: ব’লানী প্লীজ! অনিৰুদ্ধই ক’লে, তুমি গ’লে বিৰাট ভাল লাগিব। আজিকালি অনিৰুদ্ধ আৰু চাৰ্গেইৰ সম্বোধন আপুনিৰ পৰা তুমিলৈ পৰিৱৰ্তন হৈছে।
: ৰবা! মই প্লেন এটা বনাই আছো। চাৰ্গেই ক’লে এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহাতে ভাল হ’ব। মাৰ্চ এণ্ডিঙৰ কোনো সমস্যা নাথাকিব।
: বেয়া নহ’ব। ধুম্ৰীয়মান কফি কাপত সোহা মাৰি অনিৰুদ্ধই ক’লে।
বিন্দুৰ পৰা সিন্ধুহে হ’লগৈ যেন। অনিৰুদ্ধই নৰ্থ চিকিম যাবলৈ চাৰ্গেহকহে লগ ধৰিছিল। চাৰ্গেই গোটেই অফিচটোক লৈ ল’লে। গুৰুডুংগমাৰ আৰু য়ামথাং ভেলী যোৱাৰ ৰাস্তাত লাচেন আৰু লাচুং নামৰ দুখন সৰু ঠাইত নৈশ যাপন কৰিবলগা হয়। চাৰ্গেই যুদ্ধকালীন গতিৰে সেই দুখন ঠাইৰ হোটেলত ফোন কৰি ৰুমৰ খবৰ লোৱাত লাগি গ’ল। অফিচৰ প্ৰায়সকল কৰ্মচাৰীকে সি কুটুৰি কুটুৰি নৰ্থ চিকিমলৈ যাবৰ বাবে সৈমান কৰালে। বেছিকৈ বমি আৰু মূৰ ঘূৰণিৰ সমস্যা থকা আৰু প্ৰেছাৰৰ সমস্যা থকা চাৰিজনৰ বাহিৰে বাকী সকলোকে সি নৰ্থ চিকিম যাবলৈ যেন বাধ্যহে কৰালে।
: অনিৰুদ্ধ! কামৰ মাজতে এপাক অনিৰুদ্ধৰ কাষলৈ আহি চাৰ্গেই মাত লগালে।
: কি? সি মূৰ তুলি চালে।
চাৰি হাজাৰ টকা দিয়া। চাৰ্গেই টকা হিচাপ কৰি কৰি ক’লে আজি পইচা উঠাই শেষ কৰিব লাগিব।
: চাৰি হাজাৰ! অনিৰুদ্ধই তালৈ ভ্ৰূকোঁচাই চালে। দু হাজাৰকৈহে গাইপতি আছিল।
: দুই হাজাৰেই হয়। কিন্তু নিতিশাৰতো কোনে দিব? সি দুষ্টালিৰ হাঁহি এটা মাৰিলে।
: বদমাছ। কৃত্ৰিম ধমক দিয়ে অনিৰুদ্ধই। দুই হাজাৰতকৈ এটকাও বেছি নিদিওঁ। নিতিশাৰ পইচা মই কিয় দিম? সি হাঁহি হাঁহি কয়।
অনিৰুদ্ধ আৰু নিতিশাৰ প্ৰেমৰ কথা এতিয়া অফিচৰ সকলোৱে জানে। অনিৰুদ্ধই যোৱা বছৰ লছাৰ উৎসৱত নিতিশাক চাৰ্গেই কোৱাৰ দৰে ’উইছ’ কৰিছিল। তাৰ পিছত আৰু এটা লছাৰ পাৰ হৈ গৈছে। এতিয়াও অনিৰুদ্ধৰ নিতিশাক লছাৰত কোৱা সেই বিশেষ বাক্যটো মনত পৰিলে খুউব হাঁহি উঠে। এই চাৰ্গেইটোৱে সঁচাকৈ তাক কোনোবাদিনা লাল বজাৰতে বেচিব।
অনিৰুদ্ধই নিতিশা নৰ্থ চিকিম ফুৰিবলৈ যাব বুলি ভবা নাছিল। সি সেইবাবে তাইক এই বিষয়ে একো কোৱাই নাছিল। চাৰ্গেইৰ পৰা কথাবোৰ শুনি প্ৰথম দুদিন তাই অনিৰুদ্ধক মাতবোল কৰা নাছিল। চাৰ্গেইয়ে আকৌ তাইৰ খং আৰু অভিমান দূৰ কৰিবলগা হ’ল। সেই ছেগতে সি তাইৰ পৰা নৰ্থ চিকিম যোৱাৰ দুহাজাৰ টকাৰ অৰিহণাটো আদায় কৰি ল’লে।
দুখন বলেৰ’ গাড়ীৰে সিহঁত গেংটকৰ পৰা মংগনলৈ যাত্ৰা কৰিছিল। মংগনত খোৱাবোৱা কৰি সিহঁত লাচুঙলৈ যাব। লাচুঙৰ কাষতে আমথাং ভেলী আৰু জিৰ’ পইন্ট। লাচুঙৰ হোটেলত এৰাতি থাকি গোটেই দলটো পিছদিনা লাছেনলৈ যোৱাৰ কথা। লাছেনৰ পৰা সিহঁত যাব গুৰুডুংগমাৰ হ্ৰদ। সকলোৱে বেছ উৎসাহী হৈ উঠিছিল। চাৰ্গেই অভিজ্ঞ ট্যুৰ অপাৰেটৰৰ দৰে যাত্ৰাটো পৰিচালনা কৰিছিল। এখন বলেৰত পুৰুষসকল আৰু আনখনত মহিলা আৰু ছোৱালীসকলক উঠিব কোৱা হৈছিল। সিহঁতৰ দলটোত আঠজন পুৰুষ আৰু ছয়জনী ছোৱালী আছিল। গাড়ীত উঠাৰ সময়ত
গোটেই কেইজনে কি যে চিঞৰ বাখৰ কৰিছিল। ছোৱালীতকৈ ল’ৰাৰ সংখ্যা বেছি হোৱা বাবে
বিচ্ছুৰিত বৰ্ণালী >> ৯১