পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাণী বন্দনা

বাণী বন্দনা। প্ৰণামো জ্ঞানাধিষ্ঠাত্ৰী দেবী বীণাপাণি! বুলোৱাঁ আঙ্গুলি আই! লৰোৱাঁ এবাৰ, প্ৰতিভা বীণৰ তাঁৰ, উঠক কঁপনি, ব্যোম ভেদি, হোক তবু মহিমা প্ৰচাৰ।

       *

বজোৱাঁ বীণত আই। জ্ঞান-কৰ্ম্ম-প্ৰেম, মানুহৰ হিয়া-তন্ত্ৰী কঁপি সপ্তসুৰে বই গই নবৰস ব্ৰহ্মাণ্ডক ভেদি হিয়ায় হিয়ায় যেন একোকণি জৰে।

       *

জগোৱাঁ জগোৱাঁ আই! জগোৱাঁ বীণেৰে, দীপ্ত হোক নৰ-হিয়া জ্ঞান-আলোকত, জীৱন প্ৰভাত বুলি উঠক মানৱ; স্বৰগৰ শান্তিধাৰা বওক মৰ্ত্তত|