সমললৈ যাওক

পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি।
 

ধন বস্তু সাঁচি থলে ৰাগি বহে তাত,
তিনি বিধ মদ তাৰ কি আছে সঞ্জাত।
 (৩৫)
কি হব নিজৰ গুণ নিজে বখানিলে,
সমাজত মূৰখ বা পণ্ডিত থাকিলে।
নকলেও গুণ হলে বুজিব পণ্ডিতে,
কলেও মূৰুখে বুজি নেপায় একোতে।
 (৩৬)
বিদ্যাভাস, ঔষধৰ পথ্য বিতৰণ,
যত্নেৰে কৰিৱাঁ সদা হৈ শুদ্ধমন।
পৰধন, পৰস্ত্ৰী , খলুৱাৰ সঙ্গ
উপেক্ষা কৰিবাঁ সদা শাস্ত্ৰৰ বচন।
 (৩৬)
সাধুসেৱা, ধৰ্ম শাস্ত্ৰ সাধু মুখে শুনা,
সন্দেহ খুচৰি সুধি কৰাঁ আলোচনা।
পুৱাৰ ৰদত পদ্ম ফুলে যেনে কই
সিদৰে বিকাশ হব বুদ্ধি বৃত্তি চয়।
 (৩৮)
একে ক্ষেত্ৰ সুম্থিৰা মউ ৰহ ঘৰা,
কিন্তু তাৰ নেমু টেঙ্গা টেঙ্গা ৰসে ভৰা।
সজ্জনে সংগ্ৰহ কৰে সৎগুণাৱলী,
অসতে ভৰায় অনিষ্টেৰে তাৰ জুলি।

৯৪