পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কুমাৰী সময়

এক

 হােটেলৰ চাৰিখন বিছনাযুক্ত কোঠাটোত অকলে বহি আছে অনুলেখ। তাৰ তিনিওটা ৰূমমেট ঘৰলৈ গৈছে। এটা প্রাইভেট ইঞ্চিওৰেঞ্চ কোম্পানীত সিহঁত কেইটা মার্কেটিং এক্সিকিউটিভ হিচাপে নতুনকৈ মকৰল হৈছে। পােন্ধৰ দিনীয়া এটা ট্ৰেইনিঙৰ বাবে সিহঁতকেইটা ’কুইন্সলেণ্ড’ নামৰ এই তিনি তাৰকাযুক্ত হােটেলখনত আছেহি। ট্রেইনিং ইতিমধ্যে শেষ হৈছে। তিনি দিনৰ বিৰতিৰ পাছত এটা টেষ্ট হােৱাৰ কথা। আচলতে টেষ্টটো লগে লগেই হৈ যােৱাৰ কথা আছিল, কিন্তু ট্ৰেইনিঙৰ ’ভেলিডিক্টৰী’ অর্থাৎ সামৰণি অনুষ্ঠানৰ দিনাখনত কোম্পানীৰ চীফ এক্সিকিউটিভ উপস্থিত থকাৰ কথা বাবে আৰু তেখেতে অলপ পলমকৈহে সময় উলিয়াব পৰা বাবে সিহঁতৰ ভেলিডিক্টৰী অনুষ্ঠানটো তিনিদিন পিছুৱাই গ’ল। এই তিনিদিন এতিয়া সিহঁতৰ একো কাম নাই। সেইবাবেই তাৰ ৰূমমেটকেইটা ঘৰলৈ গ’লগৈ। সিহঁতে প্রত্যেকেই অনুলেখক নিজা নিজা ঘৰলৈ লগ ধৰিছিল। সিহে নগ’ল। আচলতে তাৰ নিজা ঘৰ বুলিবলৈ এতিয়া একো নাই বুলিলেই হয়। মাক-দেউতাক দক্ষিণ ভাৰতৰ ফালে ফুৰিবলৈ গৈছে। একমাত্র ভনীয়েকজনীৰ কেতিয়াবাই বিয়া হৈ গৈছে। স্বামীৰ সৈতে তাই এতিয়া বিদেশত। অনুলেখহঁতৰ অসম আৰ্হিৰ ঘৰটোৰ এটা পার্ট এটি পৰিয়ালক ভাড়া দি থৈছে। কাৰ্যতঃ তেওঁলােকেই এতিয়া অনুলেখহঁতৰ ঘৰখনৰ ৰখীয়া।

 গুৱাহাটীৰ লগত অনুলেখৰ এটা আবেগিক সম্পর্ক আছে। গুৱাহাটীৰ আৱৰ্জনাময় ভঙা-ছিঙা ৰাস্তবােৰক লৈ মুখেৰে যিমান গালি-গালাজ কৰিলেও, হৃদয়েৰে সি গুৱাহাটীৰ প্রতিটো অলি-গলি, বিশেষকৈ মালিগাঁও, ফাঁচী বজাৰ, ভৰলু, পাণবজাৰ, পল্টনবজাৰ আদিৰ চুক-কোণত এক অদ্ভুত সুতীব্র আত্মীয়তাৰ গােন্ধ পায়। এই আত্মীয়তাৰ গােন্ধৰ পৰা আঁতৰি থাকিবলৈকে সি যােৱা তিনিটা বছৰে বাংগালুৰুত আছিল। পাহৰি যাবলৈ চেষ্টা কৰিছিল সি বহুত কথা। কোম্পানীৰ চাকৰিৰ ব্যস্ততাৰ মাজত নিজকে অনুভূতিহীন যন্ত্র এটাৰ দৰে গঢ়ি তােলাৰ নিৰংকুশ প্রয়াসত ব্যর্থ হ’ল সি। অৱশেষত সি পুনৰ তাৰ দুখীয়া ৰাজ্যখনলৈ, বিশৃংখল সৰু মহানগৰ গুৱাহাটীখনলৈ উভতি আহিছে সি।

 কিনকিনিয়া বৰষুণ পৰিছে। বৰষুণ এই কেইদিন মাজে মাজে হৈয়েই আছে। সি ৰূমটোৰ লগত সংযুক্ত বেলকনিলৈ ওলাই আহিল। চার্ট এটা মেলি থােৱা আছিল। সেইটো ভিতৰলৈ লৈ আনি ফেনৰ

তলতে মেলি দিলে। কোঠাৰ চকীখন টানি আনি সি এইবাৰ বেলকনিত বহি ল’লে। অভ্যাসবশতঃ তাৰ

বিচ্ছুৰিত বৰ্ণালী >> ৪৭