নাথাকিলেঁহেঁতেন।
: মানে?
: তােমালােকৰ ঘৰলৈ গ’লোঁহেঁতেন। তাই কৌতুকেৰে ক’লে।
: ইউ আৰ ৰিয়েলি ইনটেলিজেন্ট।
: গুড ফ্লেটাৰি। থেংকইউ। একে সুৰতে উত্তৰ দিলে বর্ণালীয়ে।
বর্ণালী এক মুহূৰ্তৰ বাবে ক্ষমা খুজি ভিতৰলৈ উঠি গ’ল। মােৰ মনৰ ভিতৰত অন্তর্দ্বন্দ্ব আৰম্ভ হ’ল। মই জানাে এনেকৈ এটা নির্জন ঘৰত এজনী ছােৱালীৰ সৈতে ঘণ্টাৰ পিছত ঘণ্টা কটোৱাতাে উচিত হ’ব? হাজাৰ হ’লেওতাে মই এটা ডেকা ল’ৰা৷ বর্ণালীৰ মাক-দেউতাকে বাৰু কি ভাবিব? ওহােঁ, মই ইয়াৰ পৰা যােৱাই উচিত হ’ব।
এখন প্লেটত কেইথােকমান আঙুৰ লৈ বর্ণালী ৰূমটোলৈ পুনৰ সােমাই আহিল। জীনচ আৰু টি চার্টেৰে এইজনী যেন মডার্ন অন্নপূর্ণা । তাই এইবাৰ মূঢ়া এটা টানি মােৰ নিচেই সন্মুখত বহিলহি। মােক খাবলৈ কৈ তাই নিসংকোচে আঙুৰ খাবলৈ লাগি গ’ল। মই আড়ষ্ট হাতখন আঙুৰৰ প্লেটৰ ফালে আগবঢ়ালোঁ।
: মই যাওঁগৈ । আঙুৰৰ খালী প্লেটখন টেবুলত থৈ মই কৈ উঠিলো বর্ণালী, এটুকুৰা চুপাৰি দিয়া।
: কিয় ? কিয় যােৱা ? তাই যেন অবাক হ’ল।
: নাই এনেয়ে। মই কৈ উঠিলোঁ।
: তােমাৰ কিবা আর্জেন্ট কাম আছে? তাই আকৌ সুধিলে।
: ওঁহাে৷ মােৰ মুখৰ পৰা হঠাৎ ওলাই গ’ল।
: তেন্তে? তাইৰ চকুত অবাক বিস্ময়। ঘৰত গৈনাে কি কৰিবা ? বেটাৰ হেভ এ গছিপ।
: নাই মানে। মােৰ কণ্ঠত হাজাৰ সংকোচ।
: অহ। এইবাৰ যেন তাই সকলাে বুজি উঠিল। তাৰ পিছত ক’লে—মই সঁচাকৈয়ে হতাশ হলোঁ।
: হতাশ হ’লা? - তাইৰ ভাবান্তৰ লক্ষ্য কৰি মই প্রশ্ন কৰিলোঁ কিন্তু কিহৰ বাবে ?
: হতাশ নহৈ কি হ’বা? - তাই ক’লে অন্ততঃ মই তােমাক ইমান কনজাৰভেটিভ বুলি ভবা নাছিলোঁ।
: কনজাৰভেটিভ। মই একো বুজা নাই৷ মই সঁচাকৈয়ে একো বুজা নাছিলোঁ।
: এটা নির্জন ঘৰত এজনী অকলশৰীয়া ছােৱালীৰ সৈতে দুই এটা ঘণ্টা কটোৱাত তেন্তে কিহৰ বাবে আপত্তি থাকিব পাৰে কোৱাচোন। তােমালােকে ছােৱালীবােৰক কেৱল অপ’জিট ছেক্সৰ প্রাণী হিচাপেই ভাবা নেকি? ছােৱালীবােৰ বন্ধু হ’ব নােৱাৰে? তাই মােৰ চকুত চকু থৈ প্রশ্ন কৰিলে ।
: নাই কথাটো ঠিক তেনেকুৱা নহয়। মই যেন তাইৰ প্ৰশ্নৰ পৰা পলাব খুজিলোঁ।
: কিছুমান কথা বুজি পাওঁ দিয়া। তাই ক’লে যােৱা ঘৰলৈ। ভাল ল’ৰাৰ ইমেজ বনাই বােন্দা পৰ দিয়াগৈ! তাইৰ কণ্ঠত অভিযােগ আৰু বেদনাৰ সুৰ। তাৰ পিছত ক’লে- মনত একো বেয়া ভাৱ