সমললৈ যাওক

পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বিয়াৰ ছবছৰ পাছত মােৰ বিধিগত ভাৱে বিবাহ বিচ্ছেদ সম্পূর্ণ হৈছিল। মই তােমাৰ স্মৃতিৰে ভৰা চিকিমলৈ ঘূৰি আহিব পৰা নাছিলাে। কলকাতাতে সৰু ভাৰাঘৰ এটা লৈ মই চাকৰি বিচৰা আৰম্ভ কৰিলো। মােৰ কণমানিজনীৰ ভৱিষ্যত আৰু মােৰ পেটৰ জ্বালাৰ বাবে এটা চাকৰি খুবেই প্রয়ােজন আছিল। ভাগ্য ভাল আছিল কিজানি। আগৰ চাকৰিৰ অভিজ্ঞতা আৰু মােৰ ডিগ্ৰীৰ চাৰ্টিফিকেট কেইখনে মােক এটা চলি থাকিব পৰা চাকৰিৰ যােগাৰ কৰি দিলে।

 অনিৰুদ্ধ অলপ ৰ'ল। সি কিবা এটা ভাবি দৌৰি গৈ দুৱাৰখন খুলি বাহিৰলৈ চালে। নাই সি একো ধৰিব নােৱাৰিলে। অনিৰুদ্ধৰ সন্দেহ হৈছে এইমাত্ৰ ৰূমলৈ অহা অচিনাকি মানুহগৰাকী ছাগৈ নিতিশাই আছিল। কিন্তু সিতাে দেখিছে, মানুহগৰাকীয়ে ডাক্তৰৰ এপ্রন পিন্ধি আছিল।

 অনিৰুদ্ধ আকৌ চকীত বহিল। সি চিঠিখনৰ পৃষ্ঠা লুটিয়ালে। নিতিশাই লিখিছে তােমাৰ এখন সুন্দৰ সংসাৰ আছে আৰু সেই সংসাৰত মই কেতিয়াও হেঙাৰ হ’ব নােখােজো। তুমি ভালকৈ স্বাস্থ্যৰ যতন লােৱা, তােমাৰ সংসাৰৰ যত্ন লােৱা, সেইটোৱেই মই বিচাৰাে। তুমিও মােক বিচাৰি পগলাৰ দৰে ঘুৰি নুফুৰিবা। এতিয়া তােমাৰ মােৰ মিলামিচাই তােমাৰ সংসাৰত জুই জ্বলাব পাৰে, যিটো মই কেতিয়াও নিবিচাৰো৷

 অ’ এটা কথা। মােৰ ছােৱালীজনী পঢ়ি শুনি ডাক্তৰ হ’ল। মই তােমাৰ কথা তাইক কৈছাে। তােমাৰ মূৰৰ বিষত কেতিয়াবা চিকিৎসা কৰিম বুলিয়েই তাই নিউৰ’লজিত বিশেষজ্ঞ হৈছে। তুমি শুনি চাগৈ খুউব সুখী হ’বা- তায়াে তােমাক খুউব ভাল পায়।

 অনিৰুদ্ধৰ ওঁঠত হাঁহিৰ টৌ এটা খেলি গ’ল। নিতিশাৰ ছােৱালী ডাক্তৰ হ’ল তেনেহ’লে।

 নিতিশাই চিঠিৰ শেষত বিশেষ দ্রষ্টব্য দি লিখিছে, অনি, তােমাৰ বাৰু লাছেনৰ সেই জোনাক ৰাতিটো মনত আছেনে? সেই জোনাকে আজিও মােৰ জীৱনটো পােহৰাই ৰাখিছে জানা। আজিও জোনাক নিশা মই জোনাকটোলৈ থৰ হৈ চাই ৰওঁ।

 মােৰ স্বামীৰ কিছু সন্দেহ আছিল। মজাৰ কথাটো কি জানা ? মােৰ ছােৱালীজনীৰ পিছত মােৰ কোনাে গৰ্ভধাৰণ নােহােৱাত মােৰ স্বামীয়ে নিজৰ পিতৃত্বৰ ক্ষমতাৰ পৰীক্ষা কৰাইছিল। আৰু খুউব স্বাভাৱিকভাৱে তেওঁৰ পিতৃ হােৱাৰ ক্ষমতা নিগেটিভ ওলাইছিল। মােৰ খুউব হাঁহি উঠিছিল সিদিনা। মােৰ কোলাত খেলি থকা ছােৱালীজনীয়ে মােৰ প্রথম প্রেমৰ স্বাক্ষৰ, সেই জোনাক নিশাৰ শাশ্বত আশীর্বাদ।

 তাৰ মানে! অনিৰুদ্ধই তাৰ মূৰটো হেচি ধৰিলে। তাৰ মূৰটো আকৌ ফাটি যাওঁ যাওঁ কৰিছে। তাৰমানে নিতিশাৰ ছােৱালীজনী অনিৰুদ্ধৰেই ছােৱালী! আহ! এক অজান অনুভৱত তাৰ দুচকু সেমেকি উঠিল।

 অনিৰুদ্ধই চিঠিখনৰ শেষ পৃষ্ঠাটো চালে। নিতিশাই তাত লিখিছে তােমাক এইবােৰ কথা কেতিয়াও নজনাম বুলি ভাবিছিলাে। কিন্তু মােৰ ছােৱালীৰ মুখত তােমাৰ স্বাস্থ্য অৱনতি ঘটা বুলি শুনি ভয়তে এই চিঠিখন লিখিলাে। প্লীজ তুমি মােৰ ছােৱালীজনীক পিতৃহাৰা নকৰিবা। তােমাৰ নিজৰ দুটা সন্তানৰ সৈতে মােৰ ছােৱালীজনীৰাে তুমিয়েই পিতৃ। সিহঁতৰ বাবেই তুমি নিজৰ শৰীৰৰ যত্ন ল’বা। মােৰ বাবে অনাহকতে চিন্তা কৰি স্বাস্থ্য বেয়া নকৰিবা। তুমি তােমাৰ সংসাৰত কুশলে থাকা, মই মােৰ ছােৱালীৰ সৈতে ভালে থাকিম। তুমি মাত্র মােক কেতিয়াও লগ ধৰিবলৈ চেষ্টা নকৰিবা। এইটো তােমাৰ ওচৰত মােৰ সেই লাছেনৰ জোনাক নিশাৰ শপত।

 ইতি

বিচ্ছুৰিত বৰ্ণালী >> ১০০