এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি ৷
যুবতী ৰূপহী নিজে-হৰিলি যুবক,
তেও তোত নাই একো চয়,
হৃদয়ৰ বল তোৰ ভাৱনা-অতীত
কামক কৰিলি পৰাজয়।
সুৱগি নহৈও তই প্ৰেমৰ পুতলি,
নাই তোত কৃত্ৰিমতা অই,
মৰ্ত্ত্যত তুলনা তোৰ বিচাৰি নাপাওঁ
দেবীয়েইনে অপেচৰী তই?
⸻
(১১) কৃষক।
জীৱন নাৱৰ গুৰি বঠা ধৰি তুমি
সমাজক ৰাখিছাঁ জীঁয়াই,
তুমিয়ে পিতৃৰ তুল্য গোটেই দেশৰ
অন্নাহাৰ দিছাঁ সৰ্বদায়।
তোমাৰ জহতে লোকে আৰ্জ্জি বিদ্যা জ্ঞান
সমাজৰ উন্নতি সাধিছে,
তোমাৰে উৎপন্ন লই কিনাবেছা কৰি
সদাগৰে লক্ষ্মীক বান্ধিছে।
বাৰিষাৰ এটি মাহো বহি থাকাঁ যদি
দেশত লাগিব হাহাকাৰ,
সমাজ বান্ধনি কেনি পৰিব উফৰি
উন্নতিও হব চাৰখাৰ।
তোমাৰ সমান নাই দেশ হিতকৰ
প্ৰাণদাতা সকলো নৰৰ,
৭২