সমললৈ যাওক

পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি।
 

  উন্নতিয়েই যে অধোগতি-পথ
 মানুহে তেতিয়া বুজি লব;
  (এই ) সৃষ্টি তোমাৰ উলটিব।

*


।মানুহে) এৰিব তেতিয়া হিংসা খিয়াল
 দম্ভ অভিমান ,
  অসৎ কামনা উচ্চ আকাঙ্খা
  জটীল চিন্তা আন।
  সৰল পবিত্ৰ সুবিমল হিয়া
  মানুহে তেতিয়া বাঞ্ছিব,
সত্য যুগৰ জেউতি ছটাই
ধৰাক তেতিয়া পোহৰাব।
  বিশ্ব প্ৰকৃতিয়ে কলপ সলাব,
  সৃষ্টি তেতিয়া উলটিব,
  সৃষ্টি তোমাৰ উলটিৰ প্ৰভু।
তোমাৰ সৃষ্টি উলটিব।


১২


ইচ্ছা মতে লৰোঁচৰোঁ
  আকাশ শূন্য বুলি,
প্ৰভূ! তোমাৰ দয়াৰ উদাৰ আকাৰ
 আকাশ দয়াৰ থলি।

*


ৰিব্ ৰিব্ ৰিব্ বলে বতাহ
  প্ৰভু! বতাহ তোমাৰ দয়া,