পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাৰি

 পুৱা বহু দেৰিকৈ সাৰ পালে আনুলেখে! আগদিনা ৰাতিৰ অত্যধিক মদ্যপানৰ বাবে তাৰ মূৰটো গধুৰ গধুৰ লাগিছিল। ভােকো লাগিছিল যথেষ্ট। তেতিয়াহে তাৰ মনত পৰিল সি ৰাতি একো আহাৰ নকৰাকৈয়ে শুই গ’ল। অলসভাৱে বিছনাতে পৰি ৰ’ল সি। শৰীৰটোক কষ্ট দি সি এক পৈশাচিক আনন্দ লাভ কৰে। সি তাৰ জীৱনটো তিলতিলকৈ শেষ কৰি দিব খােজে। সি শ্বেমিমৰ ওচৰত সি ভয়ানক অপৰাধ কৰিছে, তাৰ শাস্তি মৃত্যুৰ বাহিৰে আন একো হ’ব নােৱাৰে।

 সি আত্মহত্যাই কৰিলেহেঁতেন। কিন্তু তাকে কৰিলে শ্বেমিমে তাৰ যন্ত্ৰণাৰ কথা বুজি পাব। সি জানে, সি যি অৱস্থাত পৰি শ্বেমিমক ত্যাগ কৰিবলগা হৈছে, এই অৱস্থাৰ কথা জানিলে তাই অনুলেখক ক্ষমা কৰি দিব। অনুলেখৰ প্রতি ঘৃণাৰ পৰিৱর্তে সমবেদনা প্রকাশ কৰিবলৈ আৰম্ভ কৰিব। তাই তাৰ দুখৰ বাবে দুখী হ’ব, তাৰ যন্ত্ৰণাৰে তাইৰ বুকু ৰাঙলী হ’ব। সি সেইয়া হ’বলৈ দিব নােখােজ। সি বিচাৰে শ্বেমিমে তাক সদায় ঘৃণা কৰি থাকক। অনুলেখে যিদৰে প্লে বয়ৰ অভিনয় কৰি শ্বেমিমৰ প্রেম প্রত্যাখান কৰিলে, সেই ৰূপটোকে সঁচা বুলি থাকি তাৰ প্ৰবঞ্চনাৰ প্রত্যুত্তৰ দিবলৈকে তাই নিজৰ জীৱনটো সুখেৰে সমৃদ্ধ কৰিবলৈ যত্ন কৰিব। সি যদি আজিও হঠাতে আত্মহত্যা কৰে, সি নিশ্চিত—তাৰ আত্মহত্যাৰ খবৰ পােৱাৰ লগে লগে শ্বেমিমেও আত্মহত্যা কৰিব। তাই তাৰ জীৱিত অৱস্থাতহে তাৰ ওপৰত খং, অভিমান কৰি থাকিব পাৰে, মৃত্যুৰ পিছত নহয়।

 আকৌ এবাৰ পূবালীমা আৰু মাক-দেউতাকলৈ মনত পৰিল তাৰ। কেনেকৈ তাৰ ঘৰখনে তাৰ সমস্ত প্রেম-ভালপােৱা বিচ্ছিন্ন কৰি পেলালে। তাৰ প্ৰাণতকৈ মৰমৰ ভনীয়েকজনীয়ে যেতিয়া তাক শ্বেমিমক বিয়া নকৰাওঁ বুলি তাইৰ নামত শপত খাবলৈ বাধ্য কৰালে, সি সঁচাকৈ মূক হৈ গৈছিল। ভনীয়েকৰ বিয়াৰ আগদিনা সি শ্বেমিমক বিয়া নকৰাও বুলি শপত খােৱাৰ বাদানুবাদ চলি থাকোতেই ভনীয়েকে কৈছিল— চোৱা দাদা, তুমি মােৰ নামত শপত নাখালে মই কাইলৈ বিয়াতেই নবহোঁ।

 : নালাগে বহিব। খঙত উচাট মাৰি ওলাই গৈছিল অনুলেখ। য’তে ত’তে ঘূৰি থাকি সন্ধ্যা সি ঘৰ সােমাইছিলহি। বিয়াৰ কামবােৰাে সি বাদ দি পেলাইছিল।

 সন্ধ্যা ঘৰত আহি দেখিছিল মাকে হুৰাওৰাৱে কান্দি আছে। মামা-মামী, পেহা-পেহীহঁতে দুৱাৰ বন্ধ কৰি অনুলেখক পূবালীমাৰ কোঠালৈ টানি লৈ গ’ল। সি দেখিলে পূবালীমাই খুউব বুমি কৰিছে। তাই হেনাে ফেনাইল এবটল খাবলৈ চেষ্টা কৰিছিল। ভাগ্যে মাহীয়েকে দেখাত অকণমান খাওঁতেই বটলটো কাঢ়ি আনিব পাৰিলে। অনুলেখ বলিয়াৰ দৰে হৈ উঠিল। ফোন কৰি তাৰ বন্ধু ডাঃ ভাস্কৰক মাতি পঠিয়ালে। ফোনতে কেছটো সংক্ষিপ্তকৈ কোৱাত ভাস্কৰে আহি দুটামান দৰব খাবলৈ দি পূবালীমাক সুস্থ হৈ উঠাত সহায় কৰিলে। অনুলেখে ভাস্কৰক ক’লে সি যেন পূবালীমাই আত্মহত্যাৰ চেষ্টা কৰা বুলি ক’তাে নুলিয়ায়। তেনে কৰিলে ভনীয়েকৰ বদনাম হ’ব। দৰাঘৰেও

কথাটো শুনি ভাল নাপাব। ভাস্কৰ তাৰ কথাত সন্মত নােহােৱাৰ প্রশ্নই নাছিল। সিহঁত দুটা সৰুৰে

বিচ্ছুৰিত বর্ণালী >> ৬৩