কাব্য-কলি
কাব্য-কলি।
শ্ৰীতুলসীচন্দ্ৰ হাতী বৰুৱা ভণিত।
নদুৱাৰ—তেজপুৰ।
প্ৰথম তাঙ্গৰণ।
কলিকাতা,
৬নং কলেজ-স্কোৱাৰ, সাম্য-প্ৰেচত,
শ্ৰীদেবেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ দ্বাৰা
ছপা হ’ল।
⸻
১৮৩৮ শক৷
মুল্য এক অনা৷
উছৰ্গা |
পৰম পূজনীয়, শ্ৰীচৰণকমলেষু। |
দেব, সেৱক। |
বাণী বন্দনা।
প্ৰণামো জ্ঞানাধিষ্ঠাত্ৰী দেবী বীণাপাণি!
বুলোৱাঁ আঙ্গুলি আই! লৰোৱাঁ এবাৰ,
প্ৰতিভা বীণৰ তাঁৰ, উঠক কঁপনি,
ব্যোম ভেদি, হোক তযু মহিমা প্ৰচাৰ।
*
বজোৱাঁ বীণত আই। জ্ঞান-কৰ্ম্ম-প্ৰেম,
মানুহৰ হিয়া-তন্ত্ৰী কঁপি সপ্তসুৰে
বই গই নবৰস ব্ৰহ্মাণ্ডক ভেদি
হিয়ায় হিয়ায় যেন একোকণি জৰে।
*
জগোৱাঁ জগোৱাঁ আই! জগোৱাঁ বীণেৰে,
দীপ্ত হোক নৰ-হিয়া জ্ঞান-আলোকত,
জীৱন প্ৰভাত বুলি উঠক মানৱ;
স্বৰগৰ শান্তিধাৰা বওক মৰ্ত্ত্যত।
⸻
বিষয়। | পৃষ্ঠা৷ | |||||||
১—স্তোত্ৰ থুপি | … | … | … | ১ | ||||
২—বুৰঞ্জী গীতি থুপি | ||||||||
(১) চৰাইদেও | … | … | … | ১৯ | ||||
(২) চৰগুৱা | … | … | … | ২৩ | ||||
(৩) বকতা | … | … | … | ২৬ | ||||
(৪) গড়গাও | … | … | … | ২৯ | ||||
(৫) ৰংপুৰ | … | … | … | ৪০ | ||||
৩—কুঞ্জথুপি | ||||||||
(১) ভক্তি আৰু মুক্তি | … | … | … | ৫২ | ||||
(২) তৃষ্ণা | … | … | … | ঐ | ||||
(৩) সাধনা | … | … | … | ঐ | ||||
(৪) উপেক্ষা | … | … | … | ৫৩ | ||||
(৫) কালৰ প্ৰভাৱ | … | … | … | ঐ | ||||
(৬) উন্নতিৰ চানেকী | … | … | … | ঐ | ||||
(৭) গালি | … | … | … | ৫৪ | ||||
(৮) পৰীক্ষা | … | … | … | ঐ | ||||
(৯) আকাশী বাণী | … | … | … | ঐ | ||||
(১০) সহনি | … | … | … | ঐ |
বিষয়। | পৃষ্ঠা৷ | |||||||
(১১) সগুণ আৰু নিৰ্গুণ | … | … | … | ৫৫ | ||||
(১২) ভিখাৰী | … | … | … | ঐ | ||||
(১৩) অবিচাৰ | … | … | … | ঐ | ||||
(১৪) সাধুৰ চিন | … | … | … | ঐ | ||||
(১৫) চন্দ্ৰৰ কলঙ্ক | … | … | … | ৫৬ | ||||
(১৬) স্পৃহা | … | … | … | ঐ | ||||
(১৭) ঘৰ জেউতি | … | … | … | ঐ | ||||
(১৮) সাহিত্য | … | … | … | ৫৭ | ||||
(১৯) শিক্ষা | … | … | … | ঐ | ||||
(২০) সুখ আৰু দুখ | … | … | … | ৫৮ | ||||
(২১) তপস্যাৰ ফল | … | … | … | ঐ | ||||
(২২) সহানুভূতি | … | … | … | ৫৯ | ||||
(২৩) কৰম কপাল | … | … | … | ঐ | ||||
(২৪) অহঙ্কাৰ | … | … | … | ৬০ | ||||
(২৫) ৰূপৰ বেহা | … | … | … | ৬১ | ||||
৪—বিবিধ থুপি | ||||||||
(১) কবিতা | … | … | … | ৬২ | ||||
(২) বাল্মীকি প্ৰতিভা | … | … | … | ঐ | ||||
(৩) কবিতা আবাহন | … | … | … | ৬৪ | ||||
(৪) আকাশ | … | … | … | ৬৬ | ||||
(৫) ভীষ্ম | … | … | … | ঐ | ||||
(৬) থুপিতৰা | … | … | … | ৬৭ | ||||
(৭) নহওঁ নিৰাশ | … | … | … | ৬৮ |
বিষয়। | পৃষ্ঠা৷ | |||||||
(৮) পাণ্ডৱগীতি | … | … | … | ৬৯ | ||||
(৯) উষা | … | … | … | ৭০ | ||||
(১০) চিত্ৰলেখা | … | … | … | ৭১ | ||||
(১১) কৃষক | … | … | … | ৭২ | ||||
(১২) নকবা শুদাতে মিছা | … | … | … | ৭৩ | ||||
(১৩) শান্তিপথ | … | … | … | ঐ | ||||
(১৪) তুলসীদাস | … | … | … | ৭৫ | ||||
(১৫) মোহ মুদ্গৰ | … | … | … | ঐ | ||||
(১৬) ন | … | … | … | ৭৯ | ||||
(১৭) ভক্তি | … | … | … | ঐ | ||||
(১৮) সুখ ক’ত? | … | … | … | ৮০ | ||||
(১৯) পিছলনি | … | … | … | ৮১ | ||||
(২০) খঙ্গৰ ব্যৱহাৰ | … | … | … | ৮২ | ||||
(২১) প্ৰকৃতিয়ে মোক সাদৰিব | … | … | … | ৮৩ | ||||
(২২) নাক কোচখাই গল | … | … | … | ৮৪ | ||||
(২৩) ব্ৰজহিয়া | … | … | … | ৮৫ | ||||
(২৪) বসন্ত কাল | … | … | … | ৮৬ | ||||
৫—নীতিথুপি | ৯৮-৯৭ |
কাব্য-কলি।
⸺০⸺
১⸺স্তোত্ৰ থুপি
⸺০⸺
(১)
হে প্ৰভু মঙ্গলময়!
(মোৰ) শোক বেজাৰত থিত্ দিয়াঁ তুমি
শান্ত্বনা ৰূপ লই,
দুখ বিপদত ৰাখাঁহি আগচি
ধৈৰ্য্য সীমনা হই।
অমঙ্গল ছাঁয়া পৰেহি যেতিয়া
মঙ্গল কাঁচলি ৰেঙ্গোৱাঁ তেতিয়া,
তোমাৰ ৰদত তোমাৰেই ছাঁয়া
তোমাতেই পায় লয়।
হে প্ৰভু মঙ্গলময়!
পাপ যত মোৰ শাস্তিৰে খন্দোৱাঁ
হুলক কাঢ়াঁ হুলে,
অপৰাধ দোষ ধুৱাই পেলোৱাঁ
অনুতাপ চকু লোৰে৷
সুখ অভিমান কৰাঁ খান খান
দি দাৰিদ্ৰৰ চোকা অস্ত্ৰ খান
সাধনা চোঁৱৰে সংস্কাৰ ধুলা
নিলগোৱা অঁতকত।
হে প্ৰভু মঙ্গলময়!
(মোৰ) হৃদিমন্দিৰৰ স্বাৰ্থ দুৱাৰ
সোলোকাই থোৱাঁ ঠেলি,
আন্ধাৰে কো বেদিত জ্বলোৱা
জ্ঞানৰ সলিতাগছি
ভক্তিৰ চাকিত প্ৰেম ঢালি দিয়াঁ,
শ্ৰদ্ধাৰ কাঠীৰে সলিতা বুলোৱাঁ,
নিৰ্গুণ তেও গুণ-পূজা লোৱাঁ—
কৰাঁ লোৱাঁ মোৰ হই।
(১)
প্ৰভু! তুমি যি কৰা ভালল’কে বুলি
একোৱে নহয় বেয়া,
মই মাত্ৰ তাৰে বাচোঁ ভাল-বেয়া,
(মোৰ) আমিত্ব বিষয় সেয়া।
(তুমি) ঢলৰ ওপৰে ঢল বৰষোৱাঁ,
(মোক) জোলোকা-জোলোকে দুপত পেলোৱা,
(কিবা) সজ উদ্দেশ্য সিদ্ধিৰ অৰ্থেৰে
ফুটা চকুত কুটা দিয়াঁ;
তুমি যি কৰাঁ ভালল'কে বুলি
বেয়াতো নহয় সেয়া!
প্ৰভু! যত যেনেমতে যি হব লাগে।
সকলো তোমাৰে দিহা,
(মই) তাকে নকৰি তাৱোঁ আন এটা,
(মোৰ) আমিত্ব বিষয় সেয়া।
(মই) পথ এৰি ফুৰোঁ পৰ্ব্বতে পাষণ্ডে,
( তুমি) অবুজক বুজোৱাঁ বিপদ-দণ্ডে,
দুখত হে মোৰ দুৰ্গতি খণ্ডে
তেহে নিকা হয় হিয়া।
তুমি যি কৰাঁ ভালল’কে বুলি
বেয়াতো নহয় সেয়া।
(৩)
কেনে যে তোমাৰ লীলা দয়াময়।
তোমাৰ লীলা যে কেনে,
তিৰী-পুৰষৰ মিলন উদ্দেশ্য
কাম-প্ৰেম দিলাঁ এনে!
কি যে কৌশলেৰে শৰীৰ গঢ়িলাঁ
ইন্দ্ৰিয় দিলাঁ কেনে।
মানুহ স্ৰজিলাঁ এনে
* স্থুল কায়া আৰু সুক্ষ্ম প্ৰাণেৰে
কৰ্ম্ম, জ্ঞান, ভক্তি ত্ৰিবিধ জ্ঞানেৰে
জন্ম-মৃত্যু ছিল এনে!
তোমাৰ উদ্দেশ্য সিদ্ধৰ নিমিত্তে
তোমাৰ যে লীলা কেনে।
*
কেনে যে তোমাৰ লীলা দয়াময়।
কেনে যে তোমাৰ লীলা
পুৰুষত দিছাঁ চোকা অস্ত্ৰ মন,
স্ত্ৰীৰুপ দিছা শিলা;
অস্ত্ৰৰ মোল নুবুজি মানুহে
নিজে টি মৰে গলা।
ধৰাব নেজানি শিলত ঘহোঁতে
বদুৱাহে কৰে নচলে নেকাটে;
তোমাৰ সঁজুলিৰ দুৰদশা এনে
তেও সকলোতে দিলাঁ।
তোমৰৰ মহিমা কি বুজিম প্ৰভু।
কেনে যে তোমাৰ লীলা
⸻
(৪)
কোনো অচহুৱা বাটে,
কাষে পাশে পোৱা গছ বনলতা
পথ চিনা-চিনা লাগে;-
কৰবাৰ যেন কোনোবা কালৰ
খেলা ধেমালিৰ ঠাইহে নিজৰ,
প্ৰভূ! দেখা দেখা লাগে পূৰ্ব্ব স্মৃতি তব
জড়িত আছে বা তাতে!
কাহানিবা হলে গই থাকোঁতেই
নিচিনা নজনা বাটে।
*
কাহানিবা হলে জোন-জোনাকত
নীলা আকাশৰ পিনে,
চবুকা চুবুকি ডাৱৰৰ মাজে
চাওঁতে উদাস মনে;
চিন চিনা লাগে কেনেবা কেনেবি
কোনোবা কালৰ যেন চিনা ছবি
তোমাৰে বা প্ৰভূ! আপোন-আপোন
অতীতৰ স্মৃতি তেনে!
একো একো দিনা জোন জোনাকত
নীলা আকাশৰ পিনে।
*
প্ৰভূ! জীৱ জগতত সদায় ভ্ৰমিছোঁ,
সদায় দেখিছোঁ এনে,
কাহানিবা হলে চাওঁতে চাওঁতে
আচকিত হওঁ কেনে!
বিশ্ব খন যেন জীৱন সাগৰ,
যত জীৱ, আমি জীৱ জলচৰ,
উটি বুৰি তাতে আছোঁ নিৰন্তৰ
জীৱন মৰন কেনে!
প্ৰভু! বুজোঁ বুঁজো লাগে তোমাৰ যে এনে
লালা খেলা ইনো কেনে।
⸻
(৫)
প্ৰভু! জন্ম-মৃত্যুৰ মাজে সৰকাই নিঁছা
(মোক) সজাই না না না সাজে,
(এই) জন্ম-মৃত্যুৰ মাজে।
(মোৰে) তোমাৰ কাৰ্য্য সাধি অজৰাবা
জন্ম-মৃত্যুৰ বাজে।
*
(তোমাৰ) মহা উদ্দেশ্যৰ কিবা অকনি
মোৰ অস্তিত্বেৰে সাধিছা
যিমানেই ক্ষুদ্ৰ হওঁ লাগে মই
লাগিছোঁ তোমাৰ কাজে
(এই) জন্ম-মৃত্যুৰ মাজে।
*
কতদিন ভাবোঁ মিছাতেই মোৰ
আয়ুস হইছে পাৰ,
কটাইছোঁ বৃথা কাজে,
তাতো যে তোমাৰ অব্যক্ত মহিমা
নিখুঁত ৰূপেৰে বাজে
(এই) জন্ম-মৃত্যুৰ মাজে।
*
মনিছোঁ চকুৰে কত শুদা ঠাই,
তলকোঁ নিস্তব্ধ বিনা শব্দে যায়,
ৰওঁতে নিৰলে গনো কাৰ্য্য নাই,
(আছো ) তোমাৰ উদ্দেশ্যৰ বাজে,
প্ৰভু! তাতো হোৱা নাই বৃথা
তোমাৰ নিখুঁত উদ্দেশ্য বাজে
(মোৰ ) জন্ম-মৃত্যুৰ মাজে।
⸻
৬
প্ৰভু। কি যে লুকালুকি খেলা তোমাৰ
কি যে লুকালুকি খেলা,
চেগা চোৰো কাকৈ দেখাদি দেখাদি
আকৌ কিয় লুকালাঁ
{ তোমাৰ ) কি যে লুকালুকি খেলা!
তুমি বিশ্ব যোৰা, বিশ্বৰ আঁৰত
লুকুৱা কিৰূপে নিজ-বিকাৰত?
ৰবা পৰিবা যে লুকাবা হিত
( তেও ) বিশ্বৰ হে আঁৰ ললা
( এই ) অপূৰ্ণ ভাবৰ অপূৰ্ণ আকাঙ্ক্ষা
অপূৰ্ণ ৰূপে যে থলা!
{ তোমাৰ ) কি যে লুকালুকি খেলা!
(৭)
কিনো দুখ দিয়াঁ দয়াময়!
দুখ কিয়নো দিয়াঁ?
শৰীৰেৰে পীড়া বেমাৰে আজাৰে
মনেৰে সন্তাপ দিয়াঁ;
জীৱন সজাত আতমা পখিটি
বন্দী কৰি কৰাঁ কেনে যে দুৰ্গতি!
ত্ৰিতাপেৰে তাপাঁ হিয়া আশকতি,
তাপ কিয়নো দিয়াঁ?
তাপ নহলে যে নগলে পৰাণ
(তোমাৰ) সাঁচত নুঠে যে হিয়া
ঠিক এইবাৰ বুজিলোঁ বুজিলোঁ
দুখ সেইহে দিয়াঁ।
⸻
(৮)
প্ৰভু! পোন যৌবনৰ ঢলনি যেতিয়া
(মোৰ) হিয়া উটি বুৰি পৰিলে,
কামনা-উদ্বেগ-হেন্দোলনি ঢৌৱে
ঠৌকি-বাঠৌ কৰিলে;
তেতিয়া তোমাৰ পহৰি ৰাখিলাঁ
(মই) হিয়া হেৰুৱাওঁ বুলি,
প্ৰকৃতিৰ-ৰূপৰ সমষ্টি কাম্যৰ
তত্ব-থাকিলোঁ ভুলি!
প্ৰভূ! নেজানো তেতিয়া সি যে মঠাউৰি
সৌন্দৰ্যাৰ আঁটী বন্ধা;
তোমাৰ কৰুণা সৌন্দৰ্য্যৰ আঁহ
(মোৰ) হিয়া-আঁহেআঁহে ছকা
শত জ্ঞান-জুৰি শত বেমেজালি
একতে মিলালোঁ আন
মোৰ!মৰু-মৰীচিকা-মোহ আঁতৰিল
প্ৰভূ! তোমাৰ মাহাত্ম্য মানি।
⸻
৯
প্ৰভূ! তোমাৰ ঐশ্বৰ্য্য আশ্চৰ্য্য ধৰাত!
আশ্চৰ্যা দেহা যেই!
দেহাৰ ভিতৰি ইন্দ্ৰিয়ৰে স'তে
প্ৰাণ সংযোগ যে কি।
খণ্ড আকৃতিৰ পূৰ্ণ জীৱটিৰ
তোমাৰেই ক্ষুদ্ৰ কণিকা এটিৰ
স্বতন্ত্ৰতা দি নিজৰ সিটিৰ
কৰাইছাঁ কি যে কি!
তোমাৰ ঐশ্বৰ্য্য আশ্চৰ্য্য ধৰাত
ইয়েই আশ্চৰ্য্য ই।
*
প্ৰভূ! জন্ম ধৰোঁতে নোহোৱাটো হলোঁ-
কৰপৰা হলোঁ কি
মৃত্যু পৰিলে নোহোৱা হম যে
আচৰিত ই-কি ই!
আৰু আচৰিত মাজৰচোৱা
নিৰনুভৱত অনুভৱ পোৱা
জীৱন কেঁচুৱা ডেকা বুঢ়া হোৱা
(আৰু) সংসাৰ আসক্তি
আশ্চৰ্য্য বোলোঁ যে "নোহাৱা নোপোজা"
(নিজে) আশ্চৰ্য্য উপজি।
প্ৰভু। হয়েই আশ্চৰ্য ই।
⸻
(১০)
ধন্য কৰিলাঁ হিয়া প্ৰভু। মোৰ
ধন্য কৰিলাঁ হাত,
মোৰ হিয়া জুৰি পেলালাঁ তোমাৰ
হিয়াৰ কৰুণা-ছাট্;
মোৰ হাতে দি নি উদ্দেশ্য সাধিলাঁ
সঞ্চাৰি তোমাৰ হাত;
(মোৰ) ধন্য কৰিলোঁ হাত।
*
যিটিৰ ভোকত প্ৰাণ যায়-যায়
তাৰনো সৌভাগ্য কি!
কৰুণাময়ৰ কৰুণ্য হাতৰ
প্ৰসাদ পালে যে সি!
প্ৰভু! মোৰ বস্ত্ৰেৰে যে কাৰ্য্য সাধিলাঁ,
সাৰ্থক বস্ত্ৰ তাত;
ধন্য কৰিলা হিয়া প্ৰভূ মোৰ
ধন্য কৰিলা হাত।
*
সিদিন এদিন মোৰ কি যে দিন—
মুৰ্হুত্ত শুভ যেন,
ততাতৈয়াকৈ থিত্ দিলাঁ, গলাঁ
বিজুলী চমক যেন,
মলিন একাঠু হিয়াৰ থাপনা
থিতাপি নহলাঁ তাত,
ধন্য কৰিলাঁ হিয়া প্ৰভু মোৰ
ধন্য কৰিলাঁ হাত ।
⸻
১১
প্রভু! সৃষ্টি তোমাৰ উলটিব !
যুগল মূৰ্ত্তিৰ পূৰ্ণ বিকাশ-
পূর্ণ সৃষ্টি-লীলা তত্ত্ব,
এদিনা অন্ত হব, তোমাৰ
ইচ্ছা যি দিনা পূৰ্ণ হব ।
(এই ) সৃষ্টি তোমাৰ উলটিব !
*
এক ফাটি হলাঁ দুই ইচ্ছাময় ।
ইচ্ছা তোমাৰ এই যে সৃষ্টি,
ৰাখিলাঁ মাজত প্ৰেম-ব্যৱধান
সূক্ষ্ম উদ্দেশ্য সূক্ষ্ম দৃষ্টি।
ব্যৱধান গুচি যিদিনা তোমাৰ
দ্বৈতবাদৰ মীমাংসা হব.
সিদিনা মিলিব মহান ঐক্য
(এই) সৃষ্টি তোমাৰ উলটিব ।
*
সৃষ্টি তোমাৰ উলটিব প্ৰভু !
তোমাৰ সৃষ্টি উলটিব
পুৰুষ হব স্ত্ৰী-ভাবাপন্ন
পুৰুষৰ ভাব স্ত্ৰীৰ হব ।
প্রভু! সৃষ্টি তোমাৰ উলটিব।
*
পুৰুষে সাধিছে স্ত্ৰী ৰূপগুণ
আৱ-ভাৱ আদি পৰকিতি ;
স্ত্ৰীয়ে উলটি সাধিছে সিদৰে
পুৰুষ-স্বভাৱ গঢ়-গতি।
এই সাধনাৰ উদ্দেশ্য যি দিনা
স্ত্ৰী-পুৰুষৰ সিদ্ধি হব,
প্রকৃতি-পুৰুষ ভেদাভেৱ ভাব
প্ৰভূ! সৃষ্টি তোমাৰ উলটিব।
*
প্ৰভূ! তোমাৰ সৃষ্টি উলটি।
জ্ঞান বিজ্ঞানৰ চৰ্চ্চা নশ্বৰ
এদিন নিশ্বয় অন্ত হব,
উন্নতিয়েই যে অধোগতি-পথ
মানুহে তেতিয়া বুজি লব;
(এই ) সৃষ্টি তোমাৰ উলটিব।
*
।মানুহে) এৰিব তেতিয়া হিংসা খিয়াল
দম্ভ অভিমান ,
অসৎ কামনা উচ্চ আকাঙ্খা
জটীল চিন্তা আন।
সৰল পবিত্ৰ সুবিমল হিয়া
মানুহে তেতিয়া বাঞ্ছিব,
সত্য যুগৰ জেউতি ছটাই
ধৰাক তেতিয়া পোহৰাব।
বিশ্ব প্ৰকৃতিয়ে কলপ সলাব,
সৃষ্টি তেতিয়া উলটিব,
সৃষ্টি তোমাৰ উলটিৰ প্ৰভু।
তোমাৰ সৃষ্টি উলটিব।
⸻
১২
ইচ্ছা মতে লৰোঁচৰোঁ
আকাশ শূন্য বুলি,
প্ৰভূ! তোমাৰ দয়াৰ উদাৰ আকাৰ
আকাশ দয়াৰ থলি।
*
ৰিব্ ৰিব্ ৰিব্ বলে বতাহ
প্ৰভু! বতাহ তোমাৰ দয়া,
ৰদৰ তাপত ঢাকে সিযে
(তোমাৰ) দয়া শীতল ছাঁয়া।
*
সিম্ সিম্ সিম্ বৃষ্টি পৰে
বিন্দু বিন্দু টোপ,
প্ৰভু'বৃষ্টি সি যে তোমাৰ দয়া,
ৰস দয়াৰ ৰূপ।
সেউজীয়া ধানৰ পথাৰ
খাদ্য জগত জোৰা,
প্ৰভু! গৰ্ভৱতী শস্য তোমাৰ
দয়া গৰ্ভ ভৰা।
*
(তোমাৰ, দুটি সম্পদ বিশ্ব জোৰা
কি যে তোমাৰ মায়া,
তাকে যে লই পাতোঁ বেহা
প্ৰভু! সি যে তোমাৰ দয়া!
⸻
১৩
শূন্যত অঁকা আছে তোমাৰ ছবিটি প্ৰভু!
অন্ত হীন শূন্য আকাশেৰে,
জ্যোতিষ্কত অকাঁ আছে চন্দ্ৰ সূৰ্য্য গ্ৰহ আৰু
নক্ষত্ৰাদি উজ্জল জ্যোতিৰে।
মৰতত অঁকা আছে বিভূতি ধৰম কৰ্ম্ম
জ্যোতিশ্ময় জ্ঞান আলোকেৰে .
পশুত্বত অঁকা আছে হিংসা দ্বেষ তাপ যত
অজ্ঞান পাপ আন্ধাৰেৰে।
তৃণ তৰু লতা পাত হৰিং ৰঙ্গেৰে অঁক।,
ফুল অঁকা সুমিষ্ট ঘ্নাণেৰে,
পৰ্বত ভৈয়াম আৰু সৰিৎ সাগৰ অঁকা
গছ বন পথাৰ জলেৰে।
গ্ৰীষ্মত অঁকা তাপে, বৰ্ষাত বৃষ্টিৰে সতে.
শৰতত গৰ্ভিণী শষ্যৰে ,
হেমন্তত নীয়ৰেৰে, শীতত জাৰেৰে অঁকা,
বসন্তত মলয়া ৰাৱেৰে।
প্ৰতি ক্ষণ প্ৰতি স্থান প্ৰতি বিষয়ত প্ৰভু!
অঁকা আছে তযু মহিমাৰে;
তোমাৰ অনন্ত ছবি সৰ্ব্বত্ৰতে অঁকা আছে
ব্যাপ্য লিপি বিশ্ব প্ৰকৃতিৰে।
⸻
১৪
জোন বেলি তৰা আকাশ ডাৱৰ
গছ লতাফুল ছন্দেৰে
তোমাৰ কবিতা বিৰচিত প্ৰভু!
মনোমদ পুষ্প গোন্ধেৰে।
পশু পক্ষী কীট পতঙ্গাদি মাতে
(তোমাৰ ) ফুটিছে কবিতা সুৰ,
মুদু পৱনৰ বা-ছাটিয়েদি
জাৰিছে কবিতা জ্বৰ।
সূক্ষ্ম পটত স্থুল আখৰেৰ
ঠাকে ঠাকে সজা নিখুঁত সাঁছেৰে
বিশ্ব জোৰা এই প্ৰকৃতি প্ৰাণেৰে
জীৱন্ত কবিতা লিখা ,
প্ৰভু! অনন্ত প্ৰতিভা সৌন্দৰ্য্যে ৰঞ্জিত
তোমাৰ কবিতা ৰেখা।
⸻
১৫
(তোমাৰ) শঙ্খ এহাতে ( লয়ে ) আকাশ সৃষ্টি
বিশ্ব ব্ৰহ্মাণ্ডৰ থলি,
চক্ৰ এহাতে (লয়ে) কালৰ গতি
ক্ষণে গইছে চলি।
গঙ্গা এহাতে { লয়ে ) নিয়ম বৃত্তি
জন্ম মৃত্যু ডেকাকাল,
পদ্ম এহাতে ( লয়ে ) বিশ্ব সৃষ্টি
প্ৰভু। তোমাৰ চতুৰ্ভুজ তাল।
প্ৰভু! ৰজগুণ তোমাৰ ব্ৰহ্মা তুমি,
চৰজিছাঁ বিশ্বখন,
সত্ত্বগুণ তোমাৰ বিষ্ণু তুমি
পালি আছাঁ জীৱগণ।
তমোগুণ তোমাৰ ৰুদ্ৰ তুমি
সংহাৰিছাঁ কাল হই,
(ই) তিনিৰূপ তোমাৰ বিশ্বময় তুমি,
তুমি সৃষ্টি-স্থিতি-লয়।
প্ৰভু! তুমিয়ে পুৰুষ পৰমাত্মাৰূপ
নিৰাকাৰ নিৰঞ্জন,
তুমিয়ে প্ৰকৃতি বিশ্ব-স্বৰূপ
ভবলীলা নিবন্ধন।
সৰ্বত্ৰতে তুমি নিচিনোহে আমি
সংসাৰ চাকত ঘূৰোঁ,
হিয়াতে আছাঁ মোৰ বিশ্বস্বামী।
(তোমাৰ ) বাহিৰত বিচাৰি ফুৰোঁ।
⸻
(১৬)
প্ৰভু! তোমাৰ ৰচিত সত্য জগতত
সত্য বিচাৰি ফুৰোঁ,
এফাল তাৰে বুজিব নোৱাৰি
অসত্য বুলি এৰোঁ।
এভাগক ভাবোঁ নিজৰ আপোন,
এভাগক ভাবোঁ পৰ,
এভাগক ভাবোঁ বিশাল শকতি,
এভাগক ভাবোঁ জড়।
আন্ধাৰত থাকি আলোক বিচাৰি
আলো লব খোজোঁ আন্ধাৰক এৰি
আলোক আন্ধাৰ দুয়োকে পাহৰি
পাচেতে আকাঙ্ক্ষা এৰোঁ।
তোমাৰ ৰচিত সভা জগতত
সত্য বিচাৰি ফুৰে।
⸻
২—বুৰঞ্জী গীতি থুপি
⸻
(১)চৰাই দেও।
নমস্কাৰ কৰোঁ, হে চৰাই দেও!
আহোম ৰাজ্যৰ ভেঁটি,
পাঁচ শ বছৰ আগে গিৰিবৰ!
দেখালাঁ বিক্ৰম অতি।
স্বৰগৰ দেৱ আহোম সুৰ্য্যৰ
তুমিয়ে উদয়গিৰি,
তোমাৰ উজ্জ্বল শৃঙ্গম্লান আজি
কালৰ ছাঁয়াত পৰি।
ৰাজপুৰি গুচি হলা আজি তুমি
চাহ বাগিছাৰে পুৰ,
তোমাৰ বুকুত ঘাইছে সখনে
টেঙ্গৰ কুলীয়ে কোব।
আহোম ৰাজ্যৰ পুৱাত (তেতিয়া
বাৰশ উন্ত্ৰিশ চন ),
বুৰঞ্জীত অঁকা তোমাৰ মুৰতি
সমুজ্জল বিতোপন।
উদিল পোনতে চুকাফা কাঁচলি
উজ্জ্বল পতাকা লই,
চুতেউফা, চুবিন্ফা, চুখাংফা, চুখ্ৰামফা
এজন এজন কই,
চতুফা আৰু ত্যাও খাম্থিলৈ
সাতজনা স্বৰ্গদেৱে
এশ-তিনি-কুৰি বছৰ ইয়াতে
ৰাজ্য শাসিছিলে তেবে।
হৰি। তেতিয়া তোমাৰ মহত্ত্ব অসীম
তোমাৰ গৌৰৱ গান,
বুৰঞ্জীয়ে আজি প্ৰতিধ্বনি কৰে
শুনিলে জুৰায় প্ৰাণ।
(আজি) তোমাৰ বুকুৰ পখীয়েও গাইছে,
আহোমৰ ধ্বংস গাঁথা
(আজি) তোমাৰ বুকুৰ তৃণে পাতে অঁকা
আহোমৰ স্মৃতি কথা।
মৰান, বৰাহী আদিৰাজ্য যত
তুমিয়ে পেলালাঁ ওৰ,
সৌমাৰ ভৈৱামে তোমাৰ কাষত
সম্ভমে দোঁৱালে মূৰ।
পুৰণি কলীয়া চুটীয়া ৰাজ্যও
তোমাতে মানিলে ঘাটি,
মহা পৰাক্ৰমী কমতাপুৰেও
বৰিলে মিতিৰ পাতি।
তোমাৰ সমান নাছিলে তেতিয়া
বলবীৰ্য্য পৰাক্ৰম
প্ৰমাণ তোমাৰ অসম-গৌৰৱ
আজিৰ “আহোম” নাম।
তথাপি অচল! একে ভাৱে তুমি
পূৰ্ব্বাপৰ আছোঁ চাই,
তোমাৰ বিহনে শোকগীতি মোৰ
শুনোতা কেওঁ যে নাই।
গোচৰ কৰিছোঁ শুনা গিৰিবৰ।
মোৰ এটি নিবেদন,
আছিলে তোমাৰ গৌৰৱ বিভৱ
অসম আহোমগন।
সেই সকলৰ নাতি-পুতি তুমি
চিনিয়ে নাপাবা আজি,
ভোদা কেলেহুৱা নিঃকিন হই
ফুৰিছে ভিকহু সাজি।
যাৰে তাৰে পায় নেওচা-কেওচা
সমাজত নাই ঠাই,
বিজিত জাতিয়ে পূৰ্ব্ব প্ৰতিশোধ—
ঘিণৰ চকুৰে চায়।
কব পাৰিবানে দূৰদৰ্শী গিৰি।
তুমিতো অন্তৰযামী?
আৰু কাহানিবা মানুহ হমনে
হোজা অসমীয়া আমি?
হৈছোঁ যদিবা দুখীয়া নিছলা
নাই বিদ্যা বুদ্ধি বল,
পাৰিছো যদিবা কালৰ পাকত
সকলো জাতিৰে তল।
এতিয়াও তেও আমাৰ শিৰত
অসমীয়া তেজ বয়,
ভাই সকলৰ দুৰদশা দেখি
হিয়া ফাটোঁ ফাটোঁ হয়।
হৈছোঁ যদিও আপোন পেটীয়া
স্বাৰ্থ হিংসাৰ দাস,
তথাপিও আছে— দেৱৰ বীৰ্য্য—
হিয়াত অমৰ আশ।
আজিও হে দেৱ! অসমীয়া নামে
সহোদৰ হেন বুজোঁ,
তেজৰ সলনি জ্ঞাতিৰ মঙ্গলে
চকুৰ লোৰে পূজোঁ
কোৱাঁ গিৰি! কোৱাঁ, পৰিবনে হেৰা
আমাৰ দুৰ্গতি ওৰ?
পাৰিবনে বাৰু মানুহ বোলাব
জাতি ভাইহঁতে মোৰ?
⸻
(২) চৰগুৱা।
স্বৰ্গৰ স্বৰূপ তুমি চৰগুৱা হৰি!
আছিলাঁ এদিন যেবে,
অসম আহোম সৱে
দেখালে মহত্ব নিজ সামৰাজ্য জুৰি।
( মৰ্ত্ত্যত নিৰ্ম্মিলে এই স্বৰগীয় পুৰি। )
পৰেহি মনত সেই চৈধ্য-শ চন;
বামুনৰ প্ৰতিপত্তি
তেতিয়াৰে উৎপত্তি
“বামুনি কোঁৱৰ” বোৰে উঠে সিংহাসন
চৰগুৱা ৰাজধানী পাতি বিতোপন।[১]
আহোমৰ সেই এক কি যে কালক্ষণ,
গৰ্ভৱতী কুঁৱৰীক
দেৱগৰ্ভা লখিমীক
খিয়ালত সতিনীয়ে দিলে বিসৰ্জ্জন।
হবুঙ্গীয়া বামুনৰ বিধি সুপ্ৰসন।
ৰাজবধু কুৱঁৰীৰ আশ্ৰয় বামুনে
ৰাজপুত্ৰ তুলি ললে,
পালে তাৰ লগে লগে
ৰাজ ক্ষমতাৰ ভাগ আহোম শাসনে
লক্ষ্মী অভিশাপ পালে ৰাজবংশীগণে।
তেতিয়াৰ এই চৰণ্ডৱা নগৰতে-
চুডাংফা, চুজাঙ্গফা,
চুফাক্ফা, চুচেন্ফা,
চুহান্ফা, চুপিমফা, ৰজাগণে ক্ৰমাগতে
এটি শতাব্দী ব্যাপি ৰাজধানী পাতে।
কোচৰজা বিশ্বসিংহে চুহান্ফাৰ কালে,
আহোমক আক্ৰমিলে,
হাৰমানি উভটিলে,
টঙ্গক নগাই আহি দুবাৰ যুঁজিলে,
শেহত সম্পুৰ্ণ হাৰি শৰণে পশিলে।
হেৰা চৰগুৱা! তুমি অতীতৰ স্মৃতি,
কালৰ কুটীলা গতি
(আজি) তোমাৰ কি দুৰগতি
ৰাজস্থান হ'লা আজি কিহৰ বসতি।
তোমাৰ বিলই দেখি যায় হিয়া ফাটি।
কোনেনো বুলিব হাঁয়!তোমাক নগৰ,
নিৰপেক্ষ বুৰঞ্জীয়ে
মাথোঁ আজি সাক্ষী দিয়ে,
সাক্ষী আৰু নাতি-পুতি আহোম বংশৰ,
আৰু ভগ্ন অংশেৰ তোমাৰ বুকৰ।
তোমাৰ ভাগ্যৰ দৰে ভাগ্য আহোমৰ,—
আহোম নগণ্য আজি,
পৰাক্ৰম, ৰত্ন ৰাজি,
ৰজা, ৰাজশক্তি, ধৰ্ম, প্ৰেমে স্বদেশৰ,
পূৰ্ব্বৰ গৰিমা একো নাই সিসৱৰ।
পাৰানেকি কৰ পুৰি!কাৰ অভিশাপে
অধোগতি আহোমৰ -
গৰ্ব্বী ইন্দ্ৰ বঙহৰ;
নিজকে নেজানে নিজে কোন্ ঘোৰ পাপে,
কাহানি দহিব এই পাপ অনুতাপে?
⸻
(৩) বকতা।
এয়ে নেকি সেই বকতা নগৰ
স্বৰ্গ নাৰায়ণ স্বৰ্গদেৱে
দুকুৰি বছৰ ৰাজ্য শাসনৰ
কেন্দ্ৰ ৰাজধানী কৰিলে তেবে।
পোন্ধৰ শতিকা আহোমৰ দিন,
আহোম তেতিয়া দিগ্বজয়ী;
কুৰি শতিকাৰ আহোম আজি যে
নহয় হিংসা খিয়ালো জয়ী!
আশ্চৰ্যাৰ কথা, এই আহোমেই
সেই আহোমৰ সন্ততি হেনো!
এওঁলোক হেনে চীন্ চান্ আদি
মঙ্গোলীয়া জাতি অঙ্গহী;- জানো!
বকতা নগৰ তুমিয়ে কোৱাচোঁ
তুমিতো জানিছাঁ সকলো কথা,
হয়নে অহম সেই ইন্দ্ৰবংশী
ৰাজবংশী জাতি সচাঁনে মিছা?
তোমাৰে বুকুতে স্বৰ্গ নাৰায়ণে
কেনে পৰাক্ৰমে শাসিলে দেশ,
তেওঁৰ দিনৰ অসম ৰাজ্যৰ
উন্নত মুৱা উজ্জল বেশ।
সেই স্বৰ্গদেৱে চুটীয়াৰ ৰাজা
নিজ শাসনৰ কৰিলে তল,[২]
"কুবেৰ দত্ত সম্পত্তি" সমে
সাধনী ৰাণীও অধীনী হল।
কছাৰী ৰজাৰ সেনাপতি ডেচ্ছে
মৰঙ্গি কোঁঠত দিছিলে ৰণ ,
অসম সেনাৰ প্ৰতাপত হাৰি
ৰজাত জনালে সৰ্ব্ব বিবৰণ।
ৰজা খুন্ তৰায়ো যুদ্ধত হাৰি
ডিমাপুৰ এৰি পলাই গল,
ডেইচুং নামে আন ৰজা এক
আহোম যাৰ তলত হল।
পোন্ধৰ শতিকা সাতাইশ চনত
কলিয়াবৰৰ প্ৰথম ৰণ
দিগ্বিজয়ী সেই তুৰ্বক আহি
সেনাপতি কাটি জিনিলে ৰণ।
পাচ বছৰত তুৰবক আহি
ডিকৰাই মুখ পালেহি যেই,
আহোম সেনাৰে পাঠান সেনাৰে
সমুখা সমুখি লাগিল সেই।
কনচেঙ্গ বৰপাত্ৰ সেনাপতি
লগত বাহিণী অসম বীৰ,
সমুখ ৰণত তৰোৱাল ধৰি-
ছেই দিলে তুৰবকৰ শৰ।
বাকী পাঠানক পালখেদা দিলি
কৰতোৱা নৈ কৰিলে পাৰ,
কত হাতী ঘোঁড়া ন-শ বন্দীৰে
লভিলে বন্দুক হিল্টে-খাৰ।
এই ৰূপতেই ৰণচণ্ডী ৰূপা
বৰগোহাঁয়ণী মূলা গাভৰুৱে *[৩]
স্বামীহন্তা তুৰবক সতে যুঁজি
ৰণত জীৱন বলি দিয়ে।
যি আহোমৰ তিৰোতাৱো হাঁয়।
ৰণত এদিনা দিছিলে প্ৰাণ,
সেই অসমীয়া বীৰৰ সন্ততি
কেলেহুৱা আজি প্ৰবৰ্তা টান।
এৰাপৰলীয়া বকতা নগৰ।
তেতিয়া তোমাৰ সমৃদ্ধি অতি
কালৰ পাকত হইছেহি আজি
আহোমৰ দৰে তোমাৰো গতি।
⸻⸻
(৫ ) গড়গাওঁ।
শিলেৰে বন্ধাই বুকু বৰ আশা কই
আহিছিলো গড়গাওঁ পুৰী চাবলই।
হায়! নিদাৰুণ স্মৃতি।
অসম অসীম কীৰ্ত্তি
--যেনিয়ে ঘূৰাওঁ চকু ধৈৰ্যহীন হই, -
হৃদয়ত কি যে ভাবে হওঁ তন্ময়।
অসমৰ কীৰ্ত্তি চিন হেৰা গড়গাওঁ।
দুচকু জুৰাব বুলি ঘূৰি পাকি চাওঁ
(যেন)মৰুভূমি মাজে গই
আশা পালোঁ পানা লই!
হব কি সম্ফল আশা-দিশ হেৰুৱাওঁ,
মৰীচিকা দেখি পানী বুলি খেদি যাওঁ।
হৃদয়ৰ শোক গাঁথা সদা ফুৰে গাই,
সংসাৰ বৈৰাগ মই—শান্তি কতো নাই।
শুনোতা যে নাই কেওঁ,
গাই দু পাতলাওঁ
নগৰে প্ৰান্তৰে পখে আকাশ কঁপাই,
প্ৰতিধ্বনি নিলগত উঠে-হায়!হায়!
কিয় মোৰ এই তেশ শুনা পুৰি কওঁ,
আহোম বংশৰ মই সন্ততি হওঁ
মোৰ জ্ঞাতি জাতি গই
সকলো বচেৰা হয়।
গোখোজত পৰিলেও কলে কাওঁ-কাওঁ,
সামান্য স্বাৰ্থতে ব্যস্ত থাকে দেখা পাওঁ
কাক লই বাৰু মই পাতিম সংসাৰ?
প্ৰেম প্ৰীতি বান্ধ হীন সংসাৰ অসাৰ।
লইছোঁ বা'ৰাগী বেশ,
পৰ্য্যতি ফুৰিছোঁ দেশ,
ভ্ৰমিছোঁ পবিত্ৰ তীৰ্থ অসম ৰাজ্যৰ
পাদস্পৰ্শ ভূমি চাওঁ বীৰ আহোমৰ।
হেৰা গড়গাওঁ তীৰ্থ পবিত্ৰ নগৰ।
নিঃকিন পশিছোঁ বুলি নধৰা জগৰ।
স্বৰ্গদেৱ নাই আজি,
নাই সেনা গজ বাজি,
নাই ৰাজ্য আছে চিন অৰণ্য-নগৰ,
স্মৃতিস্তম্ভ মাত্ৰ হই সেই সকলৰ।
স্বৰ্গদেৱ চক্লেমুঙ্গে (গড়গঞ। ৰজা )
পোন্ধৰ শ চল্লিছত গড়গাওঁ পতা
কত আলি কত গড়
ৰাজবাচী কত বৰ
ৰমক্ জমক্ নাই, আছে ভগা চিন,
কৰিছে নিদ্দেশ সেই আহোমৰ দিন।
কোচ ৰজা নৰনাৰায়ণৰ আদেশ
ৰাজভাতৃ চিলাৰায়ে আহোমৰ দেশ।
সিকালতে আক্ৰমিলে
আহোমৰ হোঁহকালে,
নাৰায়ণপুৰ পাই কোঁঠ মাৰি ৰ'ল;
“গোহাঁই কমহা আলি" তেতিয়াই হল।
আহোম সেনাই পাছে পিছলা তীৰত
আগভেটি কোঁঠ পাতি ৰল সিকালত।
তাতে গৈ চিলাৰায়ে
আহোমতে ৰণ দিয়ে,
--স্বৰ্গদেৱ চুক্লেংমুং স্বয়ং ৰণত-
ভঙ্গ দিলে চিলাৰায় হই গৰ্ব্বহত।
চুখাম্ফা কোঁৱৰ উঠি পিতৃসিংহাসন
তিনি কুৰি বৰ্ষ কৰে সুদীৰ্ঘ শাসন।
সিকালতো চিলাৰায়ে
ৰণলই সৈন্য নিয়ে;
লগুণ পিন্ধাই সেনা আহোমে ৰাখিলে,
ব্ৰহ্মবধ ভয়ে চিলাৰায়ে নুবুজিলে।[৪]
ৰণত লগুণ পিন্ধা আহোমৰ সেনা
আহোম ছুটিয়া নৰা নানা জাতি সনা,
“বামুণ” হৈয়েই ৰল,
বামুণেৰে মিলি গল,
শেহত অনেকে কলে, “পছিমৰ অনা”
অসমীয়া বাপোদেউ” এনে কতো জনা।
আহোমৰ প্ৰবঞ্চনা বুজি চিলাৰায়ে
আকৌ এবাৰ আহোমৰে ৰণ দিয়ে।
এইবাৰ হৰুৱালে,
কিন্তু, মিত্ৰ পাতি থলে,
সঙ্কলা কুৱঁৰী দিলে চুখামফাৰ বিয়া,
আহোম কোচৰ ৰজা হল সম্বন্ধীয়া।
স্বৰ্গী হল স্বৰ্গদেৱ বুঢ়া বয়সত;
চুচাংফা কোৱঁৰ উঠে সিংহ আসনত।
বুদ্ধি স্বৰ্গ নাৰায়ণ।
হিন্দু নাম বিতোপন,
আঠত্ৰিছ বৰ্ষ এওঁ খায় ৰাজপাট
আলি দ’ল গড় থলে কীৰ্তি অসংখ্যাত।
আব্দাৰ চালাম নামে এক সেনাপতি
আহি কৰিছিলে যুদ্ধ আহোমৰে সতি!
আহোম ৰণুৱা গই
সৈন্য সমে বন্দী কই
সেনাপতি আব্দাৰক ধৰি আনিছিলে,
গড়গাওঁ! ইয়াতেই বান্ধি ৰাখিছিলে।
কৰতোৱালৈকে বাঢ়ে সীমা সাম্ৰাজ্যৰ
পৰিল কোচৰ ৰজা তল আহোমৰ!
যবনেৰে সন্ধি হলে
বৰফুকণক থলে
দুৱলী শাসনকৰ্ত্তা নাম অসমৰ।
গুৱাহাটী ৰাজধানী হল সিজনৰ।
কছাৰিৱে আহি কৰিছিলে উৎপাত
আহোম সেনাৰে ৰণ লাগিল ৰহাত।
কছাৰী পলাই গল,
আহোমেও খেদি গল,
পৰিল কছাৰী ৰাজ্য আহোম-হাতত;
সোন্দৰ গোহঁইক পাতি থলে সি ৰাজ্যত।
কত কম গড়গাওঁ! তেতিয়াৰ কথা,
আহোমৰ পৰাক্ৰম সিবে শোকগাঁথা।
সূৰ্য হেন আহোমৰ
জ্যোতি ভৰ দুপৰৰ
কিৰণ অসম জোৰা পৰি আছে চিন্,
“আহোমৰ দিন” সেই আহোমৰ দিন;
চুচেংফাৰ বৰপুত্ৰ চুৰমফা কোৱঁৰ।
তিনি বৰ্ষ ৰজা হয় আহোম ৰাজ্যৰ!
তিৰোতা সেৰুৱা হেতু
হল যেন ধূমকেতু,
ৰাজ্যলৈ কান মন নিদিছিলে বৰ।
তেওঁৰ পাচৰ ৰজা চুত্যিন্ফা কোৱঁৰ।
এওঁৰ দিনতে হয় ডফলাৰ ৰণ
ৰণলৈ পঠিয়ালে গোহাঁই দুজন।
উভটিলে হাৰ মানি,
দুই সেনাপতি ভাঙ্গি
আন সেনাপতি পঠিয়ালে তেতিক্ষণ,
হাৰ মানি ডফলাই পশিলে শৰণ।
লক্ষমা লগাই ৰাজ্য বিদ্ৰোহ কৰিলে,
ডফলা জিকাৰু সেনা পঠিয়াই দিলে,
নগাহঁত ঘাটি গল,
বিদ্ৰোহীৰ শাস্তি হল,
নগাৰ ৰজাই পাচে শৰণ মাগিলে,
নগাৰ শাসনো ৰল আহোমৰ তলে।
তাৰপাচে ৰজা হয় চুতামলা কোৱঁৰ।
(ষোলশা-চৌৱন্ন চন) আহোম ৰাজাৰ।
“মাছখোৱা” “কেৰি মেৰি”
দুই গড় আদি কৰি
কীৰ্ত্তি চিন আছে দেৱোত্তৰ ব্ৰক্ষোত্তৰ,
হিন্দু নাম জয়ধ্বজ সিংহ সিজনৰ।
এইজনা স্বৰ্গদেৱে হিন্দু অনুসৰি
হিন্দুধৰ্ম্ম দীক্ষা লয় বুদ্ধধৰ্ম্ম এৰি।
ৰাজগুৰু নিৰঞ্জন।
হল বাপু বিচক্ষণ
বামুণৰ প্ৰতিপত্তি এদোন চৰিল,
আহোম ৰাজ্যৰ ধ্বজা ইয়াতে লৰিল।
আহোমৰ অধঃপাত হয় তাৰ ফলে,
গীতাৰ মহতি বাক্য যাবকি বিফলে,⸺
“স্বধম্মে নিধনং শ্ৰেয়ঃ।
পৰধম্মো ভয়াবহঃ।”
এৰি নিজ বৌদ্ধধৰ্ম্ম হিন্দুধৰ্ম্ম ললে,
সেই পাপে আহোমৰ গতি ৰসাতলে।
সিকালত মিৰজুম্লাৰ আক্ৰমণ
স্বৰ্গদেৱে ততালিকে নকৰি বাৰণ
ৰজা প্ৰজা সমে দূৰ হল
শূন্য ৰাজধানী ৰল
মোগল সোমাল গৈ উদং নগৰ,
নুবুজিলে সি যে এক ব্যুহ আহোমৰ।
বাৰিষাৰ বানপানী আহি যেতিয়াই
গড়গাওঁ ঘেৰি ললে বাটপথ নাই,
খাদ্যৰ নাটনি হল,
জহনিতে কতো গল,
এই সুযোগতে আহোমৰ ৰনুৱাই
বেৰি ধৰি মোগলক দিলেহি ঘটাই।
মহাশঙ্কটত পৰি মিৰজুম্লাই
সন্ধিৰ প্ৰস্তাৱ কৰে হই নিৰুপায়।
স্বৰ্গদেৱ মান্তি হই
দিয়ে সালঙ্কৃতা কই
“ৰমণী গাভৰু” বিয়া বাদছাহ লই
বেটী বন্দী ঘোঁড়া হাতী—যৌতুক নথই।
জয়ধ্বজ সিংহ ৰজা হই অসমৰ
মহা প্ৰতাপেৰে ৰাজা পালে ন-বছৰ।
“ৰমণী গাভৰু” পালে
বাদছাহে ভাবি ললে
শৰণীয়া হল আৰু ৰজা অসমৰ
পাব পেচ্কচ চৈ প্ৰত্যেক বছৰ।
কিন্তু সি বাসনা যেবে নহল পূৰণ
আহোম নহয় তল, দিব খোজে ৰণ,
মহাক্ৰোধে দিল্লীশ্বৰে
যুঁজিবলে আহোমৰে
- [৫] চানা আৰু ফিৰোজৰ সেনাপতিত্বত
পঠিয়ালে মোগলৰ সেনা অসংখ্যাত।
হাৰিলে মোগল যেবে ভঙ্গ দিলে ৰণ
চানা ফিৰোজক বন্দী কৰি তেতিক্ষণ
গড়গাওঁ ল’কে আনে
অৱশিষ্ট সৈন্য মানে
মানাহাৰ মুখল’কে খেদি পঠিয়ালে
আহোমে বহুত অস্ত্ৰ শস্ত্ৰ কাঢ়ি ললে।
ৰণৰ বাতৰি পাই ‘জগত ঈশ্বৰ’*[৬]
চলিল আওৰেঞ্জেৰ যেন বৈশ্বানৰ।
—এইবাৰ এইবাৰ—
ৰক্ষা কৰে সাধ্য কাৰ।
নিশ্চয় অসম ৰাজ্য হব চাৰখাৰ,—
মহা আয়োজন হল মোগল ৰজাৰ।
ৰাজপুত বীৰ ৰজা ৰামসিংহ নাম,
ভাৰত বিখ্যাত যোদ্ধা, শৌৰ্য্য অনুপাম,
হৈ বৰ—সেনাপতি,
অনেক বাহিনীপতি
নচৰত্খাঁ, ৰঘুনাথ সিংহ, আদি কৰি
আহোম ধ্বংসৰ হেতু আহে দৰ্প কৰি।
কোচবিহাৰৰ সেনা লগত ইবাৰ
বিখ্যাত ৰণুৱা কাঁৰী পোন্ধৰ হাজাৰ।
ত্ৰিসহস্ৰ অশ্বাৰোহী
সুনিপুণ অস্ত্ৰধাৰী,
ওঠৰ হাজাৰ যোদ্ধা পদাতিক সেনা,
সেনাপতি ৰামসিংহ আৰু কিকেজনা।
ইফালে আহোম বীৰ লাচিত ফুকণ
খাই সেনাপতি আৰু সেনা অগণন
গুৱাহাটী ওচৰত
হই মহা উনমত্ত
মোগল বাহিনীলৈ বাট চাই ৰল,
শৰাই ঘাটত পাচে ঘোৰ যুদ্ধ হল।
সপ্তাহ মাহেক ক্ৰমে ছয় মাহ যায়।
অসম-মোগল কাৰো পৰাজয় নাই।
জল যুদ্ধ, থল যুদ্ধ,
ঘোঁড়া যুদ্ধ, কাঁৰী যুদ্ধ,
বন্দুকৰ শবদত কাণ ফাটি যায়,
মৰিল ৰণুৱা কত লেখজোখ নাই।
এজন এজন কই মছলমানৰ
সেনাপতি পৰি গল হাতে অসমৰ,
ৰামসিংহ অৱশেষ
পৰাক্ৰম নাই শেষ
শেহান্তত কি কৰিব তিস্থিব নোৱাৰি
ভঙ্গ দিলে বীৰবৰ যুদ্ধস্থল এৰি।
বৰটোপ যুদ্ধ নাও কত এৰি গল,
কতনো বাৰুদ যাৰ আহোমৰ হল!
যোলশ উনষাঠী চন,
ৰণ হল সমাপন;
ৰামসিংহে প্ৰশংসিলে শৌৰ্য্য অসমৰ,—
“এনে পরাক্ৰমী জাতি নাই ভাৰতৰ।
যি দিনা বিজয়দৰ্পে লাচিত ফুকণ
সসৈন্যে ঘূৰিল জিনি দুৰ্ঘোৰ ৰ ৰণ,
পালে পালে মোগলৰ
বন্দী সেনা নিৰন্তৰ,
ধৰি আনি পোৱালেহি এই গড়গাওঁ,
পদভৰে বসুমতী ফাটি যাওঁ যাওঁ।
ডবা ঢাক তুৰ্য্য ভেৰি—ৰণবাদ্য বোলে
আহোমৰ জয়নাদ আকাশ লঙ্ঘিলে।
হৃষ্ট পুষ্ট নৰনাৰী।
আহে যায় শাৰী শাৰী
স্বাধীন গৌৰৰ আভা উদ্ভাষিত হই
ৰণ-জিকা বন্ধু-বান্ধ দেখা পাব লই!
তোমাৰ গৌৰৱ পুৰি! সেই সময়ৰ
হিয়া নাই মোৰ অনুভৱ কৰিৱৰ!
সাহ-পিত বুদ্ধি-বল
পৰিল সকলো তল,
অসম-আহোম আজি আহাৰ কাঙ্গাল
অৱশেষ মাত্ৰ চিন্ জকা-হাৰ-ছাল।
জয়ধ্বজ সিংহ স্বৰ্গদেৱে এইদৰে
পাঁচবৰ্ষ ৰাজ্য পালে মহা প্ৰতাপেৰে।
ৰাজ্যৰ উন্নতি সাধি
হল পাছে স্বৰ্গবাসী
আহোম গৌৰৱ ৰাশি ৰাখি চিৰদিন
‘আহোমৰ দিন’ সেই ‘আহোমৰ দিন’।
চুত্যিনফা কোৱঁৰ উঠি সিংহ-আসনত
দুবছৰ ৰজা হয় অসম ৰাজ্যত।
(উদয়-আদিত্য নাম
হিন্দুনাম অনুপাম,
যোল-শ সত্তৰি চন) লই ৰাজ্য ভাৰ
সাধিছিলে নানা হিত ৰাজ্যৰ প্ৰজাৰ।
এওঁৰ দিনতে পুনু ৰামসিংহ আহি
সৈন্য সমে, আহোমক জোকাইছিলেহি।
এইবাৰো ঘাটি হল,
বৰ সেকা পাই গল,
পলাল মছলমান বঙ্গদেশ লই,
ৰজা ৰামসিংহৰ কি চাবা বিলৈ!
তাৰপাচে দুবছৰ অসমৰ ৰাজ
চুক্লামফা, হিন্দুমতে নাম ৰামধ্বজ।
ডেউৰি ছুটীয়া হঁতে
তেতিয়া বিদ্ৰোহ পাতে,
মিছিমিৰ বিদ্ৰোহৰো হয় সুত্ৰপাত,
ৰাজ-সেনা গৈ পাছে দমায় উৎপাত।
চামগুৰি ফৈদৰ চুহুং কোৱঁৰ
তেৰ মাহ ৰজা হয় অসম ৰাজ্যৰ,
দেবেৰা বৰ বৰুৱাই
বিহপান কৰোৱাই
হত্যা কৰে, হিংসা তাৰ ডফলা ৰণৰ,
হবা বুলি স্বৰ্গদেৱে বিকুথিলে বৰ।
কুৰি দিন ৰজা হল গোবৰ কোৱঁৰ
কোৱৰ আছিল তেওঁ তুং খুং ফৈদৰ।
দিহীঙ্গীয়া বঙহৰ
চুজিন্ফা কোৱৰৰ
তিনিবৰ্ষ লাভ হয় ৰাজসিংহাসন,
আত্মঘাটী হয় তেওঁ মন্ত্ৰীৰ কাৰণ।
পৰ্ব্বতীয়া ফৈদৰ চুদৈফা কোৱঁৰ
অসম ৰাজ্যৰ ৰজা হয় দুবছৰ।
তেতিয়া বৰফুকণে *[৭]
গৌহাটীত মনে মনে
যড়যন্ত্ৰ কৰে ৰঙ্গামাটী—নৰাবেৰে;
আকৌ মছলমান লাগে আহোমৰে।
এই কাল কালক্ষণ অসম ৰাজ্যৰ
ৰজা ভঙ্গা পতা হাত মন্ত্ৰীসকলৰ;
আৰু যত বিষয়াৰ
চক্ৰান্তৰ নাই পাৰ,
নগৰতে বেৰি ধৰি দিনতে প্ৰত্যক্ষে
চুদৈফা ৰজাক হত্যা কৰিলে লালুকে।
চামগুৰি ফৈদৰ চুলিক্ফা কোৱঁৰক
(লৰা দেখি “লৰাৰজা” নাম সিজনৰ)
ষোল-শ ঊনত্ৰিছ চনে
ৰজা পাতে মন্ত্ৰী গণে,
দুবছৰ মাত্ৰ ৰাজ্য কৰিলে শাসন,
অত্যাচাৰী ৰজা তেওঁ জানে সৰ্ব্বজন।
সিকালত গৌহাটীৰ লালুক ফুকণে
ৰঙ্গামাটী নবাবৰে কৰা চাৰি ৰণ।
গুপ্ত ষড়যন্ত্ৰ পাতি
এৰি দিয়ে গুৱাহাটী।
পঠালে ৰজাই বন্দৰক তেতিক্ষণ,
অসমে-মছলমানে পুনু লাগে ৰণ।
ইবাৰো মছলমান ঘাটি ভাগি গল
ৰণ জিকি বন্দৰ বৰ ফুকণ হল।
চুলিক্ফাৰ ৰাজত্বত
সিংহাসন আশঙ্কাত
কতজনা কোৱাঁৰৰ অঙ্গ ক্ষত হল
তথাপিও সিংহাসন নিৰ্ব্বিঘ্ন নহল।
তুঙ্গখুঙ্গীয়া ফৈদৰ লাঙ্গি গদাপানি
যাৰ ভাৰ্যা জয়মতী সতী শিৰোমণি,
ভীম যিটো আহোমৰ,
তাৰো সচঁ মাৰিবৰ
খড়যন্ত্ৰ কৰিছিলে চুলিক্ফা ৰজাই;
ভাৰ্যানুৰোধত তেওঁ দেশ এৰি যায়।
জয়মতী কুৱঁৰীক সভাত অনাই
স্বামীৰ সন্ধান বাৰ্ত্তা সুধিলে ৰজাই।
নিৰাশ্ৰয় জয়মতী
সঙ্গে শিশু পুত্ৰ দুটি,
তথাপি সতীৰ তাত নকঁপিল প্ৰাণ
“নকওঁ” উত্তৰ দিলে স্বামীৰ সন্ধান।
চাওদাং হঁতে পাচে ৰাজ-আদেশত
সুবিখ্যাত জেৰেঙ্গা পথাৰ মশানত
কুৱঁৰীক বান্ধি ধৰি
নানা বিধ শাস্তি কৰি
যাতনা অশেষ দিয়ে সই লব লই;
গদা কোৱঁৰৰ বাৰ্ত্তা কৈ দিব লই।
তথাপি নিদিলে তেওঁ পতিৰ সন্ধান,
“নকওঁ” বাহিৰে বাক্য নুবুলিলে আন।
শাস্তি হল যেনে মতে
সুৱঁৰিলে বুকু ফাটে!
ৰাজবধু কুৱঁৰীৰ এখেত বিলই;
নগাপাহাৰত স্বামী ছদ্মবেশী হই।
ইকান সিকান কৰি সতী পীড়নৰ
বাতৰি কাণত পৰে গদা কোৱঁৰৰ
দুষ্মবেশে দুখভৰে
আহি পাচে গদাধৰে
কলেহি জয়াক বাৰ্ত্তা কৈ দিবলৈ,
“স্বামীৰ বাতৰি কই নেমাৰাঁ কেলেই
পীড়নত থাকি তেওঁ স্বামীক চিনিলে
কাতৰ কৃষ্টিৰে ধীৰে দৃঢ়ভাবে কলে,
“ইবিলাক আহে কিয়?
গুচি বা নাযায় কিয়?
স্বামীৰ সন্ধান মই নিদিওঁ নিশ্চয়,
ত্যাজিম পৰাণ যদি ব্ৰতভঙ্গ হয়।”
প্ৰিয়াৰ ইঙ্গিত বাক্য বুজি গদাধৰে,
আঁতৰিল মহাদুখে মনৰ ধ্বিকাৰে।
জয়মতী মহাসতী
হই মহা দৃঢ় মতি
ক্ৰমাৎ পোন্ধৰ দিন ভূঞ্জিলে যাতনা,
সুকোমল নাৰীদেহে সহিব কতনা!
পঞ্চদশ দিনে যাতনাৰ অৱসান,
পাৰ্থিব দেহাৰ পৰা বাজ হল প্ৰাণ।
নশ্বৰ মাটীৰ দেহা,
স্বাৰ্থৰ সংসাৰ বেহা,
এৰি মৰ্ত্ত্য মোহমায়া পতিপুত্ৰ জ্ঞান,
মহা সতী সতীলোকে কৰিলে প্ৰয়াণ।
পত্নী বিয়োগৰ পাচে উদাসীন হই,
ভ্ৰমিছিল গদাধৰ যতে ততে গই।
বন্দৰ বৰফুকণে
সান্ত্বনা বুজনি দানে
ৰাজ্যৰ কুশল হেতু ৰাজপাট লই
অনুৰোধ কৰি পাচে আনে ৰাজ্য লই।
পত্নী অনুৰোধ স্মৰি, বংশ ৰক্ষণৰ,
স্বদেশ ৰক্ষাৰ আৰু ৰাজ্য শাসনৰ
মান্তি হৈ গদাধৰে
সৈন্য সমে ফুকণেৰে
গড়গাওঁল’কে আহে কৰি অভিধান
মন্ত্ৰী সকলেও তাতে দিয়ে যোগদান।
এই মতে সিংহাসন লভে গদাধৰে,
লৰাৰজা শাসনৰ তাতে ওৰ পৰে।
ষোল-শ একাশি চন,
ৰাইজৰ শুভ ক্ষণ;
উপযুক্ত কোৱঁৰৰ হল ৰাজপাট,
সিংহাসন লই আৰু গুচিল বিভ্ৰাট।
তেতিয়াৰে পৰা তুমি হেৰা গড়গাওঁ
এৰা পৰলীয়া হলা ৰলমাত্ৰ নাম।
তথাপি শিঙৰি ধাৰ
দৰবাৰ উৎসৱৰ
কেন্দ্ৰস্থল হই ৰল তোমাৰ বুকৰ।
যত দিন ৰাজ্য ৰল ইন্দ্ৰ বঙহৰ।
বিদায় মাগিছোঁ তীৰ্থ শ্মশান নগৰ।
বহুতীৰ্থ আছে বাকী, আয়ুস তাকৰ।
দুখীয়া আহোম জাতি,
বংশত দিবলৈ বাতি
আছোঁ মাত্ৰ নাম ধৰি আহোম বংশৰ
ভগ্ন অৱশেষ প্ৰায় তোমাৰ বুকৰ।
দুখত জনম মোৰ দুখমাত্ৰ সাৰ
দুখীৰ সম্পত্তি মাথোঁ চকুলো দুধাৰ।
পুৰি! তোমাৰ দুৰ্গতি যেনে,
আহোমৰো দশা তেনে;
সহানুভূতিৰ চিন্ সহ-বেদনাৰ
চকুলো এটোপা মোৰ লোৱাঁ উপহাৰ।
⸻
ৰংঘৰ।
(৫) ৰংপুৰ।
কলই গইছ ভৰি
খৰ খৰ খোজ ধৰি?
নেজান নুবুজ তই যন্ত্ৰ দৰে সাধ কাম;
যেনি তই যাৱ চলি,
(ইযে) ৰজাৰ সেন্দুৰী আলি;
এয়ে সেই ৰাজধানী ৰংপুৰ যাৰ নাম।
ধন্য হলি আজি ভৰি।
এই পথে গতি কৰি,
যি পথেদি চলিছিলে অতীজত স্বৰ্গদেৱ,
ধন্য এই যাত্ৰা মোৰ
সহি কায় ক্লেশ ঘোৰ
আহোমৰ তীৰ্থভূমি পাইছোঁহি আজি তেও।
হিয়া! তই ক্ষান্ত হ,
ক্ষন্তেক জিৰণি ল;
মন! তই থিৰ হই ৰথখান থমাবি,
চকু! তই নপছাবি
ৰংপুৰৰ ঘৰবাৰী
পিটিকি পিটিকি চাই অন্তৰত আঁকিবি।
ৰংপুৰ ৰাজবাটী
অৱশেষ ভাগি ফাটি
উঁই হাফলুহে যেন দালানৰ আছে চিন্।
সাধৰ কাৰেং ঘৰ
ইন্দ্ৰালয় সমসৰ,
জকাত মাথোন হাঁয়! সোৱৰণি আছে লীন।
যি প্ৰাসাদৰ কোঠা
সুবৰ্ণ মাণিক্যে গোঁঠা,
আলোকমালাৰে থাকে দিনৰাতি সমুজ্জ্বল,
সেই ৰাজবাটী হাঁয়!
আজি চণ-বান নাই,
অন্ধকাৰ গহ্বৰত তাৰ পৰিণতি হল।
যত বহে স্বৰ্গদেৱ
সাধ্য কি পশিব কেওঁ!
খিকিন্দালি কৰি আজি গৰখীয়া লৰায়ো,
তাত উঠি বিহু পাতে
কত যে অভইচ মাতে!
পৰ্ব্বত উলঙ্ঘে হাঁয়! ভৰি ভগা খোড়ায়ো।
ইটাৰে বন্ধোৱা গড়
চাৰি মেৰ চৌহদৰ
ভাগি খহি গৈ তাত গছ হাবি গজিছে।
পৰীয়াৰ চৌকি ঘৰ
মত দিয়ে বোন্দাপৰ
ধিপ্মাত্ৰ আছে চিন্ হাবি বনে ছাতিছে।
অদূৰত ৰং ঘৰ
যুঁজ ৰং চোৱা ঘৰ ,
যাৰ নামে এই পুৰী— ৰিঙ্গা ৰিঙ্গা বাজিছে।
চৌদিশে পথাৰৰ
গাওঁ ভূঁই ওচৰৰ
ম্লান ভাব বনে পাতে দীন বেশে সাজিছে।
পূবে দি দিখৌ নৈ।
ধীৰে ধীৰে বৈ বৈ
আপুনি আপোন মনে মন মাৰি চলিছে।
তীৰৰ যি গছ লতা
(যেন) নকৈ শোকতে কথা
মুখওন্দোলাই হাঁয়! নৈৰ পিনে চলিছে।
দিখৌৰ উত্তৰ পাৰে
শিৱ দল সাগৰেৰে
পুৰণি নগৰ এয়ে আহোমৰ তেতিয়াৰ,
এতিয়াৰ শিৱসাগৰ
জিলা এয়ে মনোহৰ,
ইংৰাজ ৰজাৰ গুণে হইছে জেউতি চাৰ।
আমোলা বিষয়া যত
দোকানী বেপাৰী কত
সদৌ বিদেশী লোক অধিবাসী আজি তাৰ।
অতীজৰ বিষয়াৰ
পো-নাতী দু এ ঘৰ
চিন মাত্ৰ আছে ৰাখি ভেটি মাটি প্ৰপিতাৰ।
শিৱসাগৰৰ পাৰে
বঙ্গলা গিৰ্জা ঘৰে
শিৱ বিষ্ণু দুৰ্গা দ’ল শাৰী সমে ফেৰ ধৰি
বিতোপন শোভা কৰি
সাগৰ ৰাখিছে বেৰি,
সিপাৰে ৰখীয়া আছে পুলিছৰ প্ৰহৰী।
ৰাজবাটী দক্ষিণত
জয় দল সু উন্নত
জয়সাগৰৰ পাৰে থিয় হই আছে ৰই;
সতীৰ মাহাত্মা তথা
আহোমৰ স্মৃতি-কথা
দ’ল পুখুৰীৰে আছে জ্বলন্ত অঙ্কিত হই।
সোতৰ-শ শতিকাৰ
মহাৰাজ চুখ্ৰাংফাৰ
স্থাপিত নগৰ এই ৰংপুৰ ৰঙ্গালয়।
ইয়াকেই কেন্দ্ৰ কৰি
অসম সাম্ৰাজ্য জুৰি
চলিছিলে শতবৰ্ষ শাসনৰ অভিনয়।
⸻
৩⸺কুঞ্জ থুপি।
(১) ভক্তি আৰু মুক্তি।
ভকতি বিৰহ প্ৰেম, মুকুতি মিলন,
বিৰহত বাঢ়ে স্পৃহা, মিলে সমাপন।
প্ৰেমত আপ্লুত হই প্ৰেমিক ভকত
মুক্তিত নিস্পৃহ, ভক্তিভাৱে গদগদ।
⸻
(২) তৃষ্ণা।
অন্তৰত তৃষ্ণাৰূপ অগনি জ্বলিলে
অশান্তি তাপেৰে হিয়া দেই পুৰি যায়,
সম্পদ সোপাকে আনি কিহব চপালে,
অতৃপ্ত হিয়াৰ তেও তৃপ্তি নপলায়।
তৃষিতে উগাৰি তৃষ্ণা—অশান্তিৰ ভাৰ,
পাই বুলি কৰবাত পতিয়ণ ঠাই,
লগৰীয়া চান্দি ফুৰে প্ৰকাশি যান্ত্ৰণা,
অতৃপ্ত আকাঙ্ক্ষা তাৰ লগে লগে যায়।
⸻
(৩) সাধনা।
সকলো কাঠতে জুই আছে লুপ্ত হই,
নঘঁহিলে উদ্ভাৱন হব কেনেকই?
ভাগ্যতো যদিহে থাকে ঐশ্বৰ্য্যেৰে ৰে ভৰা,
সাধনা নহলে সিদ্ধি হব কৰপৰা?
⸻
(৪) উপেক্ষা।
যিমানে কি কুকুৰে কামোৰক লাগে
তেওতো আঠুৰ তল;
শুৱাবনে মানুহক কুকুৰ কামুৰি
ললে তাৰ প্ৰতিফল।
⸻
(৫) কালৰ প্ৰভাৱ।
আজো ককাহঁতে ৰুইছিলে কল,
আমি নাতিহঁতে খাওঁ তাৰ ফল;
ধন্য কলিকাল! কলৰ কি দশা,
কল সৰু, ঠোকা সৰু, ঠোকত কম এষা!
⸻
(৬) উন্নতিৰ চানেকী।
উদৰ সাত পুৰুষ মৰি গৈছে কেচা মঙ্গহ খাই,
আমাৰ সাত পুৰুৰ মৰি গৈছে কেকোৰা লাঙ্গল বাই
ভিন্ মুঠেই উদে পানীত বিচাৰে ডাঙ্গৰ মাছ।
আমি হলে পিতৃসম্পত্তিও কোৰোকত দিওঁ যাহ।
⸻
(৭) গালি।
শব্দতন্মাত্ৰৰ আকাশী চৰগ ভাগি
নপৰিল মই মহা পাপীৰ মূৰত;
তোমাৰ কৰুণা প্ৰভু। দু-আষাৰ গালি
ধ্বনি হল মাত্ৰ বায়ু কঁপাই দূৰত?
⸻
(৮) পৰীক্ষা।
শিক্ষা দিছাঁ প্ৰভু! জ্ঞান ইঙ্গিতেৰে,
সাধনাও দিছাঁ পুৰুষাকাৰ,
অপূৰ্ব্ব তোমাৰ ইকি ছল পুনু
ইন্দ্ৰিয় বিকাৰ?— পৰীক্ষা তাৰ?
⸻
(৯) আকাশী বাণী।
বিশ্ব ব্যাপি আছে বিজুলীৰ শক্তি,
ডাৱৰতহে দেখোঁ বিকাশ হয়;
বিশ্বব্যাপী মুখৰ আকাশী বাণী।
প্ৰকৃতিৰ কাৰ্য্যেহে মাথোন কয়।
⸻
(১০) সহনি।
বইছে ধুমুহা বই যাওক পাৰ হই
তেহে যদি পোৱা ফৰকাল,
আহিল বিপদ, কৰা আৰু এক্ষন্তেক,
পালেহি সম্পদ সুখ কাল।
⸻
(১১) সগুণ আৰু নিৰ্গুণ।
গুণৰেই গুণ পাপ আৰু পুইণ,
পূৰ্ণ মিলনত থাকিব কি?
সত্ত্ব, ৰজ আৰু তমৰ বিকাশ
পৰব্ৰহ্মৰূপ নিৰ্গুণ সি।
⸻
(১২) ভিখাৰী।
এমুঠি মাথোন পালে, দিলে বৰ মোক,
‘ঐশ্বৰ্য্য বিভূতি যেন উভৈ নদী হোক।’
সুঠিৰ সলনি যেয়ে বাঞ্চে মোৰ অত,
ভিখাৰী সাজেৰে তেওঁ শিৱ স্বৰূপত।
⸻
(১৩) অবিচাৰ।
পুণ্যৰ বিমল সুখ, শান্তি পাতকৰ
নেদেখে অপৰে, বুজে নিজেহে নিজৰ।
অন্তৰৰ সুখ দুধ বাহিৰত নাই,
অন্তৰে অন্তৰে ভোগে অন্তৰে সদায়।
বাহিৰত সমাদৰ দেখি পয়োভৰ
কি বুলিনো কয় লোকে,-তেওঁ সুখী বৰ?
(১৪) সাধুৰ চিন্।
পদুম বোকাত গজে পাতখিলা চাৰ
পাণীতে ওপঙি থাকে পাণীপ্ৰাণ তাৰ।
কি চোৱাঁ, তেও তাৰ তিয়াব নোৱাৰে;
বৰঞ্চ ঢৌৱাই নিয়ে যিবা মলি পৰে।
অথবা হলেও জন্ম ঘিন্লগা খনি,
তেওকি ঘিণায় বাৰু লোকে সোন কনি?
যিমানেকি পোৱাঁ সোন জেউতিহে চৰে,
অগ্নিৰ কোলাত যেন সীতা-সতিত্বেৰে।
উঠক বিপদ ঢৌ বিঘিনিৰ জুই;
চিনিবা সাধুক থাকে একনিষ্ঠ হই।
⸻
(১৫) চন্দ্ৰৰ কলঙ্ক।
যেতিয়া আঁউসি হলে চন্দ্ৰ হয় আঁৰ,
জোনাক অভাবে লাগে জগত আন্ধাৰ।
পূৰ্ণিমাত জোন যেবে জ্বলে আকাশত
আন্ধাৰৰ ক্ষুদ্ৰ সাঁচে কলঙ্ক বুকত।
⸻
(১৬) স্পৃহা।
গুহেক সংস্কাৰ জাঁজি নৰৰ হিয়াৰ
স্বৰ্গৰ অমিয়া কৰি খৰতৰ উহে
বওক প্ৰেমৰ জুৰি লই শান্তি ধাৰ,
পাওক অমৰ স্বাদ মৰ্ত্ত্যৰ মানুহে।
(১৭) ঘৰ জেউতি।
দুখতাপ আন্ধাৰত হিয়া হেৰুৱাউ মই
ঘৰলৈ ওভটোঁ যেতিয়াই,
বৰ জেউতিয়ে স্নিগ্ধ আলোক ছাটিৰে
শান্তিপথ দেখায় তেতিয়াই।
⸻
(১৮) সাহিত্য।
পুৰুষে সহিতে প্ৰকৃতি মিলন
বিশ্ব সাহিত্যৰ মূল,
আত্মাৰে সহিতে দেহা সন্মিলন
জীৱন সাহিত্য থুল।
উদ্দেশ্য সহিতে কৰম উদ্ভৱ
বিজ্ঞান সাহিত্য থল,
ভক্তিৰে সহিতে সাধনা সংস্ৰৱ
ধৰম সাহিত্য ফল।
জাতীয় জীৱন প্ৰকৃতি সহিতে
যেনেটি বান্ধেৰে গঢ়া,
সেয়েই আমাৰ জাতীয় সাহিত্য⸺
জীৱনৰ ধ্ৰুৱতৰা।
⸻
(১৯) শিক্ষা।
একে শিকে লিখি পঢ়ি, এক শিকে দেখি,
আৰু এক শিক্ষা আছে যাক শিকে ঠেকি।
এক শিক্ষা আওৰোৱা নুবুজি-নুসুজি,
এক শিক্ষা দেখি অনুকৰা মৰি মুজি;
আৰু শিক্ষা সংসাৰৰ পাক ঠেলা খোৱা—
প্ৰকৃতিৰ পৰা চিনি বুজি বাছি লোৱা।
দেখি শিকা, লিখি শিকা-তাম সোন-ঢলা;
ঠেকি শিক্ষা কেচা পোন সুৱগাত গলা।
⸺
(২০) সুখ আৰু দুখ।
ঘিণ-লগা শামুকত মাণিকৰ খণি,
অসতে চিনাই দিয়ে সৎ শিৰোমণি।
অভাবেই আবিৰ্ভাব-মূল
অনুকূলে বাহে প্ৰতিকুল,
নিৰাকাৰ সাকাৰৰ ভেঁটি
বৈপৰীতা অস্তিত্ব প্ৰকৃতি।
নহল হেঁতেন যদি দুখৰ চোনি
নেপালোঁহেঁতেন গম সুখ উলহনি।
⸺
(২১) তপস্যাৰ ফল।
বৰ ভাই অতি গৰবী ৰাৱণ
বল তপস্যাৰ বলে,
মাজু কুম্ভকৰ্ণ দোৰোপা নিদ্ৰালু
সুৰা-ভজনাৰ ফলে;
সৰু বিভীষণ ধৰ্মপৰায়ণ
জ্ঞান তপস্যাৰ গুণে,
তিনিও বিভিন্ন পথৰ পথিক
আপোন ধাউতি পিনে।
বলী বলিয়াৰ কৃত্ৰিম প্ৰভাৱ
কলৈবা কেনিবা গল,
সতানিষ্ঠ ধৰ্ম্মী জ্ঞানী বিভীষণ
মৰিও অমৰ হল।
⸻
(২২) সহানুভূতি।
শোকৰ খুন্দাত এৰা থৰ-যুগুতি,
হতাশত জয় পৰা ওখ আশাটী,
নিৰাশত কোচ খোৱা
বিপদত পেটা হোৱা
চিন্তাত জুৰুলা পৰা হই বিকৃতি,
দুৰ্বল হিয়াৰ বল সহানুভূতি।
⸻
(২৩) কৰম কপাল।
গুণৰ বাহিৰে নাই দয়া, ক্ষমা,
নাই দণ্ডবিধি, অজ্ঞান, জ্ঞান;
বিৰাজে মাথোন চেতন আতমা
সূক্ষ্ম পৰিশুদ্ধ প্ৰকৃতি-প্ৰাণ।
স্তুতি গালি একো নেযায় তালৈ,
ভাবিও সেইহে নেপাওঁ লাগ;
নিজে নিজে নিজ কৰ্ম্ম-ফল লই
ভূঞ্জিছাঁ ভবত ভাগ্যৰ ভাগ।
এৰি দৰে লেটা কুন্তি মায়া মাজে
নিজৰ সংসাৰ নিজেই স্ৰজোঁ,
হই নিজ নিজ শত্ৰু বন্ধু নিজে
অনিত্য সংসাৰে আপুনি মজোঁ।
সংসাৰ-অৱস্থা বেয়া বা ভাল,
সকলে নিজ কৰম-কপাল।
⸻
(২৪) অহঙ্কাৰ।
পঞ্চভূত বিনশ্বৰ
শৰীৰ তাৰেই গঢ়া,
ত্ৰিগুণ মিশ্ৰিত মায়া
ইন্দ্ৰিয় বিকাৰ কৰা।
গুণৰ সংঘৰ্ষ সাধে
নিৰ্গুণৰ অস্তিত্বই,
জন্মে মৰে জীৱে তাতে
গুণ কৰ্ম্ম ফল লই।
কৰ্মফল শেষ হলে
সংসাৰৰ পৰে ওৰ,
নিৰ্গুণত লয় পায়
গুণৰ অস্তিত্ববোৰ।
নশ্বৰ জীৱাত্মা দেহা
গুণৰ উদ্দেশ্য ঘটা;
স্বতন্ত্ৰ ময়িত্ব নাই
নাই অহঙ্কাৰ-সত্বা
⸻
(২৫) ৰূপৰ বেহা।
ফুলটি ফুলে ৰূপতে ভুলে
ভুলাই ভোমোৰাকুল,
বলৰ বেহা দেহীৰ দেহা
⸺বিকাশ বিশ্ব-মূল।
নীল আকাশত জেউতি তাহে
ৰূপৰ সুঁতি বয়,
ৰূপৰ বেহা বিশ্ব আহা,
প্ৰকৃতি বিকাশময়।
ৰূপৰ বেহা মানব দেহা,
ইচ্ছা-দেখক ভাল,
সাজে পাৰে বিৰিঙ্গি পৰে
ভাঙ্গিয়ে ধৰে তাল।
⸻
৪-বিবিধ থুপি।
⸻
(১) কবিতা।
বাহিৰত প্ৰকৃতিৰ পূৰ্ণ পয়োভৰ
—স্ৰজন, পালন, সংহৰণ;
ভিতৰত পৰমাত্মা প্ৰকৃতিৰ পৰ
নিৰ্গুণ-পুৰুষ নিৰঞ্জন।
বাহিৰ ভিতৰ মিলি অস্তিত্ব সৃষ্টিৰ
পুৰুষ প্ৰকৃতি সঙ্কলন,
ক্ষুদ্ৰ তাঙ্গৰণ তাৰে জীৱন নশ্বৰ
দেহ আৰু আত্মাৰ স্ৰজন।
বাহিৰত সংঘটিত ঘটনা তুলিৰে
অন্তৰত ভাব অঁকা বুলি,
কবিৰ কবিতা সৃষ্টি বাহিৰে ভিতৰে
ভাব আৰু ভাষা দুয়ো মিলি।
⸻
(২) বাল্মীকি-প্ৰতিভা।
নৌজ্বলে তেতিয়াও কবিতাৰ আভা,
বাল্মীকি প্ৰতিভা লীন দস্যুৰ হিয়াত,
নৰহিয়া উদ্দীপিত কাব্য জ্যোৎঙ্গা প্ৰভা
উজৰি উজৰি মাৰ যায় হৃদয়ত।
•
কৰ্মফল পথ ভুলি সিটো জনমৰ
ৰত্নাকৰ দস্যুৰূপে থাকোঁতে ভকত,
মায়াৰ ঢাকনী দাঙ্গি বাল্মীকি দেৱৰ,
নাৰদ ঈশ্বৰ দূতে কৰিলে বেকত।
•
স্বৰ্গৰ জেউতি পৰি দস্যু হৃদয়ত
মায়া অন্ধকাৰ হল আলোকত লীন;
উভটি ধৰিলে নিজ পথ সাধনাত,
পুৰুষাকাৰত গল সংস্কাৰ জিন।
•
দূৰ হল দস্যুবৃত্তি মায়া অহঙ্কাৰ
নিজ পৰিবাৰবৰ্গ পালনৰ চিতা,
দূৰ হল কাম, ক্ৰোধ, লোভ, মোহ, মদ,
মাৎসৰ্য্যৰ আক্ৰমণ বাধ্য বাধকতা।
•
দূৰ হল আত্মপৰ মায়া ভেদ জ্ঞান,
সুখ দুখ, পাপ পুণ্য, ধৰ্ম্ম অধৰ্ম্ম,
বিবেক হিয়াত তাৰ হল মূৰ্তিমান,
ক্ৰমাৎ কৰিলে ত্যাগ সংসাৰৰ কৰ্ম্ম
•
আলোকৰ ছটা এটি তাৰ হৃদয়ৰ
কবিতা জপেৰে সাঁচ ৰই মৰতত
ৰামায়ণ মহাকাব্য কীৰ্ত্তি মন্দিৰৰ
জ্যোতিৰ পাতকা ৰেখ উৰিছে চুৰাত।
•
জ্যোতিস্ময় বাল্মীকিৰ প্ৰতিভা জেউতি
বিকীৰ্ণিত হৈ প্ৰতি কবি হৃদয়ত;
কবিতা জ্যোতিৰে আঁকে অতীতৰ স্মৃতি
উদ্ভাবিত হই আজি কাব্য আকাশত।
⸺
(৩) কবিতা আবাহন।
ওলাই আহাঁ মোৰ হৃদয়ৰ ৰাণী
হে দেবী কবিতা! চলোৱাঁ পাৱ,
ধৰাঁ আহি সুৰ ললিত ৰাগিণী,
বৰষা হিয়াত অমিয়া ৰাৱ।
চোৱাঁ—কামনা উদ্বেগ উত্তেজনা যত
সকলো জঞ্জাল আঁতৰি গল,
যত নি কৰুণ তোমাৰ বাধক
এটিও আৰু নোহোৱা হল।
চোৱাঁ—নিজম পৰিছে হিয়া তলি মোৰ,
তুমি—নিশঙ্ক চিতেৰে চলোৱাঁ ভৰি,
ধীৰে ধীৰে দেখি! লালা-গতি-ছন্দে
অকলে বহাঁহি আসন জুৰি।
লনি ভাবৰ লাজুকি ভঙ্গিমা
ছন্দে সুৰে আহা! বিৰিঙ্গি ফুটে
কাব্য বসনৰ ঢাকনীতো যেন
ৰূপৰ মাধুৰী জিলিকি উঠে!
ওলাই আহাঁ মোৰ হৃদয়ৰ ৰাণী
হে দেবী কবিতা! চলোৱাঁ পাৱ
ধৰাঁ আহি সুৰ ললিত ৰাগিণী
বৰষা হিয়াত অমিয়া ৰাৱ।
দেবি!—তোমাৰ ছন্দৰ মধুৰ সুৰত
জাগক গুপ্ত হৃদয় মোৰ,
তোমাৰ—ভাৰ ভঙ্গীমাৰ অমিয়া বা লাগি
বিদগ্ধ হৃদয় পৰক জুৰ।
দেবি।— তোমাৰ জেউতিছটা আলোকত
মোৰ—অন্ধকাৰ হিয়া উদ্দীপ্ত হোক,
তোমাৰ আকুল মোহিনী মন্ত্ৰত
জড় হিয়া মোৰ নাচি উঠক।
দেবি! —তোমাৰ শৰীৰ-কুসুম-গোন্ধে
বেমেজালি হিয়া ৰখক ছানি,
কবিতা! তোমাৰ শুভ আবিৰ্ভাবে,
শান্তিময় হোক হৃদয়খানি।
ওলাই আহাঁ মোৰ হৃদয়ৰ ৰাণী
হে দেবী কবিতা! চলোৱাঁ পাৱ,
ধৰাঁ আহি সুৰ ললিত ৰাগিণী,
বৰষাঁ হিয়াত অমিয়া ৰাৱ।
⸻ ⸻
৪। আকাশ।
তুমিয়ে অনন্য নেকি অনন্ত আকাশ
পৃথিবীক শূন্যত ধৰিছা?
প্ৰকৃতিৰ ৰূপ-লীলা বাসুকীৰ ফণা
যাৰে এই বিশ্ব আবৰিছা?
তোমাতে উদ্ভৱ নেকি চন্দ্ৰ,সূৰ্য্য, গ্ৰহ,
তৰাবোেৰ জকমক কৰা?
তোমাৰে স্ৰজন নেকি চাৰি মুঠি জীৱ,-
উৰা বুৰা গজা ভ্ৰমি ফুৰা?
তোমাৰেণে প্ৰতিবিম্ব আতমা জীৱৰ?
পঞ্চেন্দ্ৰিয় তোমাৰে স্ৰজন?
তোমাৰে নে বই থকা কালৰ সোঁতত
মানুহৰ উত্থান-পতন?
তোমাৰ আত্মাই নেকি নিৰ্গুণ-ঈশ্বৰ
⸺পৰমাত্মা পুৰুষ প্ৰধান?
অনন্ত আকাশ তব অনন্ত মহিমা
অন্ত নাই বুজিম কিমান?
⸻ ⸻
৫। ভীষ্ম।
ভাৰতৰ পূৰ্ণকলা চন্দ্ৰ পূৰ্ণিমাৰ
দেৱব্ৰত মহাব্ৰত ভীষ্ম মহাভাগ!
মৰ্ত্ত্যত অমৰৰূপে হই অৱতাৰ
থাপিলা জ্যোৎস্নাময় কীৰ্ত্তি মহাত্যাগ।
ৰাজপুত্ৰ, বসুজন্ম, অজেয় জগতে,
ৰাজ্যাসুশাসন ধৰ্ম্ম তোমাৰ কণ্ঠত,
তথাপি পিতৃৰ তুচ্ছ সুখৰ হকতে
প্ৰতিজ্ঞাৰ সমাধিলাঁ মহাত্যাগ ব্ৰত।
ৰাজ্য স্ত্ৰী-ভোগ চিন্তা নানিলাঁ মনত,
তথাপি ৰাখিলাঁ ৰাজ্য বংশৰ কাৰণ,
উপযুক্ত স্থান তব ৰজাৰো ওখত
ধৰম ৰাজ্য পুণ্য গঠিত আসন।
কুৰুক্ষেত্ৰ তীৰ্থ মাজে শৰ আসনেৰে,
স্বৰ্গী হলাঁ কৰ্ম্ম জ্ঞান ভকতি মাৰ্গেৰে।
⸻
৬। থুপিতৰা।
সূৰজৰ চোকা ৰদৰ কাষত
জোনৰ জোনাক কি!
নিশাৰ জোনৰ চেঁচা জোনাকত
ভোটাৰ পোহৰ সি!
জোঁৰৰ আগত বন্তিৰ পোহৰে
পোহৰ কৰিব কি!
বৰৰ আগত সৰুটি নজলে
প্ৰকৃতি নিয়ম ই।
আমি থুপিতৰা সবাতোকৈ সৰু
—অস্তিত্ব মাথোন যি;
তথাপিতো আমি কৰ্ত্তব্য পথত
বাট নুবুলিম কি?
আকাশ বাটেদি সূৰ্য্য যায় বুলি
জোন নাযায় নে কি?
কি ভোটা তরা সেই পথে চলে
আমালৈনো তেন্তে কি?
চন্দ্ৰ সূৰ্য্য ভোটা তৰা জিলিকক
সকলো নেওচা দি,
নিজ জিলিকনি আছে যি কে কনি
জ্বলিম তাৰেই দি।
⸻⸻
(৭) নহওঁ নিৰাশ।
ভাবিছোঁ মনতে মই কি কাম কৰিম বুলি,
যাওঁ যেন ক্ষন্তেকতে আপোন উদ্দেশ্য ভুলি।
“পৰৰ মূৰত খোৱা ভটীয়া নাৱত যোৱা”
কুন্ধছ জীৱন পৰহাত মুখলই চোৱা!
ইপিনে “পৰত আশা বসত বাস”ৰ দৰে
সিজিব উদ্দেশ্য বুলি কোনে ডাঠি থাকা কৰে!
নিৰাশত কোচ-খোৱা হৃদয়ত সাহ বান্ধি,
প্ৰতিজ্ঞা লাখুটি ধৰি সুখে দুখে হাঁহি কান্দি,
তথাপি উদ্দেশ্য আজি এবাৰ বিচাৰি যাওঁ,
জানোছা কতোবা গই কালে তাক দেখা পাওঁ।
দেখোঁ যদি কৰবাত সাগৰত পদ্ম ফুলা,
বসন্তৰ কুলিটিয়ে হেমন্তত কু-উ বোলা,
দেখোঁ যদি বিনা মেঘে বিজুলী চমক মৰা,
দেখোঁনা তাতেই লই উদ্দেশ্যৰ গুটি ধৰা!
শিৰত প্ৰভুৰ আজ্ঞা অন্তৰত ভক্তি থই;
পিঠিত আকাঙ্ক্ষা বোজা কান্ধত কৰ্ত্তব্য লই,
জয় জগদীশ প্ৰভু! বিপদ তাৰণ! বুলি,
ওলালোঁ টঙ্গালি মাৰি উছাহে কাছুটি তুলি।
⸻
(৮) পাণ্ডৱগীতি।
জীৱন যজ্ঞ যজুৰ্ব্বেদৰ
বৈশনপায়ন ওজা
বদীত শুনা জন্মেজয়!
মানবী জীৱন যুঁজা।–
শৰীৰৰ পঞ্চ ইন্দ্ৰিয় পাণ্ডৱ,
ৰিপুৱেই কৌৰৱ দল,
কৌৰৱ প্ৰভাৱ পীড়িত পাণ্ডৱ
ভৰ অৰণ্যলৈ গল।
সৎ মুনি ঋষি সঙ্গত বঞ্চিলে
দমিলে দ্ৰোহী পাষণ্ড;
বাৰ বছৰৰ অভিজ্ঞতা বলে
চিনিলে মুকুতি পথ।
দুখ বিপদত লাও-লোৱা হৈও
নেৰিলে ধৰ্ম্মত ৰতি
ধাৰ্ম্মিক ভকত পাণ্ডৱ ৰথৰ
সেই হে ঈশ্বৰ সাৰথি।
পঞ্চ ইন্দ্ৰিয় পঞ্চ পাণ্ডৱেৰে
ৰিপু কৌৰৱৰগণ,
মানব শৰীৰ কুৰুক্ষেত্ৰত
কৰিলে দুৰ্ঘোৰ ৰণ।
ৰিপু বিলাকক পৰাভব কৰি
থাপি ধৰম ৰাজ্য
জীৱন যুঁজত স্থিৰ যুধিস্থিৰে
সিজালে উদ্দেশ্য কাৰ্য্য।
সংসাৰ কৰ্ত্তব্য সংসিদ্ধি কৰিলে
মৃত্যুৰ সময় হল,
জ্ঞান, স্পৰ্শ, ঘ্ৰাণ, শ্ৰবণ, দৰ্শন
ইন্দ্ৰিয় অক্ষম হল।
ধৰ্মপৰায়ণ যুজঁত জিকাৰু
অকলশৰীয় মন,
আত্মাময় হৈ সোঁশৰীৰেই
পালে স্বৰ্গ নিকেতন।
নগল লগত সংসাৰৰ কেও
—অসাৰ সংসাৰ অই!
ধৰম মাথোন পিচে পিচে গল
কুকুৰটি যেন হই।
⸻
(৯) উষা।
(উষা কাককত উপলক্ষ কৰি)
“অৰুণ উদোঁতে পূবে ঢাকিলে ডাৱৰে
মাৰ গল অদৃশ্য ভাঁবত,
জিলিকি ঢিমিকি থাকি লুকা ভুকি খেলি⸺
“তৰা” আঁৰ হল আকাশত।
আন্ধাৰত জাকি মাৰি জিলিকি হুকুৱা
“জোনাকী” লুকাল বননিত,
ডাৱৰতে চাৎ-কৰে দেখা দি লুকোৱা
“বিজুলী” নহয় উদ্ভাষিত।
মিট্-মিট কৰি জ্বলা একে গছি “বন্তি”
নুমায় নুমায় বতাহত,
আধেক আন্ধাৰ নিশা আধেক পোহৰ
কানি মুনি “উষা” আলোকত।
আধামৰা আধাজীয়া জাতীয় জীৱন
মৰোঁ জীওঁ চিন নোহোৱাত,
আধেক নৈৰাশ আৰু আধেক আশাৰ
উষাময় চানেকী হিয়াত।
⸻
(১০) চিত্ৰলেখা।
আঁকিলি কতনা চিত্ৰ দেৱাসুৰ নৰ
কুমলীয়া হিয়া খন তোৰ,
বিশ্ব প্ৰকৃতিৰ জানো ক্ষুদ্ৰ তাঙ্গৰণ
ছবিময় নাই আদি ওৰ।
সখিয়াৰ হকে তই নিজৰ জীৱন
সমূলি উপেক্ষা কৰিছিলি,
অদ্ভুত সাঙ্কেৰে কৰি অসাধ্য সাধন
অনিৰুদ্ধ কুমৰ হৰিলি।
যুবতী ৰূপহী নিজে-হৰিলি যুবক,
তেও তোত নাই একো চয়,
হৃদয়ৰ বল তোৰ ভাৱনা-অতীত
কামক কৰিলি পৰাজয়।
সুৱগি নহৈও তই প্ৰেমৰ পুতলি,
নাই তোত কৃত্ৰিমতা অই,
মৰ্ত্ত্যত তুলনা তোৰ বিচাৰি নাপাওঁ
দেবীয়েইনে অপেচৰী তই?
⸻
(১১) কৃষক।
জীৱন নাৱৰ গুৰি বঠা ধৰি তুমি
সমাজক ৰাখিছাঁ জীঁয়াই,
তুমিয়ে পিতৃৰ তুল্য গোটেই দেশৰ
অন্নাহাৰ দিছাঁ সৰ্বদায়।
তোমাৰ জহতে লোকে আৰ্জ্জি বিদ্যা জ্ঞান
সমাজৰ উন্নতি সাধিছে,
তোমাৰে উৎপন্ন লই কিনাবেছা কৰি
সদাগৰে লক্ষ্মীক বান্ধিছে।
বাৰিষাৰ এটি মাহো বহি থাকাঁ যদি
দেশত লাগিব হাহাকাৰ,
সমাজ বান্ধনি কেনি পৰিব উফৰি
উন্নতিও হব চাৰখাৰ।
তোমাৰ সমান নাই দেশ হিতকৰ
প্ৰাণদাতা সকলো নৰৰ,
তোমাৰ বিহনে হব জগত শ্মশান
তুমিমাত্ৰ সাৰ সংসাৰৰ।
স্বাধীন কিৰিষি কৰি আপোন ইচ্ছাৰে
তুমিৱেই মুকলিমূৰীয়া,
নেপাতাঁ কালৈকো হাত, নধৰাঁ খাটনি;
ৰাখিছাঁ দেশৰ তুমি চিয়া।
⸻
(১২) নকবা শুদাতে মিছা।
লুকুৱা মনৰ ভাব মুখৰ কথা দি
অন্তৰত পৰিস্ফুট বুজেও হৃদয়ে,
নাথাকে গুপুতে একো কিহব ভুৱাদি,
নাজানক আনে কিন্তু জানে প্ৰকৃতিয়ে।
প্ৰকৃতিত উৎপন প্ৰকৃতিৰ দেহা,
প্ৰকৃতিত জীৱাত্মাৰ অস্তিত্ব সৃজন,
প্ৰকৃতি বুকৰ লীলা সংসাৰৰ বেহা-
পাপ-পুণ্য সুখ দুখ জনম মৰণ।
প্ৰকৃতিত উদ্ভাবন প্ৰকাশ্য গুপুত,
সঁচা মিছাৰ অস্তিত্বও প্ৰকৃতি বুকুত।
⸻
(১৩) শান্তিপথ।
পিঠিত ভাৰৰ বোজা, হেলায়-হেপায়
কলৈনো যোৱাঁ হেৰা মনাই ককাই?
জানিছোঁ বিচাৰাঁ তুমি সুখপূৰ্ণ ঠাই,
শান্তি লভিবৰ মনে বোজাটি নমাই।
সুখ নৰকত, সুখ-দুখ মৰতত,
একমাত্ৰ সুখ শান্তি আছে স্বৰগত।
মৰতৰ অধিবাসী মনাহ ভকত।
বিচাৰি নোপোৱাঁ পূণ্য সুখ মৰতত।
সত্যেৰে বন্ধোৱা পাৰ দুটিত ঠেকাই
বিমল প্ৰেমৰ যত নই বই যায়,
প্ৰীতিৰ মলয়ে যত ঢৌৱায় খেলায়
সেয়েই স্বৰগ সেয়ে শান্তিময় ঠাই।
নাই তাত মিছা বেশ্যা পাপ তাপ যত,
হিংসা কপততা একো নাই সিথানত।
ইচ্ছা যদি আছে মোত ৰাখিবা সঞ্জাত,
শান্তিধামলৈ যোৱা দেখুৱাঁও বাট,—
দৃঢ় প্ৰতিজ্ঞাৰ সাহ বান্ধি হৃদয়ত,
ধৈৰ্যৰ লাখুটি ধৰি কৰ্ত্তব্য কামত,
সৎস্বভাৱৰ এৱাঁসূতাৰ সাঁকোত,
বগাঁৱা ঈশ্বৰ-নাম সুৱঁৰি মনত।
সাৱধান! ধুমুহাই আকুল কৰিব,
বাধা বিঘিনিৰ ঢৌৱে তৎ হেৰুৱাব,
বাৰে-শত্ৰু শিহু ঘঁৰিয়ালে আক্ৰমিব,
ধুঁৱলি কুঁৱলি দিশ হুতাশে ছাটিব।
তেতিয়া নেযাৱাঁ তুমি কৰ্ত্তব্য পাহৰি,
আগুৱাঁবা একে ৰাহে কৰ্তব্য সুঁবৰি।
তেহে পাবাঁগই তুমি শান্তিময় স্থান,
জঞ্জাল দুখৰপৰা পাই পৰিত্ৰাণ।
(১৪) তুলসীদাস।
ভগৱৎ প্ৰেমধাৰে তোমাৰ হিয়াৰ
ভবিষ্যতে কৰিবলে প্লাবিত ভাৰত,
জন্মিলাঁ তুলসীদাস! যমুনা-তীৰৰ
আত্মাৰাম গোস্বামীৰ পৱিত্ৰ কুলত।
নিজৰি হিয়াৰ প্ৰেম ভৰা-যৌবনৰ
ভাৰ্য্যা সৰোবৰ ভৰি থাকোঁতে উপচি,
ভাৰ্য্যাৰ ধিক্কাৰ বাক্যে ভাঁঙ্গি দিলে পাৰ ,
বৈ গল প্ৰেম নই ভগবদোদ্দেশি।
বইছে পৱিত্ৰ তাৰে সুঁতি অনুপাম
ৰামায়ন নাম যাৰ কবিতা টতিনী
ভকতিয়ে ঢৌ তাৰ মৎস্য ৰাম নাম,
পতিত পাবনী ভক্তি সুধা নিশ্যন্দিনী
ভকতি মণ্ডৰ কৰি মথনিৰ দন্দ,
ভাগৱত জলধিক মথি অবিৰত,
দেৱ তুমি তব ভাগ প্ৰেম-মকৰন্দ
অমৰত্ব গুণ-পণা থাপিলাঁ মৰ্ত্ত্যত।
মহাত্মা তুলসী! দেব চৰিত্ৰ তোমাৰ
অন্তৰে অন্তৰে ব’ক প্ৰতিভাৰ ধাৰ।
⸻
(১৫) মোহ মুদ্গৰ।
(সংস্কৃতৰ অসমীয়া ভাঙ্গণী)
(১
ধন তৃষ্ণা এৰাঁ মুঢ়, ক্ষুদ্ৰ বুদ্ধি মন
তৃষ্ণাহীন কৰাঁ যত্ন কই,
নিজ কৰ্ম্ম ফলে ধন লভিবা যিমান
সন্তুষ্ট থাকিবাঁ তাকে লই।
(২)
তোমাৰ আপোন কোন পুত্ৰ পৰিবাৰ
মায়াময় বিচিত্ৰ সংসাৰ,
তুমি বা আপোন কাৰ, কৰপৰা হল,
চিন্তা ভাই আত্ম তত্ব তাৰ।
(৩)
ধন জন যৌবনৰ গৰ্ব্ব অকাৰণ
কালে নিমিষতে হৰে চোৱাঁ,
জানি ভবমায়া মোহ অতিক্ৰম কৰি
পৰব্ৰক্ষ্ম পদাশ্ৰয় লোৱাঁ।
(৪)
পদুম পাতৰ জল তৰল যিৰূপ
অথিৰ জীৱন ইতো তাৰ,
ক্ষণিক সংসাৰ, সাৰ সাধুসঙ্গ মাথোঁ
ভবাৰ্ণব তৰিবৰ নাৱ।
(৫)
জনমৰেপৰা মৃত্যু, মৰণৰে পৰা
পুনৰ্জ্জন্ম-জীৱনৰ দুখ,
জনম-মৰণশীল সংসাৰত নৰ!
কাহানিনো লভিবা সন্তোষ?
(৬)
সন্ধ্যা,পূৱা, নিশা, দিন, শীত বসন্তাদি
কালৰ চাকত আহে যায়,
লগে লগে টুটে জীৱ জীৱন আয়ু
তথাপি আশাৰ ওৰ নাই।
(৭)
শৰীৰ হালিল আৰু চুলি পকি গল,
দাত সৰি মূখ সোলা হল,
হাতত লাখুটি কঁপে থৰক-বৰক
ভণ্ড আশা তেও নাতৰিল।
(৮)
দোৱালয়, গছতল আশ্ৰয়ৰ স্থল,
ভূমি শয্যা ছাল সাজ লই,
সংসাৰৰ সৰ্ব্বভোগ এৰি বৈৰাগ্যত
কোনো কয় সুখ নাই অই।
(৯)
শত্ৰু-মিত্ৰ পুত্ৰ-বান্ধ আপোন পৰৰ
ভেদ-জ্ঞান অহংভাব এৰি,
সবাকো সমানভাবে দেখাঁ সৰ্ব্বাত্ৰতে,
বিষ্ণুপদ প্ৰাপ্তি বাঞ্চা কৰি।
(১০)
পৰ্ব্বত সাগৰ আদি বিশ্ব-চৰাচৰ
ব্ৰহ্মা, ইন্দ্ৰ, সূৰ্য্য, ৰূদ্ৰগণ,
তুমি মই তেওঁ এওঁ সকলো নশ্বৰ,
কিয় তেন্তে শোক অকাৰণ।
(১১)
তুমি মই আদি সৰ্ব্বব্যাপী বিষ্ণু এক,
মিহা কোপ কৰাঁ ধৈৰ্য্য এৰি,
সকলোকে দেখাঁ এক পৰম আতমা,
ভেদজ্ঞান মায়া পৰিহৰি।
(১২)
ওমলোঁতে বাল্য গল, যৌবনত মন
যুবতীৰ অনুৰক্ত হল,
বুঢ়াকাল পাৰ হল ভাবনা চিন্তাত
ব্ৰক্ষ্ম চিন্তা এবাৰো নহল।
(১৩)
অনৰ্থক অৰ্থ চিন্তা কৰে সদা যেয়ে
সত্যে সত্যে সুখ তাৰ নাই;
ধনীৰ ধনৰ ভয় পুত্ৰৰ পৰাও
শঙ্কাকুল সৰ্ব্বত্ৰ সদায়।
(১৪)
ধন আৰ্জ্জিবৰ শক্তি থকা দিনলেকে
পৰিজন অনুৰক্ত হয়,
শক্তিহীন জড়াৱস্থা লভিলে তেতিয়া
কেৱেঁ আৰু বতৰা নলয়।
(১৫)
কাম ক্ৰোধ লোভ মোহ এৰি কোনে হায়
আত্ম ধ্যান কোনে আচৰিব!
আত্ম-জ্ঞান হীন অন্ধপ্ৰায় মূঢ়গণ
নিগূঢ় নৰকত পচিব।
⸻
(১৬) ন।
তৃণ-তৰু-লতা ন-ন পাতে ছাটা
গ্ৰীষ্ম বৰ্ষা গল ন ন ন ,
শৰৎ, হেমন্ত, শীত, বসন্ত,
আহিব লাগিছে ন ন ন।
অতীত পুৰণি নৰে জননী
পুৰণিতে জন্মে ন ন ন ,
এই চৰাচৰ অনন্ত বিশ্বৰ
কালৰ ই গতি ন ন ন
লয়ে চেতনা বিকাশ জীৱৰ
অস্তিত্বৰ স্থিতি ন ন ন;
ন ময় সকলো বিশ্বব্ৰহ্মাণ্ডৰ
সৃষ্টি স্থিতি লয় ন ন ন।
যি পথেই আমি যাওঁ আগবাঢ়ি
সেইতেই শুদা ন ন ন,
বাহিৰে ভিতৰে মহিমা বিভুৰে
অসীম অনন্ত ন ন ন।
⸻
(১৭) ভক্তি
অন্ধকাৰ হৃদয়ৰ
উজ্জ্বল আলোক সিটি,
সংসাৰত দিকভ্ৰান্ত
পথিকৰ লক্ষ্যগতি।
সংসাৰ মৰুৰ সিয়ে
এটুপি ফটিক জল,
নশ্বৰ দেহাৰ সিয়ে
ভৰষাৰ কেন্দ্ৰ স্থল।
মুক্তিৰ দুৱাৰদলি,
স্বৰ্গীয় প্ৰেমৰ ধাৰা,
ভৱ সাগৰৰ সেতু
জীৱনৰ ধ্ৰুবতৰা॥
মানুহৰ মনুষ্যত্ব
ধাৰ্ম্মিকৰ ধৰ্ম্ম সত্বা
হৃদয়ৰ পাদ্য অৰ্ঘ্য
সিয়েই ভজনা আষ্ঠা।
দেখিও নেদেখোঁ আমি
ভবমাতা মুগ্ধ হই,
ভকতি সেন্দুৰী খালি
ৰৰৈয়া স্বৰ্গলৈ।
⸻
(১৮) সুখ কত?
নিলগত ৰিনি ৰিনি দেখি
পৰ্ব্বত কাঠানি কেনে
মনমোহা সুখপূৰ্ণ ছবি,
দূৰ আকাশত মুখময়
জ্যোতিষ্ক মণ্ডলী চাই
আপোন পাহৰা হয় কবি।
পথাৰত শোভা গাৱঁলীয়া
পজাবাসী কৃষক জীৱন
সুখময় দেখে নাগৰিকে
কৃষকেও নগৰীয়া জাকজমকত
দেখা পায় শুদা
নাগৰিক সুখ স্বচ্ছন্দকে।
অইনত স্নেহ প্ৰেম প্ৰীতি
অনুৰাগ নিলগত
অইনেহে দেখে সুখময়,
ওচৰৰ বিঘিনি জঞ্জাল
খুঁতি–নাতি দোষ যত
নিলগত প্ৰতীতি নহয়।
কাষত সদায় পায়
আসোৱাঁহ দুখময় ‘বেয়া’-
নৰহিয়া সদায় অসুখ,
নিলগত যেনি চাবা
তেনি দেখি সুখ-পূৰ্ণ ভাল
মৰু মৰীচিকা দৃশ্য-সুখ।
⸻
(১৯) পিছলনি।
নাছিল জঞ্জাল একো খুটিবন্ধা মন,
দিওঁ আনি ওচৰতে দেনা নানা ভাৰ,—
উপাদেয় বস্তু কত ভাল ভাল বাছি,
ভাবিলো পুৰিছে তাৰ ইবেলি হেঁপাহ।
গুচালোঁ ভৰিৰ লেজু বশ হল ভাবি,
উদঙ্গীয়া মন ৰঙ্গমনে ভ্ৰমি ফুৰে।
মাতিলেও চাপি আহে বৰজাতি দেহ।
বিজতীয়া মনে লগ লগাব নোৱাৰে।
এদিন কিৰূপে গল কবই নোৱাৰোঁ,
সোমাই লোকৰ বাৰী লগালে জগৰ,
খংৰাগ কৰি তাক আনিলোঁ আগছি,
লুতুৰা পাচৰ দিনো তালৈ দিলে লৰ।
শেহত নেচাপে আৰু মন, বিগৰিল,
মাখনা হাতীৰ জানো পাৱ পিছলিল।
⸻
(২০) খঙ্গৰ ব্যৱহাৰ।
সাপৰ উঠিল মন সাধু হব লই
বিচাৰি বিচাৰি গুৰু পালে,
সৎভাবে চলিবৰ নানা উপদেশ
আদি আৰু নাম-কথা বলে।
০
এৰি দিলে খং বিষ তেতিয়াৰেপৰা,
তাতে পালে শত্ৰুৱে আশই,
কোবাই কিলাই তাক নগুৰ-নাগতি
দুষ্ট লোকে কৰিলে নথই।
০
এদিন সুধিলে সাপে গুৰু লগ পাই
প্ৰভু! মোৰ কিহব বিলাই?
আগৰ শতুৰু বোৰে ঠেকত পেলাই
এনেকুৱা কৰিছে কিলাই।
নিচিন্তো অহিত কাৰো-আপোনাৰ আজ্ঞা
প্ৰাণ ৰাখোঁ খাই গছঁপাত,
সাধু হই বিপত্তিৰ সীমা নাইকিয়া
পূৰ্ব্ব কৰ্ম্মফল কি লগাত।
গুৰুৱে মিছিকি হাঁহি দিলে সমিধান
সাপ! তই সমূলি নিৰ্ব্বোধ,
কইছিলোঁ ত্যাগ কৰা উচিত মাথোন
তোৰ লোভ মোহ কাম ক্ৰোধ।
শতুৰুক দেখি তই কিয় আশ দিলি?
সাধুৰূপ কি নুলুকালি?
সিহঁত আহোঁতে খেদি আগৰ দৰেই
ফোঁচ, ফোঁচ, কিয়, নকৰিলি?
⸻
(২১) প্ৰকৃতিয়ে মোক সাদৰিব।
নেলাগে কেৱেঁ আদৰ কৰিব
প্ৰকৃতিয়ে মোক সাদৰিব,
কৰক আটায়ে অবজ্ঞা মোক
প্ৰকৃতিয়েতো সামৰিব!
(মোৰ) নহওক যশস্যা ঐশ্বৰ্য্য-বিভূতি
অসাৰ বিষয় দৌলত ধন,
(মোক) নেলাগে ওফোন্দা মানৰ টেটোলা।
সাদৰ লুভীয়া উচ্চ মন।
ক্ষুদ্ৰ মানুহৰ ক্ষুদ্ৰ হিয়া
সকলোলৈকে ঠাই নাইকিয়া,
আহল-বহল প্ৰকৃতিৰ হিয়া
খোলা আছে কোনে আগুৰিব!
নেলাগে কেৱেঁ আদৰ কৰিব
প্ৰকৃতিয়ে মোক সাদৰিব।
⸻
(২২) নাক কোঁচখাই গল।
ভাবিছোঁ এ দনা পাপৰ ভাবনা,
—নেদেখেতো কেৱেঁ হিয়া!—
কত কি পাঙ্গিছোঁ কত কি ভাঙ্গিছোঁ।
আদি অন্ত নাইকিয়া।
চমকি উঠিলোঁ, বুজিছে বা থানে!—
কেউপিনে চালোঁ ঘুৰি,
শূইনে শূইনে গৰে গছে বনে,
দেখিলো চকু এজুৰি।
কি যে চকু হাঁয়! কেনে যে ভ্ৰুভঙ্গী
কি যে হিয়া-ভেদা দৃষ্টি!
যেনি মু’কৰিলোঁ তেনিয়ে দেখিলোঁ-
(যেন) চকুৰ বিষ সৃষ্টি!
দুচকু মুদিলোঁ তথাপি দেখিলোঁ--
চকু যে নোৰোৱা হল।
অপ্ৰস্তুত হলোঁ, লাজে ভয়ে মোৰ
নাক কোঁচ খাই গল।
⸻
(২৩) ব্ৰজহিয়া।
অন্তৰৰ প্ৰেম সুঁতি আঁৰ কৰি থোৱা
ঠেঁহ-পেঁচ খং বিষ অঁকা যবনিকা
সুলকিল উদঙ্গাই শত শত হিয়া
আঁহফলা নিঠুৰৰ যাবৰ বেলিকা।
নাজানি হিয়াৰ প্ৰীতি প্ৰেম-অনুৰাগ
প্ৰেমৰ পুৰতে থাকি প্ৰেম খাকলুৱা;
শতেক হিয়াৰ জুৰী হাঁয়! কৰি ত্যাগ
তৃষ্ণাতুৰ কি যে লই ক্ষুদ্ৰ পাণীপীয়া।
শত হৃদয়ৰ উহে বওক যমুনা,
আবেগৰ লহৰিয়ে ধৰক নাচোন,
জ্ঞানৰ পূৰ্ণিমা-জোনে বৰষক জোৎস্না
প্ৰকৃতিয়ে বিৰহৰ পিন্ধক কাচোন।
প্ৰেম আকলুৱা কানু গল যাওৰক দিয়া,
বহিব আকৌ গোপী। ইয়ে ব্ৰজহিয়া।
⸻
(২৪) বসন্তকাল।
শীতক বিদায় কৰি বছৰেক লই,
গ্ৰীষ্মক আগতলৈ হৰষিত হই,
সুখৰ বসন্তকালে
নিজ ৰাজ্য বিস্তাৰিলে,
সুখত সকলো জীৱ ৰঙ্গত ভাহিছে,
বসন্তৰ সুখ্যাতি কৰিছে।
পকা পকা পাত সৰিল ন সাজ লই
লঠামূৰা গছ বোৰ আছে থিয় হই।
বসন্তৰ বা-লাগি
ধৰিছে সুখৰ ৰাগি,
ডেওঁ কেওঁ কই দুই এটি কুঁহি মেলি
নাছিছে নতুন সাজ বুলি।
জাৰ জহ মিল হল পীড়াপীড়ি নাই,
শীতল মলয়া বাই শৰীৰ জুৰায়,
ফুলানি ফুলেৰে ভৰা
গোন্ধতে উপচি পৰা,
মৌপিয়া প্ৰাণীবোৰে গুণ-গুণ-কই
উৰিফুৰে মউ পীব লই।
মোকচা মোকচা বুলি প্ৰকৃতি সুন্দৰী
আনন্দৰে প্ৰকাশিত হয় কাছি পৰি।
নবশক্তি উলাহত
উটি জুৰ বতাহত
বাউলি বাতুলি হই চুলি তুলি মেলি
গৈছে নিজকে হাঁয়! ভুলি।
গছৰ ডালত কপৌ কপৌৱনী পৰি
পাতিছে আলচ কিবা নিজকে পাহৰি।
ইটিয়ে সিটিক'চাই
আনন্দত ভাহি যায়,
কুৰুলিত ঘূৰি ঘূৰি নাচিছে এটাই
আনটিয়ে তাকে আছে চাই।
কুলিয়ে কু উ উ বুলি কোমল মাতেৰে
পাতৰ আঁৰত থাকি কি যে গান কৰে।
সখিয়তি চৰাইয়ে
কতনো চিঞৰ ধৰে;
'কেতেকি’ ‘কেতেকি’ ডাকে কেতেকি চৰাই
এক্ষন্তকো শুতি-শাঁতি নাই।
ঈশ্বৰৰ কি যে সৃষ্টি কল্পনা সুন্দৰ
বসন্ত আনন্দময় একাল সুখৰ।
এনে আনন্দ দিনত
মত্ত হই আনন্দত
গাঁও আহাঁ সকলোৱে ঈশগুণ গান
মিলি জুৰি ভকতিৰ তান।
⸻
৫⸺নীতিথুপি।
(১)
যিটো পথে সাধু চলে লোৱাঁ সেই পথ,
নেলাগে ভাগৰ সিদ্ধি হব মনোৰথ।
(২)
নিজৰ স্বভাৱ নিতে কৰাঁ আলোচনা,
সততা পশুত্ব চোৱাঁ ৰিজাই কতনা।
(৩)
সতেৰে বিষাদ কৰা সি বহু ভালেই,
অসতেৰে সঙ্গো নেপাতিবাঁ কোনো কালেই।
(৪)
বয়সতো আগ্ৰহেৰে বিদ্যা উপাৰ্জ্জিৱাঁ,
ইকালে নোপোৱা ফল সিকালত পাবাঁ।
(৫)
ঘৰত লাগোঁতে জুই ব্যৰ্থ খনা খাল;
বিপদৰ পূৰ্ব্বে প্ৰতিকাৰ চিন্তা ভাল।
(৬)
লৰাৰো যৌক্তিক কথা নেপেলাবাঁ খেলি,
বন্তিয়েঁও পোহৰায় মাৰগলে বেলি।
(৭)
অসঞ্জাত জীৱন ৰাতিতে কিবা বাধা।
(৮)
মানুহ জনম পালোঁ সাধাঁ এনে কাম,
ইহপৰ লোক যাতে হয় কল্যাণ।
(৯)
সুৰাত নিদিৱাঁ মুখ, সুৰা মহা অৰি,
যদুবংশ ধ্বংশ হল সুৰা পান কৰি।
(১০)
কামত বিশ্বাস এৰাঁ, বিশ্বামিত্ৰ ঋষি,
কামত মোহিত হল মেনকাক দেখি।
(১১)
অনুৰক্ত নিৰ্দ্দোষীক নেৰিবাঁ এঙ্গাই,
সীতা ত্যজি ৰামে লেখা ভুঞ্জিলে অপায়।
(১২)
নহুষ পৰিল খহি ইন্দ্ৰপদ-পৰা
নেমানি অগস্ত্য; সদা সাধুক সান্দৰাঁ।
(১৩)
সৎপথ শাস্ত্ৰ মত নেৰাঁ সদাচাৰ,
শ্ৰীভ্ৰষ্ট হল দৈত্য ধৰি কদাচাৰ।
(১৪)
অবিশ্ৰান্ত বিষ্ণু চিন্তা, শৰ শয্যাগত
ভীষ্ম-দৰে ঈশ্বৰ নুভুলাঁ বিপদত।
(১৫)
ধন বস্তু শত্ৰুমিত্ৰ জিভাৰ আগত,
জিভাক চম্ভালি চলা উচিত সতত।
(১৬)
নিৰ্ধনীৰ লাহ আৰু দুৰ্ব্বলীৰ কোপ,
উপহাস মাত্ৰ ইটো জানিবা ধুৰুপ।
(১৭)
সংসাৰ খনেই বশ্য হব একে কালে,
আনৰ দোষক এৰি গুণ মাত্ৰ ললে।
(১৮)
আসক্তি, লালসা,ক্ৰোধ কৰি পৰিহাৰ,
সংসাৰত সত্যে সুখ পায় অনিবাৰ।
(১৯)
নহবাঁ, ক্ৰোধৰ বশ মহাশত্ৰু যি
ধৰ্ম্মত বঞ্চিত ভব বন্ধ-হেতু সি।
(২০)
প্ৰাণপণে সৰ্ব্বদায় কৰ্তব্য সাধিবাঁ,
প্ৰাণ যদি যায়ো অকৰ্তব্য নাসাধিবাঁ।
(২১)
এলেহুৱা মূৰ্খ হয়, মূৰ্খ ধন হীন,
নিৰ্ধনীৰ ৰত্ন নাই, বন্ধু হীন দীন।
(২২)
অনাপিচ গুণি চাই ধৰিলে কামত
নোহোৱা নৈৰাশা ফল লভিবা সতত
(২৩)
হব লগীয়াতো হব নলগা নহয়,
এই ভাবি দুশ্চিন্তাক নিদিবা আশয়।
(২৪)
শৰীৰ থাকোঁতে সুস্থ নেযাওঁতে প্ৰাণ,
সদায় সাধিবা তুমি নিজৰ কল্যাণ।
(২৫)
কৰ্ত্তব্যনে অকৰ্ত্তব্য গমি-গপি বাবাঁ,
কৰ্ত্তব্যটো হলে পাচে ধীৰেৰে কৰিবাঁ।
(২৬)
শতেক সুকৃতি হোক এক দুৰ্ম্মতিয়ে
ভ্ৰষ্ট কৰে স্ত্ৰীক যেন বন্তিকা বায়ুৱে।
( ২৭)
জ্ঞান ৰত্ন ঘটি যেয়ে নাই কৰা দান,
জ্ঞানময় ভগবান তাৰ প্ৰতি বাম।
(২৮)
জীবিকালৈ ঈশ্বৰৰ সদায় যুগুতি,
জনমিয়ে খাদ্য পায় পয়োধৰ দুটি।
(২৯)
ধনৰ টোকোনা আছে, আছে সম্পদৰ,
নোপোৱাঁ টোকোনা কতো সুখৰ মাতৰ।
সংসাৰ সমস্ত যদি শুনি মিঠা মাত,
কবলৈ কুণ্ঠিত কিয় হয় লোক তাত।
(৩০)
দ্বেষ, নিন্দা, তোষামোদ কাকো নকৰিবাঁ,
আদৰ নেপালে কাৰো ঘ-লৈ নেযাবাঁ
শিলৰ মুৰ্ত্তিয়ে তাকে নকৰা গুণত,
শিলা হৈও দেৱবাচ্য হয় মৰতত।
(৩১)
সকলোলৈ কৰা যদি প্ৰিয় অনুষ্ঠান,
শত্ৰু হীন হৈ পাবা যতে ততে মান।
মৃগেও বাঁহীৰ মাত শুনি চিকাৰীৰ,
প্ৰাণ ভয়ো এৰি হয় মোহত অধীৰ।
(৩২)
অন্যায়েৰে ধন ঘটি ধনী হোৱা থৈ
হাজাৰো দৰিদ্ৰ হোৱা ভাল অতিকই।
অমেধ্য আহাৰ ভুঞ্জি পুষ্ট হোৱাতকৈ,
নেখাই ক্ষীণোৱা সিও ভাল তাত কই।
(৩৩)
যত ঘিঁউ কাঠ দিয়াঁ দহিব অনলে
নেলাগে আমনি তাৰ যিমানেই জ্বলে।
কাম অন্তৰ্দ্দাহ অগ্নি তাৰ তৃপ্তি নাই,
ৰূপ,ৰস,গন্ধ স্পৰ্শ পালে বাঢ়ি যায়।
(৩৪)
প্ৰমদা দেখিলে লোক হয় উনমত,
মদখালে মতলীয়া হয় লোক যত।
ধন বস্তু সাঁচি থলে ৰাগি বহে তাত,
তিনি বিধ মদ তাৰ কি আছে সঞ্জাত।
(৩৫)
কি হব নিজৰ গুণ নিজে বখানিলে,
সমাজত মূৰখ বা পণ্ডিত থাকিলে।
নকলেও গুণ হলে বুজিব পণ্ডিতে,
কলেও মূৰুখে বুজি নেপায় একোতে।
(৩৬)
বিদ্যাভাস, ঔষধৰ পথ্য বিতৰণ,
যত্নেৰে কৰিৱাঁ সদা হৈ শুদ্ধমন।
পৰধন, পৰস্ত্ৰী , খলুৱাৰ সঙ্গ
উপেক্ষা কৰিবাঁ সদা শাস্ত্ৰৰ বচন।
(৩৬)
সাধুসেৱা, ধৰ্ম শাস্ত্ৰ সাধু মুখে শুনা,
সন্দেহ খুচৰি সুধি কৰাঁ আলোচনা।
পুৱাৰ ৰদত পদ্ম ফুলে যেনে কই
সিদৰে বিকাশ হব বুদ্ধি বৃত্তি চয়।
(৩৮)
একে ক্ষেত্ৰ সুম্থিৰা মউ ৰহ ঘৰা,
কিন্তু তাৰ নেমু টেঙ্গা টেঙ্গা ৰসে ভৰা।
সজ্জনে সংগ্ৰহ কৰে সৎগুণাৱলী,
অসতে ভৰায় অনিষ্টেৰে তাৰ জুলি।
(৩৯)
অসাৰ ধনৰ সাৰ ন্যায্য দান
অসাৰ বাক্যৰ জানা সত্য,
জীৱনৰ সাৰ্থকতা স্বধৰ্ম্ম কীৰিতি;
মনুষ্যত্বৰ সাধা পৰহিত্ব।
(৪০)
মহতৰ নিন্দা কৰি মূঢ় নৰে
মাত্ৰ আত্মকলুষিত কৰে।
ওপৰলৈ ছাই মুঠি চতিয়ালে
নিজৰ মূৰতে ঘূৰি পৰে।
(৪১)
কাৰ্য্যদক্ষ হলে সামান্য লোককো
সবাৱে আদৰ কৰে,
সিংহ পশুৰাজ সিও অনাদৃত,
গৰুকো লোকে আদৰে।
(৪২)
অধমক পীড়ে দুখৰ হেঁচাই,
উত্তম তালই সদাদূৰ,
অধমাঙ্গ পাদ শীত সংক্ৰান্ত
শীত মুক্ত উত্তমাঙ্গ মূৰ।
(৪৩)
এই সংসাৰত সুচিৰস্থায়ী
একোৱে হব নোৱাৰে,
দু’ এদিন মাত্ৰ চন্দ্ৰে পূৰ্ণৰূপে
সুষমা বিকাশ কৰে।
(৪৪)
অন্যৰ বুদ্ধিত চলে যিটোনৰ
নিজ বুদ্ধি গৰ্ব্ব কি?
লোকৰ গহনা খুজি পিন্ধোতাৰ
থকা ধুন মৰা সি।
(৪৫)
পরক পীড়াদি সুখ বাঞ্চোঁতাই
নিজে পৰিতাপ আৰ্জ্জে,
পৰৰ তেজ পী দুখ দিয়া জোঁকে
পীড়াত যাতনা ভুঞ্জে।
(৪৬)
নীতি বিগৰ্হিত আচৰোঁতা কণা,
কলা নীতি নুশুনোতা,
উপযুক্ত সময়ত প্ৰিয় বাক্য
কব নেজানোতা বোবা।
(৪৭)
বিনয়েৰে দান, ক্ষমাযুক্ত শৌৰ্য্য
আৰু গৰ্ব্ব হীন জ্ঞান,
দানযুক্ত বিত্ত, এই সংসাৰত,
দুৰ্লভ চাৰি প্ৰধান।
কাজুৱা চহকী, সুপথ্য ভোজীয়ে
স্বাস্থ্য লাভ কৰে নিতে;
নিৰোগীয়া সুখী, বিদ্বান উদ্যোগী,
ধম্মাৰ্থ আৰ্জ্জে বিনীতে।
(৪৯)
পূৰ নহওঁতেই কনিটি ফুটালে
পোৱালি বিফল হব,
আয়োজন পূৰ্ণ নহওঁতেই কলে,
কাৰ্য্যত বিঘ্ন ঘটিব।
(৫০)
পৰস্ব নহবাঁ, মৰ্ম্মপীড়াপ্ৰদ
বাক্য নুবুলিবাঁ কাকো,
নেৰাঁ হৰি চিন্তা, ভব-সাগৰৰ
নিমিষে তৰিবা সাঁকো।
(৫১)
বিজ্ঞান আনন্দময়
প্ৰত্যেক হিয়াতে ব্ৰহ্ম
গাখিৰত থাকে যেনে ক্ষীৰ,
মনক মঁথনি ধৰি
ভকতিৰ কৰি জৰি
মঁথি উলিওৱাঁ ব্ৰক্ষ্ম ক্ষীৰ।
⸻⸻
শামৰণি।
পৃ⦂ | শাৰী | অশুদ্ধ | শুদ্ধ | |||
১ | ১৩ | থন্দোৱাঁ | খন্দোৱাঁ | |||
২ | ৮ | কো | ঢকা | |||
৫ | ১৮ | আচকিত | আচৰিত | |||
৯ | ১০ | যেই | যে ই | |||
১৪ | ৮ | খান্য | খান্ত | |||
১৬ | ১১৷১৩৷১৫৷১৭ | (লয়ে) | (সেয়ে) | |||
ঐ | ১৯ | ৰজগুণ | সত্বগুণ | |||
ঐ | ২১ | সত্বগুণ | ৰজগুণ | |||
২০ | ৯ | হৰি! | পুৰি! | |||
২১ | ১০ | আছোঁ | আছাঁ | |||
২৩ | ১৪ | হৰি | পুৰি | |||
২৫ | ৬ | টঙ্গৰু | টঙ্গচু | |||
২৮ | ৯ | খেদাদিলি | খেদালি নি | |||
ঐ | ১২ | হিণ্টৈ | হিলৈ | |||
৩০ | ৬ | ৰচেৰা | ৰচেৰা | |||
৩১ | ১০ | কমহা | কমলা | |||
ঐ | ১৪ | আহোমতে | আহোমৰে | |||
৩৫ | ৫ | এদুজ | এদোপ | |||
৩৮ | ২০ | ৰাৰ | খাৰ | |||
৪০ | ১৯ | ভেউৰি | ডেউৰি | |||
৪৪ | ৮ | নেৰাৰাঁ | নেসাৰাঁ | |||
৪৬ | ৩ | ধাৰ | ঘৰ | |||
৪৯ | ১১ | মত | য’ত |
পৃষ্ঠা | শাৰী | অশুদ্ধ | শুদ্ধ | |||
৫০ | ৩ | চলিছে | চলিছেঁ | |||
ঐ | ১২ | সজৌ | সদৌ | |||
৫৫ | ৯ | নুঠিৰ | মুঠিৰ | |||
ঐ | ১৬ | সমাদৰ | সম্পদৰ | |||
৫৬ | ৫ | পোৱাঁ | পোৰাঁ | |||
ঐ | ১৫ | গুহেক | গুচোক | |||
ঐ | ১৬ | খৰতৰ | মৰতৰ | |||
ঐ | ২০ | হেৰুৱাউ | হেৰুৱাই | |||
৫৮ | ১০ | চোনি | হেঁচনি | |||
৬০ | ১ | কুন্তি | কুণ্ডি | |||
৬১ | ৪ | বপৰ | ৰূপক | |||
৬৩ | ২০ | জপেৰে | ৰূপেৰে | |||
৬৮ | ১৬ | বসত | বনত | |||
ঐ | ১৭ | থাকা | আশা | |||
৭২ | ১০ | লাৱৰ | নাৱৰ | |||
৭৪ | ১ | সুখ নৰকত | দুখ নৰক | |||
৭৬ | ১৮ | কাহানিলো | কাহানিলৈ | |||
৭৯ | ১০ | লয়ে | ন-য়ে | |||
৮০ | ১৫ | থালি | আলি | |||
৮৪ | ১৬ | থানে | আনে | |||
৮৭ | ২০ | জাতৰ | পাতৰ | |||
৮৯ | ১৩ | বন্তি | বস্তি | |||
৯৬ | ৬ | থকাঁ | খঁৰা |
⸻⸻
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )
- ↑ ত্যাও খামৰি স্বৰ্গদেৱে চুটীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ যাওতে বৰ কুৱঁৰীৰ গাত ৰাজ্যশাসনৰ ভাৰ থকাৰ সুযোগত আগলৈ সতীনীৰ পুত্ৰ ৰজা হব এই হিংসাত মিছা কৈয়ে ডাঙ্গৰ অপৰাধত পেলাই বৰ কুঁৱৰীয়ে সৰু কুঁৱৰীৰ প্ৰাণদণ্ডৰ আদেশ দিয়ে। বলিবলৈ নিবৰ সময়ত সগৰ্ভা দেখি বুঢ়াগোহাঁই ডাঙ্গৰীয়াই ভুৰত তুলি দিহিঙ্গত উটাই দিয়ে। তেওঁ উটি গৈ হাবুং পায়গৈ। হাবুঙতে এক বামুণৰ ঘৰত কোঁৱৰ জন্ম হয় আৰু তাতে ৯ বছৰ বয়সলৈকে থাকে। সেই কোঁৱৰ ১৩৯৮ চনত আহোম ৰাজপাটত উঠে। এৱেঁই বামুণীকোঁৱনামে খ্যাত।—পদ্মনাথ বৰুৱাৰ বুৰঞ্জী।
- ↑ ১৫২৩ চনত চুটীয়া ৰজা নীতিপালৰ সময়ত চুটীয়া ৰাজ্য আক্ৰমণ কৰি আহোম ৰাজ্যত চামিল কৰা হয়।--পদ্মনাথ বৰুৱাৰ বুৰঞ্জী।
- ↑ কলিয়াবৰৰ প্ৰথম যুদ্ধৰ সেনাপতি ফাচেঙমুঙ বৰগোহাঁইৰ ভাৰ্যা।
- ↑ পদ্মনাথ বৰুৱাৰ বুৰঞ্জী।
- ↑ চৈয়দ চানা আৰু চৈয়দ ফিৰোজ।
- ↑ “দিল্লীশ্বৰো বা জগদীশ্বৰো বা”—মহাপ্ৰতাপী মোগল ৰাজৰ আখ্যা।
- ↑ গৌহাটীৰ বৰ ফুকণ লালুকসোলা