পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 অনিৰুদ্ধই ডাক্তৰক সি আজি পােৱা চিঠিখনৰ কথা ক’লে। তাৰ ভৰিৰ পথানত কোনােবা এগৰাকী মহিলা ডাক্তৰে আজি থিয় হৈ তাৰ ভৰি স্পৰ্শ কৰাৰ কথা ক’লে। সি ক’লে এনে সংক্রান্ততে সি ডাঃ নটৰাজনৰ অধীনত কাম কৰা ডাঃ এনিশা বৰুৱাৰ বিষয়ে জানিব খােজে।

 : কিন্তু ডাঃ বৰুৱাৰ লগত এই ঘটনাবােৰৰ কি সম্পর্ক? ডাঃ নটৰাজনে আশ্বর্যৰে সােধে।

 : মই ডাঃ বৰুৱাক লগ কৰিব বিচাৰিছিলাে। নাৰ্ছে কৈছে তেখেত হাস্পতালৰ পৰা গুচি গৈছে। ফোন নম্বৰ বিচাৰিছিলাে, সেয়াও দিবলৈ সন্মত নহয়। মই এতিয়া কেৱল আপােনাৰ ওচৰতে মােৰ হাজাৰ কৌতুহল নিবাৰণৰ বাবে ভৰষা কৰিব পাৰাে। অনিৰুদ্ধ এইবাৰ উচুপি উঠিল। সি মজিয়াত আঠুকাঢ়ি ডঃ নটৰাজনক হাতযােৰ কৰিলে।

 : ছিঃ নাপায়৷ ডঃ নটৰাজনে তাৰ হাত দুখন আঁতৰাই দিলে৷ চাওঁক আমাৰ নিয়মমতে মই মােৰ টীমৰ মানুহৰ ইনফৰমেচন আপােনাক দিয়া উচিত নহয়। কিন্তু আপুনি যদি ডাঃ এনিশাক আপােনাৰ ছােৱালী বুলি সন্দেহ কৰিছে, তেন্তে মই নিয়ম ভাঙি আপােনাক সহায় কৰিবলৈ প্ৰস্তুত৷

 : নাই চাৰ! আপুনি বিশেষ একো কৰিব নেলাগে। সি গদগদ হৈ ক’লে। আপুনি মাত্র মোক তেওঁৰ এখন ফটো দেখুৱাওক৷ সেয়াই মোৰ বাবে এটা বৃহৎ প্ৰাপ্তি৷

 ডাঃ নটৰাজনে তাৰ ফালে স্নেহেৰে চালে। পকেটৰ পৰা ম’বাইলটো ওলাই তেখেতে স্ক্রল কৰি ক’লে- ডাঃ বৰুৱা কিন্তু মােৰ টীমৰ স্থায়ী সদস্য নহয়। আমাৰ হাস্পতালত অস্থায়ীভাৱেহে কাম কৰিছিল। আজিয়েই তেখেতে মােৰ টীম এৰি গুচি গৈছে। অহ! অনিৰুদ্ধ কিছু হতাশ হ’ল। সি বৰ আশাৰে ডাক্তৰৰ ফোনটোৰ ফালে চাই ৰৈছে।

 : এইয়া চাওঁক তেখেতৰ ফটো! অনিৰুদ্ধৰ হাতত ম’বাইলটো দি দিছে তেওঁ।

 অনিৰুদ্ধৰ যেন উশাহ বন্ধ হৈ যাব। ডাঃ নটৰাজনৰ ম’বাইল স্ক্রীনত এইজনী নিতিশাৰ ছােৱালীৰ ফটো। আদিত্যৰ লগত পণ্ডিচেৰী যাওঁতে অৰ’ভিলেত ক্ষন্তেকৰ বাবে দেখা নিতিশাৰ প্রতিবিম্ব যেন লগা ছােৱালীজনী। অনিৰুদ্ধই তাৰ বুকুখন জোৰে হেঁচি ধৰিছে। সি যে তাৰ নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই। নিতিশাই চিঠিত লিখিছে এনিশাতো নিতিশা আৰু অনিৰুদ্ধৰে ছােৱালী। সি কঁপা কঁপা আঙুলিৰে ম’বাইল স্ক্রীনত এনিশাৰ ফটোখন স্পর্শ কৰিলে।


উপসংহাৰ

 এম জি মার্গৰ বেঞ্চিত বহি কফি খাই থাকোতে নিতিশাই তাক এদিন সুধিছিল—

 : অনি! বিয়াৰ পিছত কি কৰিম বুলি ভাবিছা ।

 : বিয়াৰ পিছত আকৌ কি কৰে? অনিৰুদ্ধই দুষ্টালি কৰি কৈছিল তােমাৰ দৰে এজনী ধুনীয়া ছােৱালীৰ জন্ম দিম আৰু নাম ৰাখিম এনিশা বৰুৱা।

 : ধােৎ এইডাল। লাজ পাইছিল নিতিশাই। তাৰ পিছতাে দমি নগৈ সুধিছিল ‘এনিশা’ কিয় ?

বিচ্ছুৰিত বর্ণালী » ১০৪