পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভৰি দুটা বেলকনিৰ গ্রিলত বগাই গৈ এটা কঁপনি তুলি থাকিল। সি দেখিলে, সিহঁতৰ হােটেলখনৰ সন্মুখত থকা কটন কলেজৰ পদার্থ বিজ্ঞান বিভাগৰ বিল্ডিংটোলৈ এজাক ল’ৰা-ছােৱালী আহিছে। বৰষুণজাকৰ পৰা ৰক্ষা পাবলৈ ল’ৰাজাকে দৌৰি দৌৰি বাৰাণ্ডাত উঠিছে। ৰং-বিৰঙৰ কাপােৰ পিন্ধা ছোৱালীজাকে বৰষুণত মেলি লৈ অহা বিভিন্ন ৰঙৰ ছাতিবােৰ বাৰাণ্ডাত শুকাবলৈ থৈ দিছে। অনুলেখৰ কঁপি থকা ভৰি দুটা ৰৈ গ’ল। সি বেঙা মেলি ল’ৰা-ছােৱালীজাকলৈ চালে। সিহঁত ক্লাছ ৰূমলৈ সােমাই গৈছে। অধ্যাপক যেন লগা মানুহ এজন ব্যস্ততাৰে কৰিড’ৰেৰে খােজকাঢ়ি গৈছে।

 কিমান দিন হ’ল বাৰু? অনুলেখ যেন টাইম মেচিনত উঠি উভতি যাব অতীতলৈ। পােহৰৰ গতিতকৈ বেছি বেগেৰে যােৱাৰ সুবিধা থকা সেই বহুকথিত টাইম মেচিনটো যে আজিও আৱিস্কৃত নহ’ল। হােৱাহেঁতেন! আহ!

 খাইৰুল, বিপুল, শিৱাশীষ, গােলাপ, তপন, নৃপেন, অসীম, গুঞ্জনহঁত, জ্যোতিবিকাশ, নৱজ্যোতি, বিজয়কৃষ্ণ, বিকলহঁত অথবা পাটৰ, মুনীন, মনােৰঞ্জন অথবা অজয় শংকৰ তাৰ কিমান অভিন্ন বন্ধু আছিল। সকলােবােৰ নিজা নিজা কক্ষপথত ব্যস্ত। জীৱিকা অথবা জীয়াই থকাৰ তাড়নাক কেন্দ্ৰ কৰি । ব্যস্ততাৰ কক্ষপথেৰে সকলােৱে মাথোঁ পৰিভ্ৰমণ কৰি আছে। প্রচণ্ড ব্যস্ততাৰ এই তুমুল যান্ত্রিকতাত কিমান মানৱীয় আৱেগৰ প্রতিদিনে অপমৃত্যু ঘটিছে, তাৰ কোনাে হিচাপ নাই। বিশ্ব ব্রহ্মাণ্ডৰ গ্রহ-উপগ্রহ- নক্ষত্রকে ধৰি সকলােৱেই মাথোঁ নিজৰ কক্ষপথত বন্দী। ইচ্ছা থাকিলেও কোনেও কাৰােলৈ একমুহূর্তও। ৰ’বলৈ সময় নাপায়। অনুলেখাে বন্দী। ইচ্ছা থাকিও জীৱনত সি বহু কাম কৰিব নােৱাৰিলে। কক্ষপথৰ প্রবল মাধ্যাকর্ষণ শক্তি নেওচি সি উল্কাপিণ্ডৰ দৰে খহি পৰিব নােৱাৰিলে।

 তাৰ বন্ধুহঁতে বাৰু তাক মনত ৰাখিছেনে। পুৰণি বেমাৰটোৱে আকৌ উক দিলে তাৰ। অকলশৰীয়া হৈ অকণমান ভাবত ডুব গ’লেই সি নষ্টালজিয়াত ভােগে। তাৰ দুচকুৰ সন্মুখত সােণােৱালী অতীতৰ ছবিবােৰ ক’লাজ হৈ অহা-যােৱা কৰে। তাৰ সােণালী শৈশৱ আৰু স্বপ্নীল যৌৱনৰ বর্ণময় দিনবােৰে খুউব আমনি কৰে তাক। এগাল উচ্চাকাংখা লৈ কলেজত পঢ়িবলৈ অহা এজাক তৰুণৰ মাজত সিও কিদৰে ৰণুৱা ঘোঁৰা এটাৰ দৰে দৌৰি ফুৰিছিল। তেতিয়া সিহঁতে যেনিয়েই চাইছিল, সেইপিনেই দেখা পাইছিল জিলমিল তৰাৰ হাঁহি। কলেজৰ ‘ফেয়াৰৱেল’ত প্রত্যেকে প্রত্যেকক নাপাহৰাৰ প্রতিশ্রুতি দিছিল।

 অনুলেখৰ নিজকে অচল মুদ্ৰাৰ দৰে লাগিল। সিহে যেন পিছপৰি থাকি গ’ল। জীৱনৰ মাৰাথান দৌৰত বাকীবােৰ দেখােন বহুদূৰ আগুৱাই গ’ল। ব্যস্ততাৰ ভূষণ পিন্ধি সকলাে হেৰাই গ’ল কৰ্মৰ সমুদ্রত। অথচ অনুলেখ। বিজনেছ এডমিনিষ্টেচনত মাষ্টাৰ ডিগ্ৰী কৰি এটা নামজ্বলা কোম্পানীত মােটা দৰমহাৰ চাকৰি কৰি তিনিটাকৈ বছৰ অসমৰ বাহিৰত থাকিও সি প্রেম, বন্ধুত্ব, আবেগ, অনুভূতিৰ নিচিনা বিষ কিছুমান বুকুত লৈ ৰৈ গ’ল। কেৰিয়াৰ আৰু সমাজৰ কঠোৰ বাধ্যবাধকতা এই দুই প্রবল শক্তিৰ আঘাতত সি যেন উফৰি আহি ক’ৰবাত ছিটিকি পৰিলহি; য’ৰ পৰা সি আৰু কাকো দেখা নাপায়।

 এতিয়াও অৱশ্যে তাৰ কেইজনমান বন্ধুৰ সৈতে যােগাযােগ আছে- পংকজ, হেমন্ত, চিদানন্দ। ইহঁতাে কিজানি আও পুৰণি স্বভাৱৰ। অনুলেখৰ ভাবিবলৈ মন গ’ল।

 বৰষুণজাক ক্ৰমাৎ ডাঙৰ হৈ আহিছে। বৰষুণৰ ছিটিকনি আহি অনুলেখৰ গালে মুখে পৰিছেহি। সি বেলকনিৰ পৰা চকীখন টানি আনি কোঠাত সুমুৱালে। চাহ একাপ খাবৰ ইচ্ছা এটা হৈছে। ইণ্টাৰকমত

মেনেজাৰক চাহ একাপ পঠাবলৈ কৈ অনুলেখ বিছনাত অলসভাৱে বহি পৰিল। শিতানত গাৰু দুটা জাপি

বিচ্ছুৰিত বৰ্ণালী » ৪৮