মুখত হাঁহি মাতি থাকিলেও আজিকালি এক গভীৰ দুখে মােক ভাৰাক্ৰান্ত কৰি তােলে। সেইদুখৰ উৎপত্তি ক’ত ময়াে সঠিক নাজানাে।
সিদিনা মই বিছনাতে বহি আছিলোঁ। হােষ্টেল লাইফৰ চিৰদিনৰ সংগী মােৰ বিছনা। পৰীক্ষাতাে চকীত বহি পঢ়াৰ অভ্যাস মােৰ নাই। বিছনাই মােৰ শয়নৰ সংগী, বিছনা মােৰ অধ্যয়নৰাে সংগী।
দুৱাৰখন ঠেলি অজয় শংকৰ সােমাই আহিছিল। ধহমহকৈ বহি পৰিছিল সি মােৰ বিছনাত। বিছনাৰ একাষে পৰি থকা ’হেমলেট’খন তুলি লৈ মােলৈ চাই সি সুধিছিল- কি অ’ ট্রেজেডি নেকি?
অজয়ক সাধাৰণতে মই ফাঁকি নিদিওঁ। সি খাৰাংখাচ মানুহ। তেনো মানুহক ফাঁকি দিবলৈ অন্তৰে নকয়৷
মই মােৰ সমস্ত কথা তাক নিভৃতে কৈছিলোঁ। খুব মনােযােগেৰে সি মােৰ কথা শুনিছিল। তাৰ পিছত সি বহুপৰ মনে মনে আছিল।
: শংকৰ, একো নক’লি যে? সি একো নমতা দেখি মই সুধিছিলোঁ।
: শেহত তয়াে প্ৰেমত পৰিলি হােঃ। সি আক্ষেপ কৰি কৈছিল- মই কিন্তু তই এনে হ’বি বুলি মুঠেই ভবা নাছিলোঁ।
: মানে?
: ছােৱালীসুৰীয়া মানুহবােৰহে প্ৰেমত পৰে বুজিছ। সি কৈছিল-ক’চোন প্রেমডাল লৈ তই কি বিশ্ব বিজয় কৰিবিগৈ? ইউ জাষ্ট কমপ্লিট ইয়ৰ ডিগ্রী এণ্ড দেটছ অল, দেটছ অল ইয়ৰ বিজনেছ। তাৰ পিছত চাকৰি পালে চাকৰি নহ’লে বিজনেছ। তাৰ পিছত সংসাৰ। বছ্।
মইএকো নমতা দেখি সি পুনৰাই কৈছিল- প্রেম কৰা মানুহবােৰ যুক্তিহীন হয় বুজিছ, ইম’ছনেল হয় আৰু এই ইম’ছনটো একদম ফাল্টু বস্তু। দা ৱর্ল্ড নাউ ইজ ৰানিং উইথ মানি, নট উইথ ইয়ৰ ইম’ছন।
মই অজয়ক একো কোৱাৰ প্রয়ােজনবােধ নকৰিলোঁ। সি আকৌ কৈছিল- ইট ছিমছ ইউ আৰ নাউ ছিভিয়াৰলি এফেক্টেড বাই দা ডেভিল। আই উইছ ইউ উইল বি কিউৰড্ ফাষ্ট। মই তােৰ আশু আৰােগ্য কামনা কৰোঁ। কথাকেইটা কৈ সি ধুমুহাৰ দৰে মােৰ ৰূমৰ পৰা ওলাই গ’ল।
নিশাৰ ভাতসাঁজ কোনােমতে নাকে-মুখে গুজি মই সিদিনা বিছনাত পৰিছিলোঁ। বিনিদ্র ৰজনীৰ প্রতিটো মুহূর্ত মই নিজৰ স’তে যুদ্ধ কৰিলোঁ। অজয়ে সন্ধিয়া কৈ যােৱা কথাবােৰ মােৰ কাণত তেতিয়াও বাজি আছিল। ইউ জাষ্ট কমপ্লিট ইয়ৰ ডিগ্রী এণ্ড দেটছ অল। কিন্তু অধ্যয়নেই জানাে শেষ কথা ? মানুহক প্রেম আৰু মমতাৰ এই মানৱীয় মূল্যবােধবােৰৰ জানাে কোনাে প্রয়ােজন নাই?
প্রয়ােজন নিশ্চয় আছে। মই নিজকে নিজে প্রবােধ দিয়াৰ চেষ্টা কৰোঁ। কিন্তু মােকতাে কোনেও প্রেম নিবেদন কৰা নাই। মানৱ প্রেম? মানৱ প্ৰেমৰ দুৱাৰ মােৰ বাবেতাে খােলা আছে। মই তেন্তে মানুহৰ সেৱা কৰিবলৈ নলওঁ কিয় ?
মই নিজৰ সৈতে যুক্তিতর্ক কৰি নিজেই ভাগৰি পৰোঁ। কোনাে উত্তৰবিহীন, সমাধানবিহীন এই যুদ্ধ সেয়াও মই জানাে।
‘কেৱল বন্ধু হিচাপেহে মনত ৰাখিবা?
বর্ণালীয়ে শেষৰ দিনা কৰা এই প্রশ্নটোৰ মােৰ মনত পাকঘূৰণিৰ দৰে ঘূৰি থাকে। আকৌ আৰম্ভ হয় প্রবেবিলিটিৰ বহু যােগাত্মক আৰু বিয়ােগাত্মক প্রশ্ন।