ছয়
আৰু দুটা দিন ঋষিত আৰু মিচুৱে একেলগে আহমেদাবাদৰ বাটে-পথে এৰিষাক বিচাৰি ফুৰিছিল। ঋষিতে যেন মিচুৱে এৰিষাৰ মৃত্যু হােৱা বুলি কোৱা কথাটো বিশ্বাস কৰিব পৰা নাছিল। এৰিষা কেতিয়াও মৰিব নােৱাৰে। এৰিষা কেৱল ঋষিতৰ বাবে। মৃত্যুৰ বাবে নহয়। সি ভাবিছিল ভূঁইকঁপৰ সীমাহীন মৃত্যুযজ্ঞ দেখি কিজানি মিচুৰ মগজুৰ গােলমাল আৰম্ভ হৈছে। সেইবাবেই তাই কিবা-কিবিবােৰ বকিবলৈ আৰম্ভ কৰিছে।
মিচুৱে কৈছে, ঘটনাৰ দিনাখন তাই আৰু এৰিষা তাহাঁতৰ আহমেদাবাদৰ স্থানীয় বান্ধবী এজনীক হােষ্টেললৈ নিবৰ বাবে মনে মনে হােষ্টেলৰ পৰা ওলাই আহিছিল। সেইদিনাই এৰিষাই ঋষিতৰ পুৰস্কাৰপ্ৰাপ্তিৰ বাবে এটা পার্টি দিয়া কথা আছিল। চাব্বিছ জানুৱাৰীৰ পেৰেডত ঋষিতক একেলগে হােষ্টেলৰ টিভিত চোৱাৰ পাছতে পার্টি আৰম্ভ হােৱাৰ কথা । গতিকে এনেকুৱা এটা পার্টিলৈ তাহাঁতৰ বেষ্ট ফ্রেণ্ড অর্পণাক নিমন্ত্রণ নকৰাৰ প্রশ্নই থাকিব নােৱাৰে। দুদিনৰ পৰা অর্পণাহঁতৰ ফোনটোও বেয়া হৈ আছিল। আগতে ক’বলৈও এৰিষাই ঋষিতৰ খবৰটো আগদিনা সন্ধ্যাহে পাইছিল আৰু পাছদিনাখনতাে বন্ধই।
: তাৰ পিছত ? – সজল নয়নেৰে সুধিছিল ঋষিতে।
: আমাৰ হাতত সময় তেনেই কম আছিল। আধা ঘণ্টাৰ ভিতৰতে হােষ্টেললৈ ঘূৰিব লাগে। কেনেবাকৈ ৱার্ডেনে মনে মনে বাহিৰলৈ অহা বুলি গম পালে দিগদাৰ হ’ব। সেয়ে এৰিষাই মােক কৈছিল তাই অর্পণাক লৈ আহিব আৰু মই দোকান এখনৰ পৰা পাৰ্টিৰ বাবে দৰকাৰী বস্তুকেইটামান কিনি আনিম। এইখিনি কৈ মিচু আকৌ কান্দোনত ঢলি পৰিছিল। তাই বাৰে বাৰে কৈছিল—মই সেইটোৱেই ভুল কৰিলোঁ ঋষিদা৷ ময়াে তাইৰ সৈতে যােৱা হ’লে কিজানি তাইৰ একো নহ’লহেঁতেন।
: শান্ত হােৱা মিচু।--ঋষিতেই বুজাব লগা হৈছিল মিচুক। তাৰ নিজৰ হৃদয় ফাটি ছিৰাছিৰ হৈ গৈছে, অথচ সি প্রকাশ কৰিব পৰা নাই। এইকেইদিনতে মিচু আধা মৰা হৈছে। তাইৰ মুখলৈ চায়েই সি এটা দায়িত্ব সম্পন্ন ককায়েকৰ ভূমিকা ল’বলগা হৈছে। মিচু ফেকুৰি থাকিল। ফেকুৰি ফেকুৰিয়েই তাই ক’লে— জানা ঋষিদা, অর্পণাৰ ঘৰটো মই চিনি নাপাওঁ। এৰিষাই আগতে এবাৰ আহিছিল। তাই অর্পণাক আনিবলৈ যােৱাৰ পিছতে মই দোকান এখনত
সােমাইছিলোঁ। তেনেতে দেখােন সকলােবােৰ কঁপি উঠিল। মানুহবােৰ যেনি তেনি দৌৰিছিল।