পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাক স্বার্থপৰৰ দৰে পূবালীমাৰ কথা কৈছিল। নিখাঞ্জক তেনেকৈ ভনীয়েকক বিয়া কৰােৱাৰ প্ৰস্তাৱ দিবলৈ অনুলেখৰ ভাল লগা নাছিল। বন্ধুত্বৰ সুযােগ লােৱা বুলি ভাবিব বুলি শংকা হৈছিল তাৰ। তথাপি সি ভনীয়েকৰ নিৰাপদ ভৱিষ্যতৰ স্বাৰ্থত নিজা মান-অভিমান-আত্মসম্মান সকলাে জলাঞ্জলি দিবলৈ ৰাজী আছিল৷

 অৱশ্যে নিখাঞ্জে তাৰ সকলাে দুশ্চিন্তা আৰু আশংকা অমূলক বুলি প্রতীয়মান কৰিছিল। অনুলেখে তাৰ আগত ভনীয়েকৰ হৈ বিয়াৰ প্ৰস্তাৱ দিয়াত সি অনুলেখক সাবট মাৰি ধৰি কৈছিল— মই জানিছিলোঁ দোস্ত! তই মােৰ হৃদয়ৰ বতৰা আগতেই গম পাই যাবি। পূবালীমাৰ প্রতি মােৰ প্রেম বহুদিনীয়া, মাথোঁ তােৰ আৰু তাইৰ সন্মুখত ক’ব পৰা নাছিলোঁ।

 : কি! বিস্ময় আৰু আনন্দ মিহলি মাতেৰে অনুলেখে কৈছিল—ইড আৰ ইন লাভ উইথ হাৰ।

 : হাড্রেড পার্চেন্ট। স্মার্ট ল’ৰা নিখাঞ্জৰ মুখতাে সিদিনা লাজৰ ছিটিকনি পৰিছিল।— বাট আই হেভ বীন এ চাইলেন্ট লাভাৰ।

 : ওহোঁ। একেবাৰে ডান্টেই ওলালহি। অনুলেখে জোকাইছিল তাক।

 : টিট...টিট...টিট। ধাতৱ শব্দটোত শান্তনু প্রায় উচপ খাই উঠিল। সুপ্ত আগ্নেয়গিৰি এটাহে যেন হঠাৎ সক্রিয় হৈ উঠিল। সি ভাৱনাৰ মাজত ইমান গভীৰভাৱে ডুব গৈ আছিল যে ইণ্টাৰকমৰ ক্ষীণ শব্দটোত তাৰ কাণত তীব্র হৈ ধৰা দিলে। সি বিছনাৰ পৰা উঠি আহি সাহসেৰে ৰিছিভাৰটো দাঙি ল’লে। খবৰ এটা পােৱা? কুশল বার্তা বিনিময়ৰ পাছত পংকজে ক'লে— শান্তনুৰ ৰিং চেৰিমনি হৈ গ'ল । সিমূৰত মেনেজাৰে তাৰ ফোন থকা বুলি কৈ কানেকচন দি দিছে।

 : হেল্ল’ অনুলেখ! মাতটো পংকজৰ বুলি সি ধৰিব পাৰিলে।

 : খবৰ এটা পোৱা? কুশল বাৰ্তা বিনিময়ৰ পাছত পংকজে ক’লে— শান্তনুৰ ৰিং চেৰিমনি হৈ গ’ল নহয়!

 : হয় নেকি! অনুলেখৰ কণ্ঠত উচ্ছাস। সি এতিয়া ক’ত থাকে জানা নেকি?

 : এডজেক্টলি ক’ব নােৱাৰোঁ। ইউ পিৰ ফালে বেংক এটাত চাকৰি কৰি আছে বুলি জানাে।

 : আচ্ছা। -অনুলেখে শলাগিলে। দুটামান কথা পাতি পংকজে ফোন থৈ দিলে।

 শান্তনু। অনুলেখহঁততকৈ দুবছৰ ছিনিয়ৰ স্মার্ট, ইনটেলিজেন্ট ল’ৰাটোৰ মুখখন ভাহি আহিল। ভাল কুইজ কৰিছিল। বেংক প্রবেচনাৰী অফিচাৰৰ পৰীক্ষাত প্রথম প্রয়াসতে সফল হৈছিল সি৷ চাকৰিলৈ যােৱাৰ পাছত অনুলেখহঁতৰ লগত ভাল সম্পর্ক থকা সেই ল’ৰাটোৰ লগতাে যােগসূত্র হেৰাই গ’ল। ‘একেখন নদীৰ একেখিনি পানী দুবাৰ লগ পাব নােৱাৰি’– আণ্ড্ৰে মালৰােৱে মিছাই কৈছিলনে।

 শান্তনুক এবাৰ দৰাৰ সাজত কল্পনা কৰিলে অনুলেখে। খীন,বুদ্ধিমান মুখমণ্ডলৰ অভিজাতিক চেহেৰাৰ ওপৰত সুতীব্র চকুযুৰি ঢাকি ৰখা সামান্য পাৱাৰযুক্ত সৰু ফ্ৰেমৰ চছমাযােৰ। বেছ। বেছ সুন্দৰ লাগিব তাক৷

 তাৰ এই হােটেলখনৰ ৰূমমেট ছামাদ আলীৰাে বিয়াৰ প্রস্তুতি চলিছে। মাক-দেউতাকে হেনাে ইতিমধ্যে তাৰ বাবে ক’ৰবাত ছােৱালী চাইছে। এতিয়ালৈকে ছামাদেহে ছােৱালীজনীৰ বিষয়ে একো জানিব পৰা নাই। নাই যে নাই, ফটো একপিও বােলে দেখুওৱা নাই। সিনাে নিজেই উপযাচি ফটো কপি কেনেকৈ খােজে।

 অনুলেখৰ অন্য দুটা ৰূমমেট শুভেন্দু আৰু মনজিৎ ছামাদৰ গাৰ ওপৰতে জপিয়াই পৰিব। এই

কেইদিনৰ সাহচৰ্য্যতে অনুলেখে বুজিছে সিহঁত দুটা প্ৰচুৰ প্ৰাণ শক্তিৰে ভৰপূৰ ল’ৰা। কেইদিনমানৰ

বিচ্ছুৰিত বর্ণালী » ৫০