লিখি দিয়া নেপালী বাক্যটো সি আওঁৰাই থাকিল। এই প্ৰথমবাৰ সি এটা নেপালী বাক্য সম্পূৰ্ণকৈ শিকিছে।
নিতিশা আহিছে। অনিৰুদ্ধৰ বুকুখন কঁপি উঠিল। সি ধহমহকৈ থিয় দিলে। নিতিশাই ম’বাইলতে কাৰোবাৰ লগত কথা পাতি অহা বাবে তাক লক্ষ্য কৰা নাই।
: হেল্ল! তাৰ কাষেৰে পাৰ হৈ যাব খোজা নিতিশাক কোনোমতে সাহস কৰি মাতিলে।
বিস্ফোৰিত নেত্ৰে নিতিশাই অনিৰুদ্ধলৈ চালে। তাই তাক সম্ভাষণ জনাবলৈও পাহৰি গ’ল। ম’বাইলটোত সিটো মূৰৰ পৰা এতিয়াও কোনোবাই হেল্ল’ হেল্ল’কৈ চিঞৰি আছে।
: কালিলৈ লছাৰ আছে নহয়। অনিৰুদ্ধ অলপ নাৰ্ভাছ হৈছিল।
: হয়! হয়। কোনোমতে যেন নিতিশাই সম্বিৎ ঘূৰাই পাইছে।
: ম’ তিমিলাই মায়া গৰছু! উশাহ নোলোৱাকৈ অনিৰুদ্ধই নেপালী বাক্যটো উচ্চাৰণ কৰিলে।
: হা! নিতিশাই তাইলৈ অবাক হৈ চাই থাকিল।
: কিবা ভুল হ’ল নেকি? অনিৰুদ্ধই আৰু ভয় খালে। মানে উইছটো মই কালিহে শিকিছিলো।
: কিহৰ উইছ। এইবাৰ নিতিশাই যেন কিবা এটা বুজি পালে।
:কিয় লছাৰৰ উইছ। আপোনালোকৰ লছাৰত এনেকৈ ট্ৰেডিচনেল উইছ নকৰে জানো!
: ট্ৰেডিছনেল! নিতিশাই এইবাৰ শব্দ কৰি হাঁহিলে। আপোনাক বাৰু এই উইছটো কোনে শিকিব দিছিল।
: চাৰ্গেই! অনিৰুদ্ধ সেহাই উঠিল। কিবা ভুল হোৱা নাইতো!
: ওঁহো! একো ভুল হোৱা নাই। এশ শতাংশই শুদ্ধ হৈছে আৰু চাৰ্গেইক ক’ব, তেখেতে এই উইছটো আপোনাক শিকোৱাৰ বাবে অশেষ ধন্যবাদ।
: অকে! অনিৰুদ্ধ বুজা-নুবুজা ভাৱেৰে মূৰ দুপিয়ালে।
নিতিশাই এবাৰ তাৰ ফালে চাই ধুনীয়াকৈ হাঁহিলে। তাৰ পিছত হঠাৎ তাই কোবাকুবিকৈ তাৰ পৰা আঁতৰি গ'ল।
তিনি
এপ্ৰিল মাহত নৰ্থ চিকিমৰ য়ামথাং ফ্লাৱাৰ ভেলী মনোমোহা বনৰীয়া ফুলেৰে ভৰি পৰে। অনিৰুদ্ধই আগৰে পৰা ভাবি আছিল যে সি মাৰ্চ মাহৰ কোম্পানীৰ একাউণ্টচ ক্লজিঙৰ পিছত অৰ্থাৎ এপ্ৰিল মাহত নৰ্থ চিকিম ফুৰিবলৈ যাব। বহুদিনৰে পৰা বহুজনৰ মুখত য়ামথাং ভেলী আৰু গুৰডুংগমাৰ লেকৰ কথা শুনি শুনি সেই ঠাইখিনি চাবলৈ সি উদগ্ৰীৱ হৈ পৰিছে। অফিচৰ টিভিন ব্ৰেকত কফি হাউচত বহি কফি খাই থাকোতে এদিন সি চাৰ্গেইক কথাটো ক’লে। অকলে যোৱাতকৈ লগ এটা হ’লে ভাল।
: য়ামথাং ভেলী মই গেছো। গুৰডুংগমাৰ অৱশ্যে যোৱা নাই। যাব পাৰি দেখোন। চাৰ্গেই ক’লে।
বিচ্ছুৰিত বৰ্ণালী >> ৯০