পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বেছ কিছু সময় অনিৰুদ্ধ আৰু নিতিশাই বেলকনিত থিয় হৈ থাকিল। অনিৰুদ্ধৰ এনে লাগিছে যেন নিতিশাৰ হাতত ধৰি সি তলৰ ৰাস্তালৈ নামি যাব। হাতে হাত ধৰি সিহঁতে জোনাকত খোজ কাঢ়িব! নিতিশাই তাইৰ মূৰটো অনিৰুদ্ধৰ কান্ধত থ’ব। সি তাইৰ ককালত আলফুলকৈ ধৰি থাকিব।

 : খট! হঠাৎ কোনোবা এটা ৰূমৰ দুৱাৰৰ খোলাৰ শব্দ শুনা গ’ল। অনিৰুদ্ধ আৰু নিতিশাই সতৰ্ক দৃষ্টিৰে সেইফালে চালে। কোনোবা এটা ৰূমৰ দুৱাৰ খুলিছে। মুহূৰ্তও পলম নকৰি অনিৰুদ্ধই নিতিশাক তাৰ ৰূমৰ ফালে টানি লৈ গ’ল। লাইট তেতিয়াও অহা নাছিল। আন্ধাৰে মুন্ধাৰে খেপিয়াই খেপিয়াই আহি অনিৰুদ্ধই নিতিশাক কোনোমতে তাৰ ৰূমত সুমুৱালেহি।

 : ঘুম হচ্ছে না! বেলকনিৰ পৰা কাৰোবাৰ কথোপকথন ভাহি আহিল। অনিৰুদ্ধই দুৱাৰত কাণ দি শুনিলে। সেয়া জয়দীপ গুপ্তাৰ মাত তাৰ লগত আশীষ আছে কিজানি। টোপনি নহাৰ বাবে হয়তো বেলকনিত বহি চিগাৰেট হুঁপিছে। অনিৰুদ্ধই আন্ধাৰতে দুৱাৰখন নিশব্দে বন্ধ কৰিলে। তাৰ পিছত সি ম’বাইল স্ক্ৰীনৰ পোহৰত দেখিলে নিতিশা তাৰ বিছনাত কুচিমুচি বহি আছে।

 অনিৰুদ্ধ নিতিশাৰ কাষতে বহিল। তাইৰ হাত দুখন তাৰ দুহাতৰ মাজত ললে। প্ৰগলভ জোনাকে ধোৱা লাছেন তেতিয়া প্ৰায় নিদ্ৰামগ্ন।

চাৰি

 চেন্নাইৰ পৰা ঘৰলৈ অহাৰ পিছতো অনিৰুদ্ধৰ মনটো যেন অৰ’ভিলেত থাকি আহিল। নৈঋতাৰ ওচৰত ধৰা পৰাৰ ভয়ত সি অৱশ্যে যথেষ্ট সতৰ্ক হ’বলগা হ’ল। নৈঋতাই অৱশ্যে অনিৰুদ্ধৰ অতীত জীৱনৰ কথা জানে। নৈঋতাক ঘৰৰ পৰা চোৱাচিতা কৰি বিয়া কৰাইছিল যদিও সি তাইক বিয়াৰ আগত লগ ধৰি তাৰ প্ৰথম প্ৰেমৰ কথা কৈছিল। নৈঋতাই খুউব মনোযোগেৰে শুনিছিল তাৰ কাহিনী। তাৰ পিছত তাই তাৰ বিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। দুয়োঘৰৰ সন্মতিত সুকলমে বিয়াখন সম্পন্ন হৈ গৈছিল। কিন্তু কিয় এনে হয়। নিজৰ চুলি খামুচি ধৰি বহি আছে অনিৰুদ্ধ। ডিব্ৰুগড়ৰ অফিচত এতিয়া কেৱল সি আৰু চকীদাৰজনহে আছে। থমথমীয়া নিৰৱতাত সি নিতিশাৰ কথাকে ভাবি ৰৈছে।

 নিতিশা আৰু তাৰ সম্পৰ্কটোৰ কথা নিতিশাৰ ঘৰত জানো কেনেকৈ গম পালে। নৰ্থ চিকিমৰ পৰা ঘূৰি অহাৰ এসপ্তাহৰ পিছতে নিতিশাৰ নামচিৰ ঘৰত হাহাকাৰ লাগি গৈছিল। নিতিশাই নন চিকিমিজ ল’ৰা এটাক ভাল পাইছে— এই কথাটো যেন সিহঁতৰ ঘৰখনৰ বাবে এটা বজ্ৰাঘাত আছিল। নিতিশাই ফোনত কান্দি কান্দি অনিৰুদ্ধক কৈছিল ঘৰত হেনো কোনোৱেই তাইৰ কথা শুনিব নোখোজে। দেউতাক, খুৰাৱকহঁতে কোনোপধ্যে তাইৰ প্ৰেমক স্বীকৃতি নিদিয়ে। নিতিশাই ফেঁকুৰি ফেকুৰি অনিৰুদ্ধক তাইৰ ঘৰলৈ মাতিছিল।

 অনিৰুদ্ধ লৱৰি গৈছিল নামচিলৈ। নিতিশাৰ ফোনটো আবেলি পাই সি সন্ধ্যাই নামচিলৈ টেক্সী এখন ভাৰা কৰিছিল। নামচি চেণ্টাৰ পাওঁতে তাৰ ৰাতি প্ৰায় ন বাজিছিল। পাহাৰীয়া সৰু ঠাইখন ইতিমধ্যে টোপনিৰ কোলাত ঢলি পৰিছিল। টেক্সী ড্ৰাইভাৰৰ সহযোগত সি যেনেতেনে নিতিশাৰ ঘৰটো ওলাই মানে ৰাতি প্ৰায় দহ বাজো বাজো।

 অনিৰুদ্ধই কম্পিত হাতেৰে নিতিশাৰ ঘৰৰ কলিং বেল টিপিছিল। সি শুনিছিল ভিতৰত তেতিয়াও

উতপ্ত কথা বতৰা চলি আছে। নেপালী ভাষাত কথোপকথন হোৱা বাবে সম্পূৰ্ণকৈ বুজিব পৰা নাই যদিও

বিচ্ছুৰিত বৰ্ণালী » ৯৪