......ঋষিত উঠি আহিল। পতাকা উত্তোলনৰ সময় হৈছে। শাৰী শাৰীকৈ জোৱানসকল শৃংখলাবদ্ধ হৈ থিয় হৈ আছে। সি গম্ভীৰ খােজেৰে গৈ পতাকা উত্তোলন কৰিলে। এতিয়া সি এটুকুৰা নির্দিষ্ট ঠাইত থিয় হ’ল। ইয়াতে সি জোৱানসকলৰ মার্চ পাষ্টৰ অভিবাদন কৰিব। সামৰিক বাহিনীৰ বেণ্ডৰ তালে তালে জোৱানসকল তাৰ কাষেদি পাৰ হৈ যাবলৈ ধৰিছে। সি কপালত হাত তুলি থিয় হৈ থাকিল৷
ঋষিতৰ মনটো আকৌ উৰি গৈছে দিল্লীৰ সেই পেৰেড গ্রাউণ্ডলৈ। ইণ্ডিয়া গেটৰ ফালে গৈ সিহঁতক এডােখৰ ঠাইত জিৰাবলৈ দিয়া হৈছিল। তাতেই সি অন্যান্য পুৰস্কাৰপ্রাপ্ত সামৰিক বিষয়াৰ লগত মত বিনিময় কৰি আছিল। প্রায়বিলাকেই তাৰ চিনাকি। কার্গিলৰ ভয়ংকৰ দিনৰ সংগী। হঠাৎ তাৰে কোনােবা এজনৰ ম’বাইলটো বাজি উঠিছিল। ম’বাইলটো অফ কৰি মানুহজনৰ মুখখন ক’লা পৰি গৈছিল। ঋষিতে তেওঁৰ ভাবান্তৰ লক্ষ্য কৰি আছিল। সি তেওঁৰ ওচৰ চাপি গৈ সুধিছিল। কিবা বেয়া খবৰ?
:ভয়ানক!— মানুহজনৰ মাতটো কঁপিছিল। এঘণ্টামানৰ আগতে গুজৰাটত ভয়ংকৰ ভূমিকম্প সংঘটিত হৈছে। বহু মানুহ মৰিছে বুলি আশংকা কৰা হৈছে। এইমাত্ৰ মােৰ বন্ধু এজনে খবৰ দিলে।
- হােৱাট!– ঋষিতৰ ভৰিৰ তলৰ পৃথিৱীখনাে যেন ভুঁইকঁপত কপিছে।
: হয়! মানুহজনে কৈছে— গুজৰাটত মােৰ ফেমিলি থাকে৷ অহ্ গড !– তেওঁ চিৎকাৰ কৰি উঠিল৷
ঋষিতৰ আৰু একো শুনাৰ সময় নাছিল। সি প্রায় দৌৰি ওলােৱাদি ছিকিউৰিটি বেৰেকৰ বাহিৰ ওলাল৷ অলপ দূৰতে পি চি অ’ এটা দেখা পাই সি এৰিষাৰ হােষ্টেলৰ নম্বৰ ডায়েৰ কৰিলে।
ন’ ৰিপ্লাই। লাইনটো গৈ এডােখৰত শব্দহীন হৈ ৰৈ গৈছে। সি আকৌ ডায়েল কৰিলে— জিৰ টু ছেভেন টু...
: এক্সিউজ মিঃ ছাৰ। সি ডায়েল কৰা নম্বৰটোত দৃষ্টি দি পি চি অ’ৰ অপাৰেটৰ ছােৱালীজনীয়ে ক’লে— আহমেদবাদৰ লাইন দেৰঘণ্টামানৰ পৰা বেয়া হৈ আছে। আর্থ কুইক হৈছে নহয়।
ছােৱালীজনীৰ কথাত ঋষিতে গুৰুত্ব নিদিলে। সি আকৌ ডায়েল কৰিলে এৰিষাৰ নম্বৰ। বহু সময় চেষ্টা কৰি বিফল হ’ল সি। তীব্র হতাশাত ৰিচিভাৰটো থৈ এক মুহূর্ত চিন্তা কৰিলে সি। তাৰ পিছত মাকলৈ ৰিং কৰিলে।
: হেল্লো মা।
: অ’ সােণটো ! —ঋষিতৰ মাত শুনিয়ে মাকে উৎকণ্ঠিত সুৰত ক’লে— তুমি এৰিষাৰ কিবা খবৰ পােৱানে ? তাত এটা ভূঁইকপ হৈছে, গম পাইছানে ?
: জানাে মা।--তাৰ মাতটো থােকাথুকি হৈ ওলাল। ফোনৰ লাইন বেয়া হৈ গৈছে। বহুপৰ চেষ্টা কৰিও তাহাঁহতৰ হােষ্টেলৰ ফোনটোত কানেকচন কৰিব পৰা নাই।
: তুমি এতিয়াই যােৱা তালৈ। মাকে ক’লে।
— ৰহমান খুড়াও বৰ চিন্তাত পৰিছে। তালৈ গৈয়েই ফোন কৰিবা।
: হ’ব মা।-- ঋষিত ওলাই আহিল পি চি অটোৰ পৰা।
ঋষিত উৰ্ধশ্বাসে দৌৰি গৈছিল তাৰ ওপৰৱালা বিষয়াজনৰ ওচৰলৈ। বিষয়াজনক সকলাে কৈ