রায় এঘাৰ বাজিল। সি গ্রাউণ্ড ফ্ল’ৰলৈ ষ্টেয়াৰকেছেৰে নামি গৈ একাপ চাহ খালে। চিগাৰেট এটা জ্বলাই সি ৰাস্তালৈ ওলাই আহিল।

 প্রচণ্ড চোকা ৰ’দ দিছে। তাতে আগদিনাৰ হেং অভাৰ থকা অনুলেখৰ মূৰত ৰ’দজাকে যেন তীব্র আক্রমণ চলালে। সি পিছুৱাই আহি পুনৰ হােটেলত সােমাল। মূৰটোৰ গধুৰ ভাবটো আঁতৰ হােৱা নাই। হােটেলৰ লগত সংযুক্ত বাৰতে বাৰু এক পেগমান গিলি দিব নেকি! ধেৎ! এতিয়াই নাখাওঁ। সি মনতে ভাবিলে। অলপ পিছত লাঞ্চকে ভালদৰে কৰিব লাগিব বহুদিন সি ভালকৈ এসাজ ভাত খােৱা নাই।

 সি এইবাৰ লিফটেৰে উঠি আহিল। তাৰ ৰূমৰ সন্মুখ পাই দেখিলে চার্ট-পেন্ট পিন্ধা কোনােবা ছােৱালী এজনীয়ে সিহঁতৰ ৰূমৰ কলিং বেলটো বজাই আছে। সি তাইক পিছফালৰ পৰা মাত দিলে— এক্সকিউজ মি!

 ছােৱালীজনীয়ে তালৈ ঘূৰি দিলে। অনুলেখে নিজৰ চকু দুটাকে বিশ্বাস কৰিবলৈ টান পালে

সি সঁচাকৈয়ে ঠিকেই দেখিছেনে। নে আগদিনা প্ৰচুৰ মদ খােৱাৰ বাবে এতিয়াও তাৰ মগজুৱে

বিচ্ছুৰিত বর্ণালী » ৬৪