পৃষ্ঠা:বিচ্ছুৰিত বৰ্ণালী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 : নামাতিবা! কিন্তু কিয়? মইনাে তােমাৰ ক’ৰ পানী খােৱা পুখুৰীত বিহ দিলোঁ অ’? —সি ধেমালি কৰি কৈছিল আৰু বিহ দিলোঁৱেই যেনিবা তুমিতাে পুখুৰীৰ পানী নােখােৱা, ছাপ্লাইৰ পানীহে খােৱা, এতেকে...

 : বন্ধ কৰা। চবতে তােমাৰ ধেমালি। সিদিনা মই তােমাক পাহাৰ বগাৱাৰ বিষয়ে মানা কৰোঁতে ধেমালি কৰিতাে উৰাই দিলাই, দেউতাৰ আগতাে কৈ মােৰ ’মজাক’ উৰাইছা তুমি।— খং আৰু অভিমানত এৰিষাৰ অন্তৰৰ আচল কথাখিনি ওলাই আহিল।

 :অ,সেইটো কথা।—ঋষিতে এইবাৰ গম্ভীৰ হ’বলৈ চেষ্টা কৰিলে।মাতটো পাৰ্যমানে কোমল কৰি সি ক’লে— মইতাে জনা নাছিলোঁ এৰিষা, সেই কথাটো তুমি ইমান ছিৰিয়াছলি কৈছা বুলি। জানাই দেখােন, মই খুউব এটা ছিৰিয়াছ নহওঁ।

 এৰিষাই একো নামাতিলে। অন্য ফালে চাই থাকিল মাত্র।

 : চোৱা এৰিষা- তাইৰ মুখখন তাৰ ফালে ঘূৰাই দি ঋষিতে ক’লে— মই তােমাৰ অন্তৰত দুখ দিওঁ বুলি ভাবি দিয়া নাছিলোঁ। আই এম ছৰী।

 এৰিষাৰ ওঁঠত অকণমান হাঁহিৰ ৰেঙণি ফুটি উঠিল। মুখ ফুটাই ক’লে— তাকে ইমানদিনে কোৱা নাছিলা কিয়?

 এৰিষাৰ কথাত ঋষিতে শব্দ কৰি হাঁহিলে। কাম কৰা মানুহজনী আহি ক’লে— তুমি কিন্তু বেয়া নাপাবা দেই ঋষিত। এৰিষাৰ কথা মতেহে মই তাই শুই থকা বুলি কৈছিলোঁ! মানুহজনী হাঁহি হাঁহি ওলাই গ'ল। এৰিষাই ঋষিতে এন, ডি .এ.ত পঢ়িবলৈ যােৱা কাৰ্য্যটোও ভাল পােৱা নাছিল। তাই বুজাইছিল তাক। সি চোকা ল’ৰা। অন্য বহুতো লাইনেই সি পাই যাব। আজিকালিনাে কেইটা ল’ৰাই আৰ্মিৰ চাকৰি কৰি বিপদৰ সৈতে খেলা কৰিব যাব। দেশত ইনফৰমেশ্যন টেকনলজিৰ কদৰ দিনে দিনে বাঢ়িছে। এনে চাকৰি নিৰাপদো আৰু দৰমহা, সা-সুবিধাৰ ফালৰ পৰাও অতি আকর্ষণীয়।

 : বাহ! ঋষিত আচৰিত হৈ গৈছিল— টেনত পঢ়ি থাকোঁতেই তুমি দেখােন একদম কেৰিয়াৰ ইনফৰমেশ্যনৰ এখন বুকলেট হৈ আছাহে।

 : যাঃ আকৌ ধেমালি।

 : নহয় অ’। বিদ্যা শপত। ঋষিতে কৈছিল— অন্ততঃ এতিয়া মই ধেমালি কৰা নাই। তুমি সঁচাই বহু ইনফৰমেশ্যন কালেক্ট কৰি ৰাখিছা। আমাৰ লগৰ বহুতেই কিজানি তােমাৰ সমান খবৰ ৰখা নাই।

 : ৰাখিনাে কি লাভ হ’ল! এৰিষাই অভিমানেৰে কৈছিল— যাৰ কাৰণে ৰাখিছিলোঁ সিয়েই নুশুনিলে।

 : নহয় অ’ ৰিচা! এৰিষাক সি ৰিচা বুলি মাতিবলৈ লৈছিল। চবৰেতাে আশা-আকাংক্ষা, ৰাপ, লক্ষ্য আদিবােৰ একে নহয়। জানাই তুমি, সৰুৰে পৰা মই এডভেন্সাৰ প্রিয়, যত বিপদ থাকে তাতেই মই ভাল পাওঁ। এনেকুৱা এটা মন লৈ মই কম্পিউটাৰ ইঞ্জিনিয়াৰ হৈ কিবা লাভ হ’ব জানাে। মই সুখী হ’ব পাৰিমনে ? মােৰ মনটোৱে, মােৰ ইচ্ছাই য’ত বাঢ়িবলৈ সুবিধা পায়, তাতেইতাে থাকিব লাগিব আৰু তুমি কোৱাৰ দৰে আৰামদায়ক, লােভনীয় চাকৰিবােৰত চবেই সােমাবলৈ গ’লে দেশখনক কোনে বচাব? কষ্টকৰ কামবােৰ কৰিব কোনে?

 : উস্! এনে দেশ ৰক্ষকটো ওলাইছে। এৰিষাই কৈছিল।

বিচ্ছুৰিত বৰ্ণালী » ২৯