পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিচ্ছুৰিত বৰ্ণালী

এক

 দিবানিদ্ৰাৰ শেষ আমেজকণ তেতিয়াও মােৰ চকুৰ পতাৰ পৰা আঁতৰি যাব খােজা নাই। গ্রীণ স্কাইলাইটোৰ বিচ্ছুৰিত মায়াময় পােহৰত মােৰ কোঠাটো তেতিয়া সপােনপুৰী যেন লাগিছিল। বুকুত গাৰুটো আলফুলে সাৱটি লৈ মই মােৰ চকুৰ পতাৰ পৰা এইমাত্র হেৰাই যােৱা সপােনটো ঘূৰাই আনিবলৈ চকু মুদি পুনৰ চেষ্টা কৰি আছোঁ। সপােন দেখাৰাে যে এক সুকীয়া মাদকতা আছে!
 হােৱাই আৰ ইউ ছ’ লেট?– বাইদেউৰ উচ্ছাস সিহলি কণ্ঠস্বৰত মই একপ্রকাৰ চক্ খায়েই উঠিলোঁ।
 ছৰি, মেডাম! আই হেড টু গ’ টু এ টিউটৰিয়েল ক্লাছ। আই ফোনড্ টু ইউ, বাট ন'বডি ৰিচিভ্‌ড কাৰােবাৰ কনভেণ্ট এডুকেটেড একচেণ্ট মিহলি ইংৰাজী ভাঁহি আহিল।
 মই দেখিব খােজা সপােনটো ইতিমধ্যেই পলাই ফাট মাৰিছে। আৰু চেষ্টা কৰি লাভ নাই বুলি বুজি মই চকু মেলি বিছনাতে নিশ্চুপে পৰি থাকিলোঁ। এই অভ্যাগতৰ কথা ভাবিলোঁ। কণ্ঠস্বৰৰ পৰা বুজা যায় যে অভ্যাগত নহয়, অভ্যাগতাহে৷ কোনােবা হয়তাে আধুনিকা তৰুণী। হয়তােবা ধুনীয়াও। তদুপৰি তৰুণীয়ে যি সুৰত দপদপাই ইংৰাজী কোৱা আৰম্ভ কৰিছে, তেওঁৰ যে বাইদেউৰ ঘৰলৈ সঘনাই আহ-যাহ আছে সেয়া বুজিবলৈ টান নহ'ল।
 : ওৱাওঁ ! হু ইজ স্লিপিং দে য়াৰ ?– তৰুণী দপদপাই মােৰ ৰূমলৈ সােমাই আহি একেবেগেৰে ওলাই গ'ল। কোঠাৰ দুৱাৰখনৰ ফালে পিঠি দি শুই থকাত তৰুণীক দেখাৰ সৌভাগ্য মােৰ নহ'ল।
 : মাই বিলাভেড ব্রাদাৰ। চিন্ময়। হেভ ইউ মেট হিম আৰলিয়াৰ ?– বাইদেউৰ উত্তৰ।
 : ন’।
 : ডণ্ট ৱৰি। আই উইল মেক হিম ইণ্ট্ৰডিউছ। বাট হি ইজ ভেৰি ছাই।
 :ন’ প্রব্লেম।- ছােৱালীজনীৰ উত্তৰ।

  বাইদেউলৈ টিঙিচকৈ খং উঠি আহিল মােৰ। এজনী অচিনাকী ছােৱালীৰ আগত মােৰ কথা তেনেকৈ লাজকুৰীয়া বুলি কোৱাৰ কি দৰকাৰ? ছোৱালীক ইমান পাত্তা দিয়া মানুহ মই নহয়। তাইতাে জানে মােৰ কথা। তেনেহ'লে ? ৰ আজি ছােৱালীজনী যাওক। বাইদেউক এজাউৰি গালি সােধাম!

বিচ্ছুৰিত বৰ্ণালী »৯