পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/১৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


নাথাকিলে এজনী ছােৱালীৰ সৈতে এটা ল’ৰাই কথা পতাতাে জানাে বেয়া কথা? লাগে সেয়া মার্কেট প্লেচতেই হওক বা এটা নির্জন ঘৰতেই হওক । মােৰ ক’বলগা একো নাছিল। বর্ণালীৰ ব্যক্তিত্ব আৱিষ্কাৰৰ আনন্দত মই মাত্র নীৰৱে হাঁহিছিলোঁ।

 আমাৰ আড্ডা জমি উঠিল খুউব সােনকালেই। খুউব জমাব পাৰে বৰ্ণালীয়ে। অথনিৰে পৰা তাই অনর্গল কথা কৈ গৈছে। মই মাথাে মাজে মাজে ‘ওঁ’ ‘অ’ কৰি দুই এটা কমপ্লিমেন্ট যােগ দি গৈছোঁ৷

 : তােমাৰ কোনােবা প্রেয়সী আছে? হঠাৎ কথাৰ মাজত ৰৈ তই মোক সুধিলে।

 : নাই। মােৰ চমু উত্তৰ।

 : কিয় নাই। প্ৰেমত পৰিবলৈ ভয় কৰা ?

 : ভয় নকৰোঁ। বাট আই ডণ্ট ৱান্ট টু বি চিটেড্। মই প্ৰতাৰিত হ’ব নােখােজোঁ।

 : অ’ মা। প্রতাৰিত হােৱাৰ ভয়, অথচ কোৱা প্ৰেমত পৰিবলৈ ভয় নকৰা৷

 :যদি তুমি তেনেকৈয়ে ভাবা মােৰ ক’বলগীয়া একো নাই। মােৰ মাতটো অলপ টানকৈয়ে ওলাল।

 : বেয়া পাইছা ? প্লিজ ডন্ট মাইণ্ড। মই কেতিয়াবা যা-তা কথা কৈ দিওঁ নহয় ?

 : হ’ব দিয়া। মই ইমান ঠুনুকা হৃদয়ৰ মানুহ নহয়। ইমান সােনকালে ভালপােৱা-বেয়াপােরা সেইবিলাক মােৰ অভিধানত নাই...। মই ক’লোঁ বাই দি বাই, চাহ-তাহ কিবা খুৱাবানে নাই? নে সেই আঙুৰকেইটাৰেই মােখনি মাৰিলা? কথাৰ প্ৰসংগ সলনি কৰিবৰ বাবেই মই কৈ উঠিলোঁ।

 বর্ণালী এইবাৰ পােনছাটেই কিচ্ছেন ৰূম পালেগৈ। ময়াে ডিভানখনত গাটো আৰামকৈ এৰি দিলোঁ। পূৰা দুঘণ্টা লেকচাৰ মাৰি মূৰ কামুৰি গৈছে।

 : ফটোকে চোৱা দিয়া। হাতত তিনিটামান এলবাম লৈ বর্ণালী পুনৰ ৰূমটোলৈ সােমাই আহিল।

 ডাইনিং টেবুলত বহি সন্ধিয়া ৬.৩০ বজাৰ নির্জন অট্টালিকাত এইয়া মই আৰু বৰ্ণালী। বর্ণালী আৰু মই। আঢ়ৈ ঘণ্টা সময় অনর্গল কথা কৈ কৈ বর্ণালী যেন অলপ ভাগৰি পৰিছে। স্নেহময়ী মাতৃৰ মমতাৰে তাই মােলৈ আগবঢ়াই দিছে খাদ্যৰ সমাহাৰ। যেন আজি তাই মােক হেঁপাহ পলুৱাই খুৱাব।

 চাওমিনৰ প্লেটত কাঁটা চামুচেৰে অভ্যস্ত অপাৰেচন চলাই থাকোতেও মই তাইৰ মুখলৈ লুকাই চুৰকৈ চাই থাকিবলৈ পাহৰা নাই। টিউব লাইটৰ ৰূপালী পােহৰে ঢৌৱাই গৈছিল তাইৰ মাখন বগা শৰীৰ আৰু মুখমণ্ডলত অবাধ্য ভাবে নাচি থকা কেইডালমান চুলিৰ মাজে মাজে যেন সিঁচৰতি হৈ আছিল জোন আৰু জোনালীৰ অযুত সপােন, দুচকুত উদ্ভাসিত হৈছিল তৰা বছা আকাশৰ নীলাভ হাঁহি।

 মই কিজানি অলপ ৰােমাঞ্চিত অনুভৱ কৰিছিলোঁ। ঘণ্টাৰ পাছত ঘণ্টা ধৰি বৰ্ণালীৰ সৈতে কথা পতাৰ পাছতাে মােৰ বুকুত যেন ৰৈ গ’ল এজাক বলিয়া বতাহ। গােমা আকাশত যেন ওলমি ৰ’ল ঘন ক’লা ডাৱৰৰ চপৰা।

 কওঁ নেকি মােৰ ক’বলগা কথা ? বর্ণালীয়ে কি ভাবিব বাৰু? ভাবিব নেকি সন্ধিয়াৰ নির্জনতাত

বিচ্ছুৰিত বৰ্ণালী » ১৭