সমললৈ যাওক

পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৈহিক সম্পর্ক হ’ল। তুমি অনুতপ্ত হলেও মই কিন্তু চৰম তৃপ্তি লাভ কৰিছোঁ। কাৰণ মই মােৰ মনৰ পুৰুষজনৰ হাতত মােৰ কুমাৰীত্ব বিসর্জন দিলােঁ। মােৰ মনৰ প্ৰথম পুৰুষ তুমি। মােৰ মনত শুই থকা গাভৰুজনীক তুমিয়েই প্রথম জগাইছিলা। তােমাৰ দেহৰ মধুৰ আলিংগনত সেই বাবেই সঁপি দিলোঁ মােৰ নাৰী জীৱনৰ অমূল্য সম্পদ।

 মই অলপাে অনুতপ্ত নহয়। জানা, এতিয়াৰ পৰা মই তােমাক আৰু কেতিয়াও আমনি নকৰোঁ। মােৰ কিবা ভুল হ’ল যদি প্লিজ, ক্ষমা কৰি দিবলৈ যত্ন কৰিবা৷ ভৱিষ্যতে আমাৰ আৰু কেতিয়াও দেখা নহ’ব। পাহৰি যাবলৈ চেষ্টা কৰি আছা, পাহৰি যােৱা মইতাে তােমাক কেতিয়াও পাহৰিব নােৱাৰিম। তথাপি মই চেষ্টা কৰিম। অন্ততঃ কেতিয়াও মােৰ আপচু চেহেৰাটো তােমাৰ সন্মুখলৈ নানাে।

 অ’ এটা কথা শুনি হয়তাে ভাল পাবা। মা-দেউতাহঁতে মােৰ বিয়া পাতিছে। কেতিয়া আৰু ক’ত পাতিছে তােমাক নজনাও। এইবিলাক অদৰকাৰী খবৰৰ বাবে তােমাৰ নিশ্চয় কোনাে সময় নাই। আহোঁ৷

তােমাৰ

শ্বেমিম ৰহমান।

বিঃ দ্রঃ ফ্লেটৰ চাবিটো চকীদাৰৰ হাতত দি আহিবা ৷ ফ্লেটটো ভাড়ালৈ লৈছিলো। চকীদাৰৰ পৰাই মালিকে চাবি লৈ যাব। মই ফোন কৰি দিছোঁ।

 চিঠিখন পঢ়ি একে ঠাইতে বহি ৰ’ল অনুলেখ। বহু সময়লৈ সি একোতে চিন্তা কৰিব নােৱাৰিলে। শ্বেমিমৰ ওচৰত সি বৰ বেয়াকৈ হাৰি গ’ল। তাইৰ মনত তাৰ প্রতি সি যি বিদ্বেষ সৃষ্টি কৰিব বিচাৰিছিল, সেয়াতাে সি কৰিব নােৱাৰিলেই, বৰঞ্চ তাক তাইৰ জীৱন আটাইতকৈ মূল্যবান সম্পদটো দান কৰি তাই তাক এটা ডাঙৰ শিক্ষা দি গ’ল। কিমান মূল্য দিলে তাই সিহঁতৰ প্ৰেমৰ! অথচ অনুলেখে কি কৰিব পাৰিলে। তাক প্রাণাধিক ভালপােৱা এজনী নিস্পাপ ছােৱালীৰ কোমল অন্তৰখন চুৰমাৰ কৰি দিলে। এই অপৰাধৰ কিবা ক্ষমা আছেনে, আছেনে কিবা...!

 অস্থিৰ খােজেৰে সি ফ্লেটৰ বাহিৰলৈ ওলাল। কোঠাটো লক্ কৰি ঘূৰােতেই চকীদাৰ এজনে তাক এখন কাগজ দেখুৱালে। তাত শ্বেমিমে ‘এইজন চকীদাৰকে চাবিটো দি যাবা’ বুলি ইংৰাজীতে লিখি গৈছিল। কাগজটুকুৰা হাতত লৈ অনুলেখে চকীদাৰজনৰ হাতত চাবিটো দি দিলে। তললৈ নামিবলৈ লিফটৰ ওচৰ পাই হঠাৎ সি ঘূৰিল। চকীদাৰজন কেনিবা যাব ধৰিছিল।

 : হেল্লো শুনক৷— সি চকীদাৰজনৰ ওচৰলৈ আহিল।

 : কওক বাবু!— চকীদাৰজনে তালৈ চাই সুধিলে।

 : শ্বেমিম মেডাম কলৈ গ’ল ক’ব পাৰেনে।— সি সুধিলে।

 : নাজানাে বাবু!— চকীদাৰজনে ক’লে। বহু দূৰত ক’ৰবাত চাকৰি পাইছে বুলি জানাে, কিন্তু ক’ত সেয়া কাকো কোৱা নাই।

 : ঠিক আছে! হতাশ মনেৰে অনুলেখে লিফ্ টৰ ফালে পুনৰ খােজ ল’লে।

 পাগলৰ দৰে ঘূৰি ফুৰিলে অনুলেখে। এই দুদিনতে তাৰ জীৱনটোত কেনে ভয়ংকৰ ঘটনা ঘটিল। যাক সি জোৰকৈ পাহৰিব যত্ন কৰিছিল, তায়েই তাৰ সকলাে স্মৃতি কঢ়িয়াই আনি থৈ অৱশেষত এটা দুর্লভ সপােনৰ দৰে হেৰাই গ’ল। সঁচাকৈ কালিৰ দিনচোৰ ঘটনাবােৰ অনুলেখৰ সপােন সপােন যেন

লাগিল। বলিয়াৰ দৰে সি আগদিনা শ্বেমিমৰ সৈতে ঘূৰা ঠাইবােৰলৈ গ’ল। মালিগাঁৱৰ ৰেষ্টুৰেণ্টত

বিচ্ছুৰিত বৰ্ণালী » ৭৪