পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আদিত্য এইবাৰ ক্লাচ নাইনলৈ প্রমােচন পাইছে। নৈঋতা দুয়ােটাকে লৈ ভীষণ ব্যস্ত হৈ পৰিছে।

 অনিৰুদ্ধৰ মূৰৰ বিষটোৱে আকৌ উক দিছে। নিতিশাৰ নামচিৰ ঘৰত কোনােবাই তাৰ মূৰত প্রচণ্ড জোৰে আঘাত কৰাৰ পিছৰে পৰা সি মাজে মাজে মূৰৰ বিষত ভূগি আহিছে। আগতে সি গুৱাহাটীৰ ডাক্তৰক দেখুৱাইছিল, যােৱা কিছু বছৰৰ পৰা সি চেন্নাই এখন ভাল চিকিৎসালয়ত চিকিৎসা কৰি আহিছে। কোম্পানী মেডিক্লেইম পলিচিয়ে তাৰ চিকিৎসা খৰছ বহন কৰে, গতিকে তাৰ বিশেষ এটা অসুবিধা হোৱা নাই৷

 অনিৰুদ্ধই এইবাৰ নৈঋতাক লৈ যাব বিচাৰিছিল। অনুষ্কা আৰু আদিত্যক চোৱাচিতা কৰিবলৈ আইতাকক মাতিব লাগিব! সি কৈছিল নৈঋতাই পিছে তেওঁৰ ভায়েককহে অনিৰুদ্ধৰ লগত নিবলৈ কৈছে। তাই তাক জোকালে কিজানি এইবাৰ তুমি তােমাৰ প্রথম প্রেমক ঘূৰাই পাবও পাৰা, কোনে জানে ? মই গ’লে অসুবিধা হ’ব পাৰে, সেইবাবে ভাইটিয়েই যাওঁক। অনিৰুদ্ধই সেমেকা হাঁহি এটা মাৰিছিল। সি জানে নিতিশা তাৰ জীৱনৰ পৰা চিৰদিনলৈ হেৰাই গৈছে৷

 অনিৰুদ্ধ আৰু তাৰ খুলখালীয়েক নবীন গৈছিল চেন্নাইলৈ। যােৱাবাৰ হাস্পতাল অহাৰ পৰা এতিয়া প্রায় ডেৰ বছৰ হৈছেহি। সি এইবাৰ গেষ্ট হাউচত নুঠিল। হাস্পতালৰ কাষতে থকা হােটেল এখনতে ৰূম এটা ল’লে। হাস্পতালৰ পৰা গেষ্ট হাউচলৈ প্রায় আধা ঘণ্টাৰ বাট, হাস্পতালৰ ওচৰতে থাকিলে সুবিধা হ’ব বুলি সি ভাবিলে। নবীন আগতে চেন্নাই অহা নাই, কেতিয়াবা হাস্পতালৰ পৰা ৰূমলৈ যােৱাৰ প্ৰয়োজন হ’লে গেষ্ট হাউচলৈ যােৱাটো তাৰ বাবে অসুবিধাজনক হ’ব পাৰে।

 তাৰ ভাগ্যখন ভাল আছিল। প্রথম দিনাই সি ডাক্তৰক দেখুৱাব পাৰিছিল। ডাক্তৰে তাৰ ৰিপৰ্ট চাই অলপ চিন্তিত হৈ কৈছিল। আপােনাৰ মগজুত যথেষ্ট ষ্ট্ৰেছ পৰিছে। আপুনি বেছিকৈ চিন্তা কৰিবলৈ লৈছে যেন লাগিছে। নবীনেও অনিৰুদ্ধৰ টেষ্ট ৰিপৰ্টবােৰ চাই বেছ ভয় খােৱা যেন লাগিছিল। অনিৰুদ্ধই হাঁহি সুধিছিল, কি হ’ল নবীন? ব্রেইনত কিবা টিউমাৰ-চিউমাৰ হৈছে নেকি অ’? নবীনে অনিৰুদ্ধৰ মুখত অনিৰুদ্ধক হাস্পতালত ভৰ্ত্তি কৰােৱা হ'ল। ইটোৰ পিছত সিটো বিৰক্তিকৰ পৰীক্ষা চলি থাকিল। হাতখন দি কৈছেঃ ছিহ! ভিনদেউ!তুমিও যে কি কথাবােৰ কোৱা!

 অনিৰুদ্ধক হস্পিতালত ভৰ্ত্তি কৰোৱা হ’ল৷ ইটোৰ পিছত সিটো বিৰক্তিকৰ পৰীক্ষা চলি থাকিল৷ অনিৰুদ্ধই বহুদিন ধৰি এই অত্যাচাৰবােৰ সহ্য কৰি আহিছে।

 পাঁচটা দিন হাস্পতালতে পাৰ হ’ল। অনিৰুদ্ধৰ মূৰৰ বিষটো প্রায় নাইকিয়া হৈছে। সি কৰিডৰতে পাইচাৰী কৰিলে। খুলশালী নবীনক সি মেডিক্লেইমৰ খবৰ কৰিবলৈ পঠাইছে। ৰূমলৈ অহাৰ আগতে সি পাঞ্জাবী হােটেল বিচাৰি ৰুটী টৰকা খাই আহিব। চেন্নাইৰ খাদ্যবােৰ তাৰ একেবাৰে ভাল নেলাগে হেনাে।

 অনিৰুদ্ধই আকৌ বিছনাত পৰি বাতৰি কাকতখন মেলি ল’লে। কালিৰ পৰা ডাক্তৰে তাক বাতৰি কাকত আদি পঢ়িবলৈ অনুমতি দিছে। নাৰ্ছ কেইগৰাকীয়ে কৈছে অনিৰুদ্ধক এতিয়া চোৱাচিতাৰ দায়িত্বত থকা ডাক্তৰগৰাকী কোনােবা ছােৱালী ডাক্তৰহে। বৰ কাঢ়া ডাক্তৰ হেনাে তেওঁ । অনিৰুদ্ধই এটা কথাতহে আচৰিত হ’ল আজিলৈকে সি সেই ছােৱালী ডাক্তৰগৰাকীক স্বচক্ষে দেখাই নাই। হয়তাে তাৰ বেমাৰটো ইমানদিনে চাই অহা নটৰাজন নামৰ মূল ডাক্তৰজনৰ কোনােবা এচিষ্টেন্ট হ’ব। সি ভাবিলে।

 অনিৰুদ্ধৰ অলপ টোপনি আহিছিল। সি তাৰ শিতানত থকা লাইটৰ চুইচটো অফ কৰি শুই পৰিছিল। অলপ সময়ৰ পিছত সি তাৰ ভৰিত কিহৰ স্পৰ্শত সাৰ পাই গ’ল। কোঠাৰ ছায়াখন পােহৰত সি

দেখিলে ডাক্তৰৰ এপ্রন পিন্ধা কোনােবা এগৰাকী তাৰ ভৰি পথানত থিয় হৈ আছে। সি বিছনাতে বহিবৰ

বিচ্ছুৰিত বৰ্ণালী » ৯৮