পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সি অনুমান কৰিছে বিষয়বস্তুটো নিতিশা আৰু তাৰ সম্পর্ক লৈয়েই হ’ব।

 : কো হ’! কোনােবাজনে তাক দেখি সুধিলে।

 : মই অনিৰুদ্ধ! সি নেপালীতে উত্তৰ দিলে।

 হঠাৎ কোঁদোৰ বাঁহতহে যেন অনিৰুদ্ধই খোঁচ মাৰি দিলে। ভিতৰৰ পৰা আন কেইবাজনাে লােক দৌৰি ওলাই আহিল। সিয়েই যে নিতিশাৰ প্রেমিক অনিৰুদ্ধ, এই কথাটো তাৰ মুখৰ পৰা জনাৰ পিছত সিহঁতে অনিৰুদ্ধৰ ওপৰত জপিয়াই পৰিল। অনিৰুদ্ধই বাধা দিবৰ চেষ্টা কৰিছিল, কিন্তু সমুহীয়া আক্রমণত সি দিকহাৰা হৈ পৰিল। সি তেনেতে দেখিলে নিতিশাই ভিতৰৰ পৰা দৌৰি আহি তাক গাৰ জোৰে সাৱটি ধৰিছে। অনিৰুদ্ধৰ চকুহাল উজ্বল হৈ উঠিল। সি নিতিশাৰ কানে কানে কিবা এটা ক’ব খুজিছিল, হঠাৎ কোনােবাই তাক মূৰত প্রচণ্ড জোৰে আঘাত কৰিলে। তাৰ পিছত আৰু তাৰ একো মনত নাই।

 অনিৰুদ্ধক নামচিৰ পৰা টেক্সী ড্রাইভাৰজনেই হেনাে লৈ আহিছিল। টেক্সী ড্রাইভাৰজনে টেক্সী ঘুৰাই যাবলৈ লওঁতে হেনাে অনিৰুদ্ধক কেইবাজনাে মানুহে আক্রমণ কৰা দেখি ৰৈ গৈছিল। তাৰ পিছত সি অজ্ঞান হৈ পৰাৰ পিছত কোনােবাই তাক সেইখন টেক্সীতে উঠাই গেংটকলৈ ঘূৰাই পঠাইছিল। নামচিৰ সৰু হাস্পতালখনত অনিৰুদ্ধক ৰাখিব নােখােজাত উপায়বিহীন হৈ ড্রাইভাৰজনে তাক গেংটকলৈ আনি সেই ৰাতিয়ে চিভিল হাস্পতালৰ ইমাৰজেন্সি ৱাৰ্ডত ভৰ্ত্তি কৰিছিল।

 এই কথাবােৰ অনিৰুদ্ধক মাক-দেউতাকহে বহলাই কৈছিল। গেংটক চিভিল হাস্পতালৰ আই চি ইউত জ্ঞান ঘুৰাই পােৱাৰ পিছত মাক-দেউতাক গৈ পাইছিলগৈ। অফিচৰ পৰা চার্গেইয়ে অনিৰুদ্ধৰ ঘৰলৈ খবৰ পঠাইছিল। এম্বুলেন্সেৰে তাক বাগড্রোগা এয়াৰপৰ্টলৈ লৈ যােৱা হৈছিল আৰু তাক অন্য এখন এম্বুলেন্সেৰে গুৱাহাটী এয়াৰপৰ্টৰ পৰা গুৱাহাটী বি এন আৰ চিলৈ যােৱা হৈছিল। তাতেই সি প্রায় পােন্ধৰ দিনৰ পিছত লাহে লাহে সুস্থ হৈ উঠিছিল। হাস্পতালত থকা সেই পােন্ধৰটা দিনেই যেন অনিৰুদ্ধৰ জীৱনৰ পৰা সকলাে ৰং কাঢ়ি লৈ গৈছিল। ডাক্তৰ আৰু তাৰ মাক-দেউতাকৰ চোকা নজৰৰ বাবে হাস্পতালত থকা সেই পােন্ধৰটা দিন সি ম’বাইল ব্যৱহাৰ কৰিব পৰা নাছিল৷ মগজুত চাপ পৰিব পাৰে বুলি আনকি তাক বাতৰি কাকতাে পঢ়িবলৈ দিয়া হােৱা নাছিল। জ্ঞান ঘুৰাই অহাৰ দিন ধৰি নিতিশাৰ ফোনলৈ এটা কল কৰিবৰ বাবে সি মাকক খাটনি ধৰিছিল। তাৰ নেৰানেপেৰা অনুৰােধত উপায়হীন হৈ মাকে নিতিশাক ফোন কৰিছিল। কিন্তু তাইৰ নম্বৰটো বাৰে বাৰে চুইছ অফ দেখাইছিল। অনিৰুদ্ধই মাকক আকৌ কৈছিল আৰু এবাৰ চেষ্টা কৰানা।

 একো বুজি পােৱা নাছিল অনিৰুদ্ধই। হাস্পতালৰ পৰা ওলােৱাৰ এসপ্তাহৰ পিছতে তাৰ ট্রেন্সফাৰ অর্ডাৰ আহিছিল। ফোন ব্যৱহাৰ কৰিবলৈ অনুমতি পােৱাৰ পিছত সি বাৰে বাৰে চার্গেইক ফোন কৰি নিতিশাৰ কথা সুধিছিল৷ চার্গেইয়ে কৈছিল সিও হেনাে নিতিশাৰ বিষয়ে একো নাজানে। সেই ঘটনাটোৰ পিছত আৰু তাই অফিচলৈ এবাৰাে অহা নাই।

 ট্রেন্সফাৰ অৰ্ডাৰ অহাৰ দুসপ্তাহৰ পিছত সি কোম্পানীৰ গুৱাহাটীৰ অফিচত যােগদান কৰিছিল। এইবাৰ তাৰ লগত একেলগে থাকিবলৈ ডিব্ৰুগড়ৰ পৰা মাক আহিল। তাৰ মাকে তাক অফিচৰ সময়খিনিৰ বাহিৰে বাকী এটা মুহূর্তও যেন তেওঁৰ দৃষ্টিৰ পৰা দূৰত থাকিবলৈ নিদিব। অনিৰুদ্ধৰ গেংটকলৈ গৈ নিতিশাক লগ কৰিবলৈ খুউব মন গৈছিল। কিন্তু মাকে তাক তেওঁৰ মূৰত ধৰি শপত খুৱাইছিল। সি যাতে

কেতিয়াও মাকক নজনােৱাকৈ কলৈকো নাযায়। সি জানিছিল, গেংটক নাযাবৰ বাবেই মাকে তাক তেনেকৈ

বিচ্ছুৰিত বর্ণালী » ৯৫