অস্ফুটস্বৰে ক’লোঁ- টোপনি ধৰিছে, ডিষ্টার্ব নকৰিবি।
নিৰূপায় জেহিদুল ৰূমৰ পৰা ওলাই গ'ল। মই টেবুললৈ চালোঁ। হয়, সি চিঠিখন তাতেই থৈ গৈছে। মই জাপ মাৰি গৈ দুৱাৰখনৰ হুকটো লগাই দিলোঁ।
খুউব সুন্দৰ আখৰেৰে ধুনীয়া এনভেলপটোত মােৰ নাম ঠিকানা লিখা আছে। খামটো লুটিয়াই চালোঁ। প্রেৰকৰ নামৰ ঠাইত লিখা আছে ‘Guess it'! অনুমান কৰিবলৈ ধৈৰ্য্য আৰু সময় দুয়ােটাই মােৰ অভাৱ আছিল। সেয়ে খামটো ফালি চিঠিখন মই উলিয়াই ললোঁ।
ভাবিছিলোঁ চিন্ময়দা, তােমালৈ মই কেতিয়াও চিঠি নিলিখিম। কিন্তু আজি হঠাৎ লিখিব লগা হ’ল। তাৰ বাবে মােক ক্ষমা কৰি দিবা। কোনাে কুশলবার্তা বিনিময়ৰ বাক্য নােহােৱাকৈ শ্লেষ আৰু অভিমান ভৰা বাক্যকেইটা পঢ়ি মই আচৰিতেই হ’লোঁ। খৰখেদাকৈ চিঠিখনৰ শেষৰ নামটো চালোঁ। ’বন’। সেইটো বৰ্ণালীৰ ঘৰত মতা নাম। কিবা এক অনামী উত্তেজনা আৰু আনন্দই মোৰ সৰ্বশৰীৰ ৰােমাঞ্চিত কৰি তুলিলে। মই চিঠিখন খৰখেদাকৈ পঢ়িবলৈ ল’লোঁ।
জীৱনত বহুকেইতাে লগ পালোঁ, ক’তা আজিলৈকেতাে কাৰাে প্রতি এনেকৈ হৃদয়ৰ টান অনুভৱ কৰা নাছিলোঁ.... অথচ তােমাক লগ পােৱাৰ পাছৰে পৰা মােৰ হৃদয়ৰ যেন এখন বন্ধ কপাট মুকলি হৈ গ’ল আৰু তুমি যােৱাৰ পাছত সেই ঠাইত ওলমি ৰ’ল মাথোঁ অসহ্যকৰ শূন্যতা...’ তাই আৰু লিখিছে.. “তুমি ছাগে মােৰ চিঠি পাই আমনিয়েই পাইছা, তুমিতাে মােক কোনােদিনেই বিচৰা নাছিলা.. ইয়াৰ পৰা তুমি গুচি যােৱাৰ পাছত তােমাৰ এখন চিঠি পাম বুলি খুউব আশা কৰি আছিলোঁ, ভাবিছিলোঁ সেই গােলাপী খামে বহন কৰি আনিব মােৰ জীৱনৰ বতৰা...’ ’মই প্ৰায়েই ভুল কৰোঁ। তােমাৰ এখন হৃদয় আছে বুলি ভবা মােৰ ধাৰণা নিশ্চয় ভ্রান্ত আছিল। নহ’লেনাে ইমান দিনে তুমি মােলৈ এটা মুহূর্তৰ বাবেও মনত নেপেলালাহেঁতেন নে?’ চিঠিখন পঢ়ি যাওঁতে এক সুতীব্র অপৰাধবােধে মােক বিষন্ন কৰি তুলিলে। পঢ়ি গ’লোঁ... তােমাক হয়তাে জীৱনত আকৌ লগ নাপাম। দেউতাৰ মুম্বাইলৈ ট্রেন্সফাৰ হৈছে। এই চিঠিখন তােমাৰ কাষ পায়গৈ মানে আমি চাগৈ মুম্বাই পামগৈ। এবাৰ ভাবিছিলোঁ, যােৱাৰ আগতে তােমাক এবাৰ লগ পাই যাম। কিন্তু এক অভিমানবােধে মােক বাধা দিলে। তুমিতাে মােক এই সুদীর্ঘ তিনিমাহে এবাৰাে মনত পেলােৱাৰ প্রয়ােজনীয়তা উপলব্ধি নকৰিলা। তেন্তে তােমাক আমনি কৰাৰ ধৃষ্টতা কৰা জানাে উচিত হ’ব...?' বাক্যবােৰ যেন শব্দৰ সমষ্টি নহয়, তীক্ষ্ণ তৰােৱাল। মােৰ মানসিক অৱস্থা তেতিয়া অবর্ণনীয়।
তাই আৰু লিখিছে-‘তােমাৰ লগৰ ল’ৰাবােৰে যে তােমাৰ হৃদয়ত গ্রেনাইট পাথৰ থকা বুলি কয়, কথাটো চাগে সিমান মিছা নহয়। কেতিয়াবা তােমাৰ গ্রেনাইট পাথৰ গলিলে মােৰ কথা মনত পেলাবা...'
‘বিঃ দ্রঃ মুম্বাইৰ ঠিকনাটো তােমাক এতিয়াই দিব নােৱাৰিম, এমাহমানৰ পাছত চাগৈ বাইদেউৰ ওচৰত পাবা। প্রয়ােজন হলে সংগ্রহ কৰি ল’বা..
চিঠিখন পঢ়ি বহুপৰ শিলপৰা কপৌৰ দৰে ৰৈ থাকিলোঁ। চিঠিখনে যেন মােৰ সমগ্র সত্তাক সৌকাৰে কোবাই থৈ গ’ল।
: টক্ টক্ টক্... দুৱাৰত কাৰােবাৰ অধৈৰ্য্য টোকৰ। চিঠিখন একেজাঁপে বাৰ্ড্ৰবত থৈ মই দুৱাৰখন খুলি দিলোঁ।
অহ ৰূমমেট! মই যেন সকাহ পালোঁ। তাৰ পিছত সহজ হ’বলৈ চেষ্টা কৰি ক’লোঁ- দুৱাৰখন লক্ কৰি দিওঁনে?