নাজানাে মই তােমাক ’মৰমৰ’ বুলি সম্বােধন কৰিবলৈ যােগ্য হৈ আছোনে নাই, তথাপি তােমালৈ মােৰ শেষ চিঠি বুলি গণ্য কৰি মােক যেন এই মর্যাদাৰ পৰা বঞ্চিত নকৰা। তােমাৰ দ্বাৰা প্রত্যাখিত হােৱাৰ পাছত হােৱা তিনি বছৰে মই কিমান যন্ত্রণাময় জীৱন এটা কটাইছো, তুমি উপলব্ধি কৰিব নােৱাৰিবা। তুমি যিদৰে কোনাে কাৰণ প্রদর্শন নকৰাকৈ মােৰ জীৱনৰ পৰা আঁতৰি গ’লা, সেইদৰে মই তােমাৰ স্মৃতিৰ পৰা আঁতৰি আহিব নােৱাৰিলোঁ। তুমি মােক যিমান ৰূঢ় কথা কৈ আঁতৰি যাবৰ চেষ্টা কৰিছিলা, কিয় জানাে, সিমানেই মােৰ ভাব হৈছিল কিজানি মই ভুল শুনি আছোঁ ! তুমি মােক এনেদৰে বিসর্জন দিব পাৰিবা বুলি কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ আৰু চোৱাচোন বাস্তৱ কিমান নির্মম ! তুমিতাে সঁচাকৈয়ে মােৰ জীৱনৰ পৰা আঁতৰি গলা।
মােৰ পৰা আঁতৰি থাকিবলৈকে তুমি অসম এৰি ক’ৰবাত চাকৰি কৰিব গুচি গৈছিলা, তােমাৰ ঠিকনাও মােক দি যােৱা নাছিলা। অথচ তােমাৰ সৈতে কটোৱা মােৰ জীৱনৰ অবিস্মৰণীয়া মধুৰ মুহূৰ্তবােৰ পুনৰ অনুভৱ কৰিবলৈকে মই মুম্বাইৰ পৰা গুৱাহাটীলৈ গুচি আহিছিলোঁ। জানা, অনুলেখ যােৱা তিনিটা বছৰে মই গুৱাহাটীতে আছোঁ। প্রায় প্রতিদিনে মই মালিগাঁৱৰ সেই ৰেষ্টুৰেণ্টখনত গৈ এবাৰ বহিছিলোঁ, য’ত তুমি মােক প্রথমবাৰৰ বাবে মুখ খুলি ভাল পাওঁ বুলি কৈছিলা। মনত আছেনে তােমাৰ, সেই বাক্যটো যে কিমানবাৰ ক’বলৈ তােমাক বাধ্য কৰিছিলোঁ !
যােৱা তিনিটা বছৰে মই গুৱাহাটীৰ চিটিবাছ গলি অথবা মার্কেটত অকলে অকলে ঘূৰি ফুৰিছিলোঁ। তােমাৰ আবৰ্তমানতে তােমাৰ উপস্থিতি কল্পনা কৰি এক আচৰিত আনন্দ অনুভৱ কৰিছিলোঁ; কিন্তু এনেকৈ আৰু কিমান দিন অনুলেখ। তুমিতাে মােক ইতিমধ্যে ঘৃণা কৰিবলৈ লৈছা! মােৰ পৰা কেতিয়াবাই বিচ্ছিন্ন হৈ গৈছা।
তথাপি! তথাপি অনুলেখ। কেতিয়াবা মুৰ্খৰ দৰে মই আশা কৰিছিলোঁ কিজানিবা তুমি মােৰ ওছৰলৈ এদিন ঘূৰি আহিবা। আচলতে তােমাৰ ওপৰত মােৰ ইমান বেছি বিশ্বাস আছিল, সেই বিশ্বাস ভাঙি পৰিবলৈ যথেষ্ট সময় লাগিছিল।
কেনেকৈ তােমাক লগ পাই গ’লোঁ অনুলেখ! মই গুৱাহাটী এৰি যােৱাৰ সিদ্ধান্তটো চূড়ান্ত কৰি পেলােৱাৰ ঠিক এদিন আগতে মই তােমাৰ খবৰ পাই গ’লোঁ। তােমাৰ আগৰ কোম্পানীৰ এজন সহকর্মীয়েই মােক তুমি গুৱাহাটীত থকাৰ খবৰ দিছিল। কেনে কাকতালীয় সংযােগত যে তােমাৰ সহকর্মীজনক লগ পাই গৈছিলোঁ। সেইবােৰ কৈ আৰু তােমাক বিৰক্ত নকৰোঁ।
মােৰ কালিৰ ব্যৱহাৰ দেখি তুমি চাগৈ খুউব আচৰিত আৰু বিৰক্ত হৈছা। ইমানদিনে এভইড কৰি চলা এজনী অদৰকাৰী ছােৱালীৰ সংগ তােমাৰ ভাল নলগাই স্বাভাৱিক। তথাপি মই তােমাক ৰেষ্টুৰেণ্টলৈ জোৰ কৰি লৈ গ’লোঁ, চিনেমা হলত সুমুৱালোঁ আৰু অৱশেষত ইউনিভাৰচিটি। মাফ কৰি দিবা অনুলেখ এদিনৰ বাবে মই মাত্র তােমাৰ সময়খিনি ধাৰ কৰি ল’লোঁ৷ ইমানদিনৰ পিছত তােমাৰ লগত তেনেকৈ ঘূৰি মই কিমান আনন্দ পাইছিলোঁ, সেইয়া প্রকাশ কৰা মােৰ বাবে সম্ভৱ নহয়। কালি মােক তােমাৰ সময়খিনি দি যি উপকাৰ কৰিলা, তাৰ বাবে তােমাৰ এই মহানুভৱতা মই চিৰদিন মনত ৰাখিম, অনুলেখ।
অৱশেষত কালিৰ ৰাতিৰ সেই চৰমতম মুহূর্ত! অনুতপ্ত হৈছা নেকি অনুলেখ! তােমাৰ পুৰুষত্বৰ
অপমান বুলি গণ্য কৰিছা নেকি! অনিচ্ছা সত্বেও এজনী বেয়া পােৱা ছােৱালীৰ লগত তােমাৰ প্ৰথমটো