লৈ সি হেলনীয়াকৈ বহিলে। বিছনাতে পৰি থকা ’ইণ্ডিয়া টুডে’ আলােচনীখন সি চকুৰ আগত মেলি ল’লে। আলােচনীখনত কিন্তু তাৰ অলপাে মন নবহিল। তাৰ মনটো যেন অতীতৰ ঘটনাবােৰৰ মাজত এটা লাগি ধৰাদি লাগি ৰৈছে।
: টক্ টক্। মুহূৰ্তলৈ অনুলেখৰ চিন্তাত যতি পৰিল। দুৱাৰখন ঠেলি ৰূম ছাৰ্ভিচৰ ল’ৰাটো একাপ চাহ লৈ সােমাই আহিল। অনুলেখে চাহকাপ লােৱাৰ পাছত সি নিঃশব্দে ওলাই গ’লগৈ।
চাহকাপত দীঘলীয়া শােহা এটা মাৰি অনুলেখ পােন হৈ বহিল। চাহকাপ বেছ সুন্দৰ হৈছে। সি আটাইতকৈ ভালপােৱা চাহকাপ খােৱাৰ সুযােগ এতিয়া হেৰাই গৈছে। মাকে বনােৱা চাহকাপ খাই কিয় জানাে তাৰ সিমান ভাল নালাগিছিল। তাৰ পৰিৱর্তে সি প্ৰচুৰ ভাল পাইছিল ভনীয়েকে দিয়া চাহকাপ। আহ্ কি যে তৃপ্তি। কি যে সতেজতাভৰা চুমুক। অনুলেখে সেইবাবে প্রতিকাপ চাহৰ বাবে ভনীয়েক পূবালীমাক খাতিৰ কৰিছিল। তায়াে জানাে কম আছিল! কি যে অদ্ভুত আব্দাৰ! সি নির্বিবাদে তাইৰ আব্দাৰ মানি লৈছিল। প্রতি কাপ চাহৰ বাবে সি তাইলৈ নিজৰ পকেটমানি খৰচ কৰি চকলেট, লিপষ্টিক অথবা নেইল পলিছ কিনি আনিব লগা হৈছিল। অথবা তাইৰ কোনাে বান্ধৱীৰ ঘৰলৈ তাৰ বাইকৰ পিঠিত উঠাই লৈ যাব লাগিছিল। মাকেতাে তাক কৈছিলেই– ইস! ভনীয়েৰে বনাই দিয়া চাহ কাপ যেন সমুদ্র মন্থন কৰি ওলােৱা অমৃতহে। তই দেখােন তাইৰ গােলামি কৰিয়েই আহৰি নাপাৱ!
মাকো বাৰু তাৰ ভনীয়েক পূবালীমাৰ প্রতি ঈর্ষান্বিত হৈছিল নেকি! নাৰী হেনাে পৰস্পৰৰ প্রতি ভয়ানক ঈর্ষাপৰায়ণ। মাক-জীয়েকৰ পবিত্র সম্পর্কই নাৰীৰ এই সহজাত ঈর্ষাপৰায়ণতাক ঢাকি ৰাখিব পাৰেনে!
চাহকাপ শেষ হৈ আহিছিল। খালি কাপটো কোঠাৰ টেবুলত থৈ সি টেবুলৰ এচুকে নিঃশব্দে পৰি থকা ইণ্টাৰকমটোলৈ চালে। এইমাত্র যদি ভনীয়েক পূবালীমাৰ এটা ফোন আহিলেহেঁতেন। প্রচণ্ডভাৱে চুৰমাৰ হৈ গ’লহেঁতেন তাৰ নিঃসংগতাৰ যন্ত্রণা। প্রচুৰ আত্মীয়তাৰ সুবাদে ধুই নিলেহেঁতেন তাৰ সকলাে দুর্ভাবনা! হাঁহি হাঁহি হয়তাে সি পূবালীমাৰ ছােৱালীজনী অর্থাৎ তাৰ একমাত্র ভাগিনজনীৰ সৈতে বার্তালাপত ব্যস্ত হৈ পৰিলেহেঁতেন। পূবালীমাই তাৰ মাজতে চিঞৰ বাখৰ কৰি কিবা কিবি কৈ থাকিলেহেঁতেন।
হুমুনিয়াহ এটা বুকুৱেদি উজাই আহি ৰৈ গ’ল। অনুলেখে হুমুনিয়াহ নাকাঢ়িলে। পূবালীমা নামৰ তাৰ মৰমৰ ভনীয়েকজনীৰ বাবে হুমুনিয়াহ কাঢ়িবলৈ সি আৰু যােগ্য হৈ থকা নাই। হয়তােবা তাই তাক মৰি যােৱা বুলিয়েই ধৰি লৈছে। তাইৰ বাবে এতিয়া একালৰ মৰমৰ ককায়েকযােৰ বাবে কোনাে অনুকম্পা নাই। দুঃসহ স্মৃতি বুলি পেলনীয়া সামগ্ৰীৰ ডাষ্টবিনত হয়তাে পৰি ৰৈছে। তাই বিয়াৰ পিছত লৈ যােৱা অনুলেখৰ ফটোগ্রাফ।
পূবালীমা এতিয়া নিউয়র্কত থাকে। এসময়ৰ অনুলেখৰ বন্ধু নিখাঞ্জ কাশ্যপৰ সৈতে বিয়াখন সিয়েই ঠিক কৰিছিল। হায়াৰ ছেকেণ্ডাৰীলৈ অনুলেখ আৰু নিখাঞ্জ একেলগে পঢ়িছিল। তাৰ পিছত নিখাঞ্জে দিল্লী আই.আই.টিত ছিট পাই পঢ়িবলৈ গুচি গৈছিল৷ অনুলেখে এগ্রিকালচাৰ পঢ়িছিল। অনুলেখ আৰু নিখাঞ্জৰ বন্ধুত্ব কিন্তু অক্ষুন্ন আছিল। সেই নিখাঞ্জকে সি মনে মনে বহুদিনৰ পৰা ভনীয়েক পূবালীমাৰ দায়িত্ব দিব বুলি ভাবি থৈছিল। কাৰণ সি পূবালীমাৰ বাবে এখন নিৰাপদ ঘৰ সদায়েই বিচাৰিছিল। সি জানিছিল নিখাঞ্জ নামৰ এই দৃঢ়মনা, চৰিত্ৰবান ল’ৰাটোৰ হাতত তাৰ ভনীয়েকজনী গতাব পাৰিলে সি সিহঁতৰ
দাম্পত্য জীৱন লৈ কোনােদিন অসুখী হ’ব নালাগিব। নিখাঞ্জৰ যেতিয়া বিবাহৰ কথা চলিছিল তেতিয়া সি