মাকলৈ চাই তেওঁ কৈছিল— যুদ্ধতাে সদায় হৈ নাথাকে।
দেউতাকৰ কথাত এৰিষা কোঠাটোৰ পৰা ওলাই গৈছিল। ঋষিতহঁতে তাইৰ কাৰ্য দেখি হাঁহিছিল। তাইৰ চাগৈ খং উঠিছে।
ঋষিতৰ ভাল লগা হৈছে। এৰিষাৰ তাৰ জীৱনক লৈ উৎপন্ন হােৱা শংকা, উৎকণ্ঠাখিনিত সি আমােদ পায়। তাৰ বাবে তাই যেনেকৈ উদ্বিগ্ন হয়, তাৰ নিৰাপত্তালৈ তাইৰ মূৰ কামােৰণি হয়, এই সকলােবােৰ তাৰ ভাল লাগে। ক’ব নােৱাৰাকৈয়ে সি তাইৰ সকলােবােৰ দোষ আৰু গুণকে কিজানি ভাল পাবলৈ ধৰিছে।
সিদিনা দুপৰীয়া ঘৰত ঋষিত অকলে আছিল। হঠাৎ এৰিষাৰ স্কুটীখনৰ মাত শুনি সি বাৰাণ্ডালৈ ওলাই গ’ল। দেখিলে— এৰিষাই হয়। উর্ধশ্বাসে আহিছে।
: মাহী নাই নেকি!— তাক দেখি তাই সুধিলে।
: মাহী-মহা কোনাে নাই। মই মাহীৰ পুতেকটোহে আছে। কিবা ক’বলগা থাকিলে মােকেই কোৱাচোন। সি ধেমালি কৰি ক’লে।
: তােমাৰ লগত মােক কি কথাটো থাকিব। মই যাওঁ। তাই ঘূৰিল।
: আহাঁনা! --তাইৰ চুন্নীখনত ধৰি সি ভিতৰলৈ টানিলে। তাই ৰ’ল। তাৰ চকুলৈ চালে।
: মােৰ ওপৰত বিশ্বাস নাই নেকি! —সি ক’লে।
: কি বিশ্বাসৰ কথা কৈছা? বিশ্বাসৰ প্রশ্ন কেতিয়া উঠিল?
: মা নহ’লে আমাৰ ঘৰত প্ৰৱেশ কৰিব নােৱাৰাৰ কাৰণ ?— সি কৌতুকেৰে সুধিলে।
এৰিষা সােমাই আহিল। ড্রয়িং ৰূমৰ ছােফাখনত মুখ গােমা কৰি বহি থাকিল তাই।
ঋষিতো বহিল। তাইৰ সন্মুখতে। তাইৰ ভাবৰ পৰিবর্তন ধৰিব পাৰি সি সুধিলে— কিবা অপৰাধ লাগিল নেকি আক’৷ বতৰ ডাৱৰীয়া দেখিছোঁ৷
: ধেমালি নকৰিবা। কিহৰ বিশ্বাসৰ কথা কৈছা? পাহৰি গৈছা নেকি আহমেদাবাদৰ পৰা ট্রেইনত তােমাৰ লগতে মই দুটাকৈ ৰাতি পাৰ কৰিছোঁ। অভিমানেৰে ক’লে এৰিষাই।
: অ’ কথাটো সেইখিনিত ! ছৰি ভাই। আৰু নকওঁ। ঋষিতে তাইৰ মুখখন তুলি ধৰি ক’লে— এতিয়া হ’বনে? নকওঁ আৰু। বিদ্যা শপত।
: হ’ব বাৰু৷— এৰিষাই মােহনীয়াকৈ হাঁহিলে।
: আচ্ছা তুমি এতিয়া বহা। মােৰ চাহ একাপ খাবৰ মন গৈ আছিল। কম্পেনি পােৱা নাছিলো বাবেই খােৱা হােৱা নাছিল। তুমি খাবাতাে?
: আনা বাৰু৷— এৰিষাই হাঁহিলে। ঋষিত চাহ কৰিবলৈ সােমাই গ’ল।
: এয়া তােমাৰ চাহ!-- চাহৰ প্লেটখন টেবুলতে থৈ সি ক’লে— মােৰ কাপ মই ভিতৰৰ পৰাই খাই খাই আহিছোঁ।
: খকুৱাটো! তাই ঋষিতক জোকালে।
ঋষিতে চোফাখনত বহি মহা আৰামেৰে চাহ খােৱাত লাগিল।
: এই ঋষিদা।