পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 : হােষ্টেললৈ গ’লেই জানাে লগ ধৰিব পাৰিম, ৰিচা? –সি কৈছিল।—সেইবিলাক ইন্সটিটিউটৰ অথ’ৰিটিৰ কথা মই জানাে। খুউব ষ্ট্রিক্ট।

 : অহ্। হওঁতে হয়।— তাইৰ কণ্ঠত হতাশা ফুটি উঠিছিল। —মাক-দেউতাকৰ বাহিৰে অন্য মানুহে দেখা কৰিবলৈ হ’লে মা-দেউতাকে তেওঁক ইয়াৰ অফিচত অথ’ৰাইজ কৰা কাগজ লিখি দিব লাগে। ছেঃ তুমি দেখােন নােৱাৰিবা।

 : সেই কাৰণেইতাে কৈছোঁ।

 : হ’লেও তুমি ফোন কৰি থাকিবা দেই। হতাশা দমাই থৈ তাই কৈছিল— ঘৰত হ’লেতাে লগ পাম। তুমি ছুটী ল’লেই ক’বা হাঁ। ময়াে দেউতাক ঘৰলৈ নিবৰ বাবে মাতিম।

 : হ'ব বাৰু। সি কৈছিল।

 : অ’ শুনা। ভালদৰে থাকিবা দেই। মােৰ যে ভয়েই লাগে। তােমাক নিযুক্তি দিবলৈ আৰু অন্য ঠাই নাপালে। ট্রান্সফাৰৰ চেষ্টা কৰিবা হাঁ।

 : অঁ... অঁ.... সি ফোনটো থোৱাৰ কথা ভাবিলে। এনেকুৱা কথা আৰম্ভ হ’লে আৰু সহজে শেষ নহ’ব।

 : চাবা দেই। টেক কেয়াৰ।

 : অ’, কে। —সি ফোনটো থৈ দিছিল।

 চাকৰি কৰি ঋষিতৰ ভালেই লাগিছিল। মাজে মাজে ঘৰলৈ ফোন কৰি সি তাৰ খবৰ-খাতি দিছিল। তাৰ মাকজনী এৰিষাৰ নিচিনাই। দৰকাৰতকৈ বেছি চিন্তা কৰে। এৰিষালৈও সি মাজে মাজে ফোন কৰি খবৰ বাতৰি দিয়ে। তাইৰ হােষ্টেলৰ ফোনটোত অৱশ্যে ফোন বেছি কৰিবলৈ তাৰ মন নাযায়। ৰিচেপছ’নিষ্টগৰাকীয়ে আজিকালি যেন ফোনটো দিবলৈ অলপ টান পােৱা হৈছে।

 ঋষিতৰ মাথোঁ ছমাহ পাৰ হৈছিল। হঠাৎ কাশ্মীৰৰ হেড, কোৱাৰ্টাৰৰ পৰা এদিন তাক মাতি পঠিওৱা হ’ল। তাৰ দৰে বহু অফিচাৰ, ছিনিয়ৰ অফিচাৰ মিটিংখত উপস্থিত আছিল। উত্তৰ সীমান্তৰ দায়িত্বত থকা বিষয়াজনে সিহঁতৰ আগত মিটিংখনৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল। ভাৰতীয় সীমান্তত পাকিস্তানী অনুপ্রৱেশকাৰী প্ৰৱেশ কৰিছে। বিষয়াজনৰ কথা শুনি সকলােবােৰ উত্তেজিত হৈ উঠিছিল। পাকিস্তানী অনুপ্রৱেশকাৰীহঁতক খেদি পঠিওৱাৰ বাবে অভিযান চলাবৰ বাবে প্রয়ােজনীয় নির্দেশনা দি মিটিংখন সমাপ্ত কৰা হ’ল।

 চাৰিওফালে যুদ্ধ সদৃশ এক পৰিৱেশৰ সৃষ্টি হ’ল। গধুৰ গধুৰ মাৰণাস্ত্র, টেংক, বফর্ছ বৰটোপ আদিৰ আগমনে কাশ্মীৰৰ ভূ খণ্ড কঁপাই তুলিলে। সীমান্তত উত্তেজনা প্রৱল হৈ উঠিল। সাহসী ভাৰতীয় সৈনিকৰ দলে পাকিস্তানী অনুপ্রৱেশকাৰীয়ে দখল কৰা পৰ্বতৰ চূড়াবােৰ ইটোৰ পাছত সিটোকে অধিকাৰ কৰি গ’ল।

 যুদ্ধ তেতিয়া বাটালিক ছেক্টৰত লাগি আছিল। অসমৰ কেপ্টেইন এজন যুদ্ধত নিহত হৈছিল। কথাটো গম পাই ঋষিতৰ মনটো দুখেৰে ভৰি গৈছিল। এজন সাহসী জোৱানক ভাৰতবাসী তথা অসমবাসীয়ে হেৰুৱালে। পবর্তৰ শিখৰৰ সুবিধাজনক স্থানবিলাকৰ পৰা অনুপ্রৱেশকাৰীহঁতে গুলিয়াই থকাত ভাৰতীয় সৈনিকৰ কিছু অসুবিধা হৈছিল। কিন্তু ভাৰতীয় সৈনিকৰ দুর্দান্ত যুদ্ধ নিপুণতা আগত

অনুপ্রৱেশকাৰীসকল পৃষ্ঠভংগ দিবলৈ বাধ্য হ’ল। এনেকুৱা কিছুমান সংঘর্ষত ভাৰতীয় পক্ষৰাে সামান্য

বিচ্ছুৰিত বর্ণালী >> ৩১