কেইদিনমানৰ আগলৈকে দিবানিদ্ৰাৰ এই মুহূৰ্তবােৰ মই মােৰ জীৱনৰ চৰম লােভনীয় তাৰু আকাংক্ষিত বুলি গণ্য কৰিছিলোঁ। হােষ্টেলত দুপৰীয়াৰ ভাত সাঁজ খাই এখন্তেকো বহি থকাৰ ধৈৰ্য্য নাছিল মােৰ। আবেলিৰ দুই বজাৰ ক্লাছলৈ যােৱাৰ আগে আগে অন্ততঃ আধাঘণ্টা বা পঞ্চলিছ মিনিটৰ বাবে কেনেকৈ শুব পাৰি সেই চিন্তাতে মই মগ্ন থাকিছিলোঁ। ভাত খাই উঠিয়েই তেনেকৈ পাটী লােৱা কাৰ্য্যৰ বাবে মােৰ ৰুমমেটে মােক প্রায়েই কিবাকিবি কৈছিল। অৱশ্যে মইএদিনাে ৰূমমেটৰ কথাত মনােযােগ দিয়া নাছিলোঁ। কাৰণ সিমান সময়ে মােৰ চকুৰ পতাত টোপনিৰ মায়াই নাচিবলৈ আৰম্ভ কৰিছিলেই।
আজি চাৰিদিন ধৰি মই ভালদৰে শুব পৰা নাই। নিশাৰ বিছনাতাে ইবাগৰ সিবাগৰ কৰোঁতেই আজিকালি সময়বােৰ পাৰ হৈ যায়। বাইদেৱেতো কালি সুধিয়েই পেলাইছিল-কি অ’ চিন্ময়, ৰাতি টোপানি হােৱা নাই নেকি? চকু ৰঙা পৰি আছে দেখােন?
: নাই অ। কিবা চকুযােৰেহে ডিস্টার্ব কৰিছে। পৈণত ফাঁকি এটা দিব নােৱাৰি মই অসুবিধাত পৰিছিলোঁ। এইবাৰ বাইদেৱে চকুৰ ডাক্তৰৰ ওচৰত যাবলৈ নক’লেই ৰক্ষা।
মােৰ সন্দেহ সত্য প্রতিপন্ন কৰি বাইদেৱে উচপিচাই উঠিছিল।
: তই কোৱা নাই কিয় ? আজি গােস্বামীৰ ওচৰত দেখুৱাই আহিবি।
: এহ নালাগে দে! মই তাইৰ পৰা নিস্তাৰ পাবলৈকে কৈ উঠিছিলোঁ - ঘৰলৈ যাওঁতে ডিব্ৰুগড়তে দেখুৱাই যাম।
: তই দেখুৱাবিয়েই কিন্তু। তাই কৈছিল- মালৈ মই চিঠি লিখি সুধি পঠিয়াম, তই দেখুৱাইছনে নাই।
বুজিলোঁ, ভালদৰেই ফান্দত পৰিলোঁ। দুই তিনিশ টকামান পানীত পৰিল। ব্রেকফাষ্ট কৰি মােৰ ৰূমলৈ আহি মই ভাবিলোঁ, চকুৰ ডাক্তৰতকৈ এতিয়া মােক কোনােবা ’ৰক স্পেচিয়েলিষ্ট’ৰহে দৰকাৰ। (মােৰ হৃদয়ত যে গ্রেনাইট পাথৰ আছে).. মই সঁচাকৈয়ে চিন্ময় শইকীয়া নে? সেই চিন্ময় শইকীয়া যাৰ হৃদয়ত গ্রেনাইট পাথৰ আছে বুলি যাৰ লগৰ ল’ৰাবােৰ নিঃসন্দেহ।
এই চাৰিদিনৰ সান্নিধ্যইতাে মােক বর্ণালীৰ বাবে ইমান ব্যাকুল কৰি তুলিব নালাগিছিল। জীৱনত লগ পােৱা আন দহজনী সাধাৰণ ছােৱালীৰ দৰে তাইকো মই সহজভাৱেই ল’ব লাগিছিল... ধুনীয়া হ’ব পাৰে তাই। স্মার্ট হ’ব পাৰে। কনভেন্ট এডুকেটেড এজনী ছােৱালীৰ বাবে স্মার্ট নােহােৱাটোহে আচৰিত কথা..৷ তেন্তে কিহে মােক ইমান উদ্বাউল কৰি তুলিছে..তাইৰ শিল্পী সুলভ মনটোৱে। কিন্তু তেনেকুৱা শিল্পীমনৰ বহু ছােৱালী মই লগ পাইছোঁ... সুনীতা, মুনমী আৰু ক’ত মুখ অতীতৰ বুকুত বিলীন হৈ গৈছে। হেৰাহ তাে যাবই ’To depart we meet' তেন্তে বর্ণালীৰ ব্যক্তিত্বত এনে কি চুম্বকত্ব আছে যাৰ বাবে আজি মই দিঠকে-সপােনে তাইৰ কথাকে ভাবিবলৈ আৰম্ভ কৰি দিছোঁ...
খিৰিকীৰ গ্ৰীলত ধৰি কিমানপৰ মই আনমনা হৈ আছিলোঁ নাজানাে। বাইদেৱে নাে কেতিয়া মনে মনে আহি মােৰ পিছফালে থিয় হৈ আছিল সেই কথাও নাজানাে। বাইদেৱে মােৰ গাত ধৰি জোকাৰি দিলত মই অপ্রস্তুত হৈ পৰিলোঁ।
: ইমান দুপৰীয়াখন কলনিৰ ছােৱালী বাহিৰলৈ নােলায় দে। বাইদেউৰ ওঁঠত দুষ্টালিৰ হাঁহি।
: ধুৎ ছােৱালীঁ! - মই এক্সপার্ট এক্টৰৰ দৰে মুখ বিকটাই ক’লোঁ- কিবা এটা ভাবি থাকোতে তইনাে কিয় ডিষ্টার্ব কৰ অ’?
: কিনাে কিবা এটা ভাবিছিলা, মহাশয়? বাইদেৱে কৌতুকেৰে সুধিলে।